বহু কোটি টকা জালিয়াতিৰ অপৰাধত আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ যুৱক
কোটি টকাৰ জালিয়াতিৰ অভিযোগত নিউ জাৰ্ছিৰ জাৰ্ছি চিটীত বাস কৰা গুজৰাটৰ বাসিন্দা জে সুনীল ভাৰতী গোস্বামীক কাটাৰলৈ পলায়ন কৰা সময়তে কানাডাত আটক কৰা হয় ।

Published : August 22, 2026 at 11:07 AM IST
নিউয়ৰ্ক : আমেৰিকাত এজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কেবাগৰাকীও বৃদ্ধ ভুক্তভোগীক লক্ষ্য কৰি বহু কোটি টকাৰ জালিয়াতি কৰা বুলি উত্থাপন হোৱা অভিযোগতে ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰা হৈছে ।
জানিব পৰা মতে, এই অভিযোগ উত্থাপন হোৱাৰ পাছতে নিউ জাৰ্ছিৰ জাৰ্ছি চিটীত বাস কৰা গুজৰাটৰ বাসিন্দা ২১ বছৰীয়া সুনীল ভাৰতী গোস্বামীয়ে কাটাৰলৈ পলায়ন কৰে ৷ অৱশ্যে আৰক্ষীয়ে অভিযুক্ত সুনীল ভাৰতী গোস্বামীক কানাডাত আটক কৰিবলৈ সক্ষম হয় ৷
তেওঁৰ বিৰুদ্ধে জালিয়াতি, ধন সৰবৰাহ আদি কেবাটাও ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল । শুকুৰবাৰে আমেৰিকাৰ এটৰ্নী মাইকেল ডিজিয়াকোমোৱে কয় যে এই অভিযোগত দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে ।
সংবাদ সংস্থা PTI-এ উল্লেখ কৰা মতে, ১৭ আগষ্টত আমেৰিকাৰ দণ্ডাধীশ ন্যায়াধীশ মাৰ্ক পেডাৰছনৰ সন্মুখত হাজিৰ হোৱা গোস্বামীক চৰ্তসাপেক্ষে মুকলি কৰি দিয়া হয় । ইয়াৰে এদিন পাছত তেওঁ কানাডালৈ পাৰ হৈ যায় । গোস্বামীয়ে ১৮ আগষ্টৰ সন্ধিয়া টৰণ্ট’ৰ পৰা কাটাৰৰ ডোহালৈ বিমান বুকিং কৰিছিল । আইন প্ৰয়োগকাৰী সংস্থাই এই কথা জানিব পাৰি কানাডা কৰ্তৃপক্ষই টৰণ্ট’ পিয়ৰচন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গোস্বামীক আটক কৰে আৰু ২০ আগষ্টত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ৷
অপৰাধমূলক অভিযোগ অনুসৰি IRS ৰ অপৰাধ অনুসন্ধান বিভাগে ২০২৬ চনৰ জানুৱাৰী মাহত নিউয়ৰ্কৰ পশ্চিম জিলা আৰু আমেৰিকাৰ অন্যান্য ঠাইত বৃদ্ধ ভুক্তভোগীক লক্ষ্য কৰি ইণ্টাৰনেট আৰু টেলিফোন ভিত্তিক জালিয়াতিৰে বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰিছিল বুলি জানিব পাৰে ।
অভিযোগ অনুসৰি, অভিযুক্ত গোস্বামীয়ে ভুক্তভোগীসকলক তেওঁলোকৰ বেংক একাউণ্ট, ধন বা ব্যক্তিগত তথ্যৰ লগত আপোচ কৰে । এই বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰে ৷
ন্যায় বিভাগে জনোৱা মতে, যেতিয়া নগদ ধন বা সোণৰ কথা জড়িত হৈ পৰিছিল, তেতিয়া অভিযুক্তই জালিয়াতিৰে ভুক্তভোগীৰ পৰা মূল্যৱান সামগ্ৰী সংগ্ৰহ কৰি ক’লা ব্যৱসায়ীক বিক্ৰী কৰা বা যোগান ধৰা বুলি অভিযোগ উঠিছে ।
অভিযোগ অনুসৰি, গোস্বামীয়ে ধনৰ জালিয়াতিৰ কাম কৰিছিল, ব্যক্তিগতভাৱে নিউয়ৰ্ক আৰু নিউ জাৰ্ছিৰ বহু বৃদ্ধ ভুক্তভোগীৰ পৰা কমেও ৯বাৰ নগদ ধন আৰু সোণ সংগ্ৰহ কৰিছিল । অভিযোগ অনুসৰি ৫৯ৰ পৰা ৮৭ বছৰ বয়সৰ এই ৯ জন লোকে তেওঁক মুঠতে প্ৰায় ৭৫ লাখ মাৰ্কিন ডলাৰ দিছিল ৷
অভিযোগত এইটোও উল্লেখ কৰা হৈছে যে গোস্বামীয়ে আমেৰিকাত বেংক একাউণ্ট খুলি ২০২৫ চনৰ ১ আগষ্টৰ পৰা ২০২৬ চনৰ ৬ এপ্ৰিলৰ ভিতৰত ৯০ হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক নগদ ধন জমা কৰিছিল । তদন্তকাৰীৰ মতে, এই জমা ধন, জালিয়তি টকাৰ হিচাপৰ সৈতে সামঞ্জস্য আছে ।

