ফ্ৰান্সত নৰেন্দ্ৰ মোদী: ভাৰতীয় প্ৰযুক্তিখণ্ডৰ বিকাশৰ অৱলোকন ভাৰত ইনোভেটছত
শনিবাৰে নিশা নাইচত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত ইনোভেটছ হৈছে বিশ্বৰ বাবে ভাৰতৰ সৈতে যোগ দি উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায় গঢ় দিয়াৰ এক আমন্ত্ৰণ ।


Published : June 14, 2026 at 6:57 PM IST
নতুন দিল্লী: বিদেশ ভ্ৰমণৰ কাৰ্যসূচী লৈ ফ্ৰান্সত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উষ্ম আদৰণি জনায় । দ্বিপাক্ষিক যোগাযোগ আৰু ‘ভাৰত ইনোভেটছ’ অনুষ্ঠানৰ যৌথ উদ্বোধনীৰ পূৰ্বে দুয়োগৰাকী নেতাই সৌহাৰ্দমূলক অভিবাদন জনায় । ইয়াৰ কিছু সময়ৰ পাছতে দুয়োজনে যৌথভাৱে ‘ভাৰত ইনোভেটছ’ উদ্বোধন কৰে ৷ এয়া হৈছে ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ আগশাৰীৰ ষ্টাৰ্টআপ আৰু ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহক একত্ৰিত কৰা এক বৃহৎ বিশ্বব্যাপী অনুষ্ঠান ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এতিয়া কেৱল বিশ্বব্যাপী সমাধানৰ গ্ৰাহক নহয়, বৰঞ্চ ইয়াৰ বাবে এক ডাঙৰ অৱদান ৷ উদ্ভাৱন আৰু প্ৰযুক্তিৰ জৰিয়তে বিশ্বৰ বহনক্ষম ভৱিষ্যতৰ বাবে নতুন দিল্লীৰ দৃষ্টিভংগী দাঙি ধৰে মোদীয়ে ।
শনিবাৰে নিশা নাইচত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত ইনোভেটছ হৈছে বিশ্বৰ বাবে ভাৰতৰ সৈতে যোগ দি বিশ্বৰ উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায় গঢ় দিয়াৰ এক আমন্ত্ৰণ । প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যুৱ উদ্ভাৱকসকলে এনে সমাধান বিচাৰিছে যিয়ে সকলো মানৱ জাতিক উপকৃত কৰিব পাৰে ।
Speaking at the Bharat Innovates programme in France. Innovation, technology and the aspirations of our youth are driving India’s transformation and shaping the future.@BharatInnov2026
— Narendra Modi (@narendramodi) June 14, 2026
https://t.co/66fM69ixSl
ভাষণত মোদীয়ে উচ্চ প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু উদ্ভাৱনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণখণ্ডত তেওঁৰ চৰকাৰৰ সংস্কাৰৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰে । তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ ‘ৰিফৰ্ম এক্সপ্ৰেছ’ বন্ধ নহয়, চলি থাকিব । মোদীয়ে কয় যে এদশক আগতে বিশ্বই ভাৰতক প্ৰযুক্তি গ্ৰহণকাৰী হিচাপে চাইছিল যদিও এতিয়া দেশখনে প্ৰযুক্তি নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰিছে ।
ভাৰত-ফ্ৰান্সৰ সম্পৰ্কৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে গভীৰভাৱে আলোচনা কৰে । তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজত এক সম্পৰ্ক আছে যিটো মূল্যবোধ আৰু উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে ।

মোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সৰ একাধিক ক্ষেত্ৰত অংশীদাৰিত্ব আছে । তেওঁ কয়, "এই সম্পৰ্কত সংযোগ, প্ৰত্যয়, উদ্ভাৱন, প্ৰেৰণা, মূল্যবোধ আৰু দৃষ্টিভংগী আছে । এই সম্পৰ্কৰ ভেটিৰ ভিত্তিত আমি একেলগে নতুন পদক্ষেপ আৰম্ভ কৰিছোঁ আৰু বিগত কেইবছৰমানৰ পৰা নতুন ধাৰণাক পথ প্ৰদৰ্শন কৰিছোঁ ।"
Happy to meet you in Nice, my friend President Macron. Thank you for taking part in ‘Bharat Innovates’ at a time when our nations are marking the ‘Year of Innovation.’@EmmanuelMacron pic.twitter.com/dgeuKiaFd8
— Narendra Modi (@narendramodi) June 14, 2026
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সৌৰশক্তি আৰু এআইৰ ক্ষেত্ৰকে ধৰি বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে দুয়োখন দেশে প্ৰচেষ্টা চলাইছে । তেওঁ কয়, ‘‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা হওক, এআই সম্পৰ্কীয় আলোচনা হওক, আমাৰ দুয়োখন ৰাষ্ট্ৰই মানৱতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি একেলগে কাম কৰিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ আৰম্ভ কৰা হ’ল । মই আনন্দিত যে আজি আমি ফ্ৰান্সৰ সৈতে ‘ভাৰত ইনোভেটছ’ উদ্বোধন কৰিছোঁ ।’’
ৰাষ্ট্ৰপতি মেক্ৰনে তেওঁৰ ভাষণত কয় যে ফ্ৰান্সে মেক-ইন-ইণ্ডিয়া পদক্ষেপক সন্মান কৰে আৰু পেৰিছ বিভিন্ন খণ্ডত ইয়াৰ অংশ হৈ আহিছে । ভাৰতক “উদ্ভাৱনৰ দেশ” বুলি অভিহিত কৰি তেওঁ কয় যে এআই আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল খণ্ডত নতুন দিল্লী আৰু পেৰিছৰ মাজত “প্ৰকৃত অংশীদাৰিত্ব” আছে ।
ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ ক্ষেত্ৰকে ধৰি অসামৰিক পাৰমাণৱিক শক্তি খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ পৰিসৰ আছে বুলিও তেওঁ কয় ।
ভাৰত ইনোভেটছত বিশ্বৰ চিইঅ’ আৰু উদ্যোগৰ নেতাসকলৰ উপৰিও প্ৰায় ১২০ জন ভাৰতীয় উদ্ভাৱক, প্ৰায় ১৫টা উচ্চ শিক্ষা প্ৰতিষ্ঠান (এইচ ই আই), আৰু আগশাৰীৰ কৰ্পৰেট আৰু ভেঞ্চাৰ কেপিটেল ফাৰ্মকে ধৰি ৫০০ৰো অধিক বিনিয়োগকাৰীয়ে অংশ লৈছে ।
Bharat Innovates is an invitation to the world to co-create the next chapter of global innovation with India. pic.twitter.com/Yfmx2v1kVF
— PMO India (@PMOIndia) June 14, 2026
এই অনুষ্ঠানত উন্নত কম্পিউটিং, অৰ্ধপৰিবাহী, মহাকাশ প্ৰযুক্তি, জৈৱ প্ৰযুক্তি, শক্তি, স্বাস্থ্যসেৱা আৰু উৎপাদনৰ ক্ষেত্ৰসমূহ সামৰি লোৱা হয় আৰু উদ্ভাৱন আৰু গভীৰ প্ৰযুক্তিৰ পৰিৱেশ তন্ত্ৰৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হয় । এই অনুষ্ঠানটোক চলি থকা "ভাৰত-ফ্ৰান্স উদ্ভাৱন বছৰ"ৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে ।
১৪-১৬ জুনত দ্বিপাক্ষিক ভ্ৰমণৰ বাবে শ্লোভাকিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী ৷ তাৰ পাছত ১৬-১৮ জুনত দুদিনীয়াকৈ ফ্ৰান্সলৈ উভতি আহি ইভিয়ানত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি পেৰিছত ভ্ৰমণৰ সামৰণি মাৰিব ।
লগতে পঢ়ক: ভাৰতীয় নাৱিকৰ মৃত্যুক লৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ ওচৰত তীব্ৰ প্ৰতিবাদ এছ জয়শংকৰৰ

