ভাৰতে যিমান বিচাৰে সিমান তেল দিবলৈ আমি সাজু : আমেৰিকাৰ বিদেশ মন্ত্ৰী
ভাৰতক ইন্ধন বিক্ৰী কৰিবলৈ সাজু আমেৰিকা ৷ ভাৰত আমেৰিকাৰ বিশেষ বন্ধু বুলি উল্লেখ কৰি ইন্ধন বিক্ৰী সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই৷

Published : May 22, 2026 at 11:41 AM IST
ৱাশ্বিংটন : এইবাৰ ভাৰতলৈ আহিব আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ ৷ ভাৰত ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে এক উল্লেখযোগ্য বক্তব্য কৰিছে । তেওঁ উল্লেখ কৰে যে আমেৰিকাই ভাৰতক তেল বিক্ৰী কৰিবলৈ সাজু । তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতক যিমান তেলৰ প্ৰয়োজন, সিমান প্ৰদান কৰিবলৈ তেওঁলোক ইচ্ছুক । ভাৰত ভ্ৰমণৰ পূৰ্বে ৰুবিঅ’ৰ এই বক্তব্যই এক উল্লেখযোগ্য তাৎপৰ্য বহন কৰিছে ।
খবৰ অনুসৰি, চলিত মাহৰ ২৩ মে’ৰ পৰা ২৬ মে’লৈ ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে । এই সময়ছোৱাত তেওঁ কলকাতা, আগ্ৰা, জয়পুৰ আৰু ৰাজধানী দিল্লীও ভ্ৰমণ কৰিব । মিয়ামীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰুবিঅ’ই এই মন্তব্য কৰে । ভাৰতক তেওঁ মিত্ৰ আৰু অংশীদাৰ বুলিও অভিহিত কৰে ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰশংসা কৰাৰ সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণৰ বাবে যথেষ্ট উৎসাহ প্ৰকাশ কৰে । ছুইডেন আৰু ভাৰত ভ্ৰমণলৈ যোৱা ৰুবিঅ’ই মিয়ামীত কয়, “তেওঁলোকে যিমান তেল কিনিব বিচাৰে আমি সিমান তেল বিক্ৰী কৰিবলৈ সাজু আৰু স্পষ্টভাৱে আপুনি দেখিছে যে মই ভাবো আমি আমেৰিকাৰ উৎপাদন আৰু ৰপ্তানিৰ ঐতিহাসিক স্তৰত আছো ।”
SECRETARY RUBIO on his INDIA TRIP: There’s a lot to work on with India, they’re a great ally and partner. We do a lot of good work with them so this is an important trip. pic.twitter.com/6NcHqmQ8mB
— Department of State (@StateDept) May 21, 2026
বিদেশ সচিবগৰাকীয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মাধ্যমেৰে ভাৰতৰ শক্তি সুৰক্ষা পৰ্টফলিঅ’ (Energy Security Portfolio) শক্তিশালী কৰাৰ বাবে ৱাশ্বিংটনৰ ইচ্ছাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ ফলত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় তেলৰ চাপক স্বীকাৰ কৰে ।
ৰুবিঅ'ই কয়, ‘‘আমি আৰু অধিক কাম কৰিব বিচাৰো । আমি ইতিমধ্যে তেওঁলোকৰ সৈতে আৰু অধিক কাম কৰাৰ বিষয়ে কথা পাতিছো । আমি বিচাৰো যে সেইটো তেওঁলোকৰ পৰ্টফলিঅ'ৰ এটা ডাঙৰ অংশ হওক ।’’
সংবাদ সংস্থা PTI-ৰ তথ্য অনুসৰি মাৰ্কো ৰুবিঅ’ই কয় যে তেওঁৰ ভাৰত ভ্ৰমণ তেওঁৰ লগতে আমেৰিকা উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ভ্ৰমণৰ সময়ত তেওঁ কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ দেশৰ মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰিব ।
ৰুবিঅ’ই আৰু কয়, ‘‘কোৱাড দেশসমূহ অতি ভাল মিত্ৰ, অতি ভাল অংশীদাৰ । আমি তেওঁলোকৰ সৈতে বহুত ভাল কাম কৰো আৰু সেয়েহে এইটো এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ । আমি এই কামটো কৰিবলৈ সক্ষম হোৱাত মই আনন্দিত কাৰণ মই ভাবো আমাৰ বহুত আলোচনা হ’ব ।’’
মন কৰিবলগীয়া যে অহা ২৬ মে’ত কোৱাড দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব । এই সন্মিলনৰ সভাপতিত্ব কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ।
আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে বহুপক্ষীয় স্থাপত্যৰ ভিতৰত দুয়োখন গণতন্ত্ৰৰ মাজত গভীৰ প্ৰতিষ্ঠানিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আৰু গুৰুত্ব আৰোপ কৰে । ৰুবিঅ'ই লগতে কয়, "আমি তাত কোৱাডৰ সৈতেও সাক্ষাৎ কৰিম, যিটো বহু গুৰুত্বপূৰ্ণ । মই ভাবো যে বিদেশ সচিব হিচাপে মোৰ প্ৰথম সাক্ষাৎকাৰ আছিল কোৱাডৰ সৈতে । মই আনন্দিত যে আমি এতিয়া ভাৰতত সেইটো কৰিবলৈ সক্ষম হৈছো আৰু এই বছৰৰ শেষৰ ফালে আমাৰ আন এখন বৈঠক হ'ব ।"

