ৰাষ্ট্ৰসংঘৰ বৈঠকত ৰোহিংগীয়া শৰণাৰ্থীৰ কথা কি কি ক'লে দিলীপ শইকীয়াই ?
পহলগামৰ আক্ৰমণৰ পিছত ম্যানমাৰৰ কোনো ব্যক্তি এই আক্ৰমণত জড়িত নহ’লেও ভাৰতত থকা শৰণাৰ্থীসকলৰ ওপৰত পৰিছে চাপ - ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী কৰা হৈছে এই কথা ৷

Published : October 29, 2025 at 2:07 PM IST
ৰাষ্ট্ৰসংঘ: চলিত বৰ্ষৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণে ম্যানমাৰৰ ৰোহিংগীয়া প্ৰব্ৰজনকাৰীৰ ব্যৱহাৰত প্ৰভাৱ পেলোৱা বুলি দাবী কৰা মানৱ অধিকাৰৰ প্ৰতিবেদনক ভাৰতে পক্ষপাতমূলক আৰু সাম্প্ৰদায়িক বুলি কঠোৰভাৱে গৰিহণা দিছে ।
বিজেপিৰ সাংসদ দিলীপ শইকীয়াই মঙলবাৰে কয়, ‘‘২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ভূক্তভোগীৰ প্ৰতি পক্ষপাতমূলক সাম্প্ৰদায়িক দৃষ্টিভংগীৰ জৰিয়তে এছ আৰে(বিশেষ প্ৰতিবেদক) গ্ৰহণ কৰা পক্ষপাতমূলক পন্থাক মই তীব্ৰ গৰিহণা দিছো ।’’
ম্যানমাৰত মানৱ অধিকাৰ সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি সাংসদ শইকীয়াই কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণে ম্যানমাৰৰ পৰা স্থানান্তৰিত লোকসকলক প্ৰভাৱিত কৰিছিল বুলি উত্থাপন কৰা অভিযোগৰ কোনো বাস্তৱিক সত্যাসত্যতা নাই । সাংসদগৰাকীয়ে ম্যানমাৰৰ মানৱ অধিকাৰৰ বিশেষ প্ৰতিবেদক থমাছ এণ্ড্ৰুজে ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যিজন আমেৰিকাৰ ডেম’ক্ৰেট ৰাজনীতিবিদৰ পৰা হাৰ্ভাৰ্ডৰ একাডেমিকলৈ পৰিণত হৈছিল ।
‘‘মোৰ দেশে বিশেষ প্ৰতিবেদকৰ এনে পক্ষপাতিত্বমূলক আৰু সংকীৰ্ণ বিশ্লেষণ নস্যাৎ কৰে”, শইকীয়াই কয় । সাধাৰণ পৰিষদত ভাৰতৰ প্ৰতিনিধি দলত যোগদান কৰা সাংসদসকলৰ ভিতৰত দিলীপ শইকীয়া অন্যতম । ভাৰতত থকা ৰহিংগীয়াসকলৰ কথা উল্লেখ কৰি শইকীয়াই কয়, ‘‘মোৰ দেশত স্থানচ্যুত লোকসকলৰ মাজত উগ্ৰবাদৰ এক ভয়ংকৰ মাত্ৰা দেখা গৈছে ৷ যাৰ ফলত আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত হেঁচা আৰু প্ৰভাৱ পৰিছে ।’’
ম্যানমাৰৰ সংকটৰ আঁৰৰ ৰোহিংগীয়া সংগঠনটো হৈছে কৰাচীত জন্মগ্ৰহণ কৰা ৰোহিংগীয়া আটাউল্লাহ আবু আম্মাৰ জুনুনিৰ নেতৃত্বত আৰাকান ৰোহিংগীয়া ছেলভেচন আৰ্মী(ARSA) । ২০১৭ চনৰ আগষ্ট মাহত ম্যানমাৰত আৰছাই হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক আক্ৰমণ চলাইছিল ৷ এই আক্ৰমণত ৯৯ জন পুৰুষ-মহিলা আৰু শিশুক হত্যা কৰিছিল আৰু আন কেইবাজনকো অপহৰণ কৰিছিল বুলি এমনেষ্টী ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰিছে ।
চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত শইকীয়াই কয় যে ভাৰতে হিংসা শীঘ্ৰে বন্ধ কৰা, ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া, মানৱীয় সাহায্যৰ নিৰৱচ্ছিন্ন যোগান আৰু সৰ্বাংগীন ৰাজনৈতিক আলোচনাৰ পক্ষপাতী । তেওঁ কয়, ‘‘আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে সৰ্বাংগীণ ৰাজনৈতিক আলোচনা আৰু বিশ্বাসযোগ্য আৰু অংশগ্ৰহণমূলক নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ আগতীয়াকৈ পুনৰ আৰম্ভ কৰাৰ জৰিয়তেহে স্থায়ী শান্তি নিশ্চিত কৰিব পৰা যাব ।’’
সাংসদগৰাকীৰ মন্তব্যৰ বিপৰীতে এণ্ড্ৰুজে দাবী কৰিছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ম্যানমাৰৰ কোনো ব্যক্তি এই আক্ৰমণত জড়িত নহ’লেও ভাৰতত ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীসকলৰ ওপৰত তীব্ৰ হেঁচা পৰিছে ।
পহলগামৰ ঘটনাক সাম্প্ৰদায়িকতাৰ ৰূপ দি তেওঁ কয় যে সন্ত্ৰাসবাদীয়ে হিন্দু পৰ্যটকসকলৰ ওপৰত আক্ৰমণ চলাইছিল ৷ সন্ত্ৰাসবাদীৰ উদ্দেশ্য যদিও হিন্দু সম্প্ৰদায়ৰ লোকসকলক হত্যা কৰাটো আছিল, নিহত লোকসকলৰ ভিতৰত এজন খ্ৰীষ্টানধৰ্মী লোকো আছিল । এণ্ড্ৰুজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শইকীয়াই কয়, ‘‘এনে অসত্য আৰু পক্ষপাতমূলক সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিব ৷ যাৰ একমাত্ৰ উদ্দেশ্য মোৰ দেশক বদনাম কৰা যেন অনুভৱ হৈছে ৷ য’ত ২০ কোটিতকৈ অধিক মুছলমানকে ধৰি সকলো ধৰ্মৰ লোকে বাস কৰে, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ প্ৰায় ১০ শতাংশ ৷’’
বিশেষ প্ৰতিবেদক হ’ল ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে দেশসমূহৰ মানৱ অধিকাৰৰ পৰিস্থিতি বা বিষয়সমূহ নিৰীক্ষণ কৰিবলৈ নিযুক্তি দিয়া বিনা বেতনৰ স্বতন্ত্ৰ বিশেষজ্ঞ আৰু ইয়াত সচিব প্ৰধান বা ৰাষ্ট্ৰসংঘৰ মতামত প্ৰতিফলিত হোৱাটো বাধ্যতামূলক নহয় । এণ্ড্ৰুজ আমেৰিকাৰ কংগ্ৰেছৰ ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাক্তন সদস্য আৰু বৰ্তমানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূব এছিয়া মানৱ অধিকাৰ প্ৰকল্পৰ পৰিচালক ।
তেওঁ কয়, ‘‘ৰোহিংগীয়া শৰণাৰ্থীসকলে মোক জনাইছে যে যোৱা কেইমাহমানত তেওঁলোকক ভাৰতীয় কৰ্তৃপক্ষই মাতিছে, আটক কৰিছে, জেৰা কৰিছে আৰু বিতাড়নৰ ভাবুকি দিছে ।’’ তেওঁ অভিযোগ কৰে যে প্ৰায় ৪০ জন ৰোহিংগীয়া শৰণাৰ্থীক সাগৰৰ মাজেৰে লৈ গৈ ম্যানমাৰৰ উপকূলত এৰি দিয়াৰ বিপৰীতে আন কিছুমানক বাংলাদেশলৈ বিতাড়িত কৰা হৈছে । ২০১৭ চনৰ আগষ্ট মাহত ম্যানমাৰৰ নিৰাপত্তা শিবিৰত সন্ত্ৰাসবাদী সংগঠন আৰছা(ARSA)ৰ আক্ৰমণৰ পিছত ৰোহিংগীয়াৰ পলায়ন আৰম্ভ হৈছিল, যাৰ ফলত ব্যাপক প্ৰতিশোধমূলক অভিযান চলোৱা হৈছিল ৷
লগতে পঢ়ক: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পাকিস্তান সেনাৰ অভিযান; ২৫ সন্ত্ৰাসবাদী নিহত

