সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত ভাৰত
ভাৰতৰ তিনি বছৰীয়া কাৰ্যকাল ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ।

By PTI
Published : October 17, 2025 at 7:10 PM IST
নিউয়ৰ্ক : ২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ (UNHRC) নিৰ্বাচিত হৈছে ভাৰত । ইয়াৰ লগে লগে জেনেভাস্থিত মানৱ অধিকাৰ সংস্থাটোত সপ্তমটো কাৰ্যকালৰ বাবে দেশে প্ৰতিনিধিত্ব কৰিব ।
মঙলবাৰে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি ইউ এন এইচ আৰ চিয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে ভাৰতৰ তিনি বছৰীয়া কাৰ্যকাল ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে সকলো প্ৰতিনিধি দলকে তেওঁলোকৰ আন্তৰিক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "ভাৰত আজি সপ্তমবাৰৰ বাবে ২০২৬-২৮ বৰ্ষৰ বাবে মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত হৈছে ।"
এই নিৰ্বাচনে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি ভাৰতৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলিও কূটনীতিবিদগৰাকীয়ে লগতে কয় । তেওঁ কয়, "আমি আমাৰ কাৰ্যকালত এই উদ্দেশ্য পূৰণ কৰিবলৈ আগ্ৰহী ।"
৪৭ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ন্যায্য ভৌগোলিক বিতৰণ নিয়মৰ অধীনত তিনি বছৰৰ বাবে নিৰ্বাচিত কৰে ।
কাউন্সিলৰ আসনসমূহ পাঁচটা আঞ্চলিক গোটক তলত দিয়া ধৰণে আবণ্টন দিয়া হৈছে : আফ্ৰিকান ৰাষ্ট্ৰ- ১৩ খন আসন; এছিয়া-পেচিফিক ৰাষ্ট্ৰ- ১৩ খন আসন; পূব ইউৰোপীয় ৰাষ্ট্ৰ- ৬ খন আসন; লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰ- ৮ খন আসন আৰু পশ্চিম ইউৰোপীয় আৰু অন্যান্য ৰাষ্ট্ৰ- ৭ খন আসন ।
ভাৰতে অন্তিমবাৰ ২০২৪ চনত ইউ এন এইচ আৰ চিত একেৰাহে দুটা কাৰ্যকালৰ পিছত সেৱা আগবঢ়াইছিল । কিন্তু তৃতীয় পোনপটীয়া কাৰ্যকালৰ বাবে প্ৰতিবন্ধকতাৰ নীতি থকাৰ বাবে ২০২৬-২৮ চনৰ কাৰ্যকালৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই বছৰ বিৰত আছিল ।
২০১১, ২০১৮ আৰু ২০২৫ চনত তিনিটা বাধ্যতামূলক বিৰতিৰ বাহিৰে ২০০৬ চনত কাউন্সিল গঠনৰ পৰাই ভাৰত অবিৰতভাৱে কাউন্সিলৰ সদস্য হৈ আহিছে । ২০০৬ চনৰ প্ৰথম কাউন্সিল নিৰ্বাচনত ভাৰত ১৯০ টা ভোটৰ ভিতৰত ১৭৩ টা সৰ্বাধিক ভোট লাভ কৰি নিৰ্বাচিত হৈছিল । তাৰ পিছৰ পৰা ভাৰতৰ ছটা কাৰ্যকাল ২০০৬–২০০৭, ২০০৮–২০১০, ২০১২–২০১৪, ২০১৫–২০১৭, ২০১৯–২০২১ আৰু ২০২২–২০২৪ চনত আছিল ।
ইউ এন এইচ আৰ চিয়ে জনোৱা মতে, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তিনি বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা আন সদস্য ৰাষ্ট্ৰসমূহ হৈছে এংগোলা, চিলি, ইকুৱেডৰ, ইজিপ্ত, ইষ্ট’নিয়া, ইৰাক, ইটালী, মৰিচাছ, পাকিস্তান, শ্লোভেনিয়া, দক্ষিণ আফ্ৰিকা, ব্ৰিটেইন আৰু ভিয়েটনাম ।

