ETV Bharat / international

পাকিস্তানে সন্ত্ৰাসবাদক ৰাষ্ট্ৰনীতি কৰি লৈছে : বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত ৰাষ্ট্ৰসংঘৰ ভূমিকাক সমালোচনা ভাৰতৰ

ভাৰতে দায়িত্বৰ পৰা বলপূৰ্বকভাৱে পৰিত্ৰাণ পাবলৈ পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্য়ন সেন্দূৰ আৰম্ভ কৰিছিল ৷ ক'লে পাকিস্তানৰ প্ৰতিনিধিয়ে ।

India's Permanent Representative to the UN, Ambassador Harish Parvathaneni
ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনী (Collected from India at the UN's Ex-Handle)
author img

By ANI

Published : January 27, 2026 at 1:26 PM IST

4 Min Read
Choose ETV Bharat

নিউয়ৰ্ক : আন্তৰ্জাতিক মঞ্চত অপাৰেশ্য়ন সেন্দূৰক লৈ পাকিস্তানৰ অপপ্ৰচাৰ অব্য়াহত থকাৰ সময়তে ভাৰতে উভতি ধৰিছে পাকিস্তানক । পাকিস্তানে সদায় সন্ত্ৰাসবাদক ৰাষ্ট্ৰ নীতি হিচাপে গ্ৰহণ কৰি আছে আৰু ভাৰতে ইয়াক মানি লোৱাটো কেতিয়াও স্বাভাৱিক নহয় । সেয়েহে এইবাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াতেই পাকিস্তানক উভতি ধৰিলে ভাৰতে ।

সোমবাৰে ভাৰতৰ স্থায়ী প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ বক্তব্যত প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভাৰতে পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ঘোষণা কৰে যে চুবুৰীয়া দেশখনে অপাৰেশ্য়ন সেন্দূৰক লৈ কৰা অভিযোগ সম্পূৰ্ণ মিছা । তদুপৰি জম্মু-কাশ্মীৰ দেশৰ আভ্যন্তৰীণ বিষয় বুলি স্পষ্ট কৰি দিছে ৰাষ্ট্ৰসংঘত দেশখনৰ ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনীয়ে ।

বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ লগতে ভাৰতেও ৰাষ্ট্ৰসংঘৰ ভূমিকাক সমালোচনা কৰে । ৰাষ্ট্ৰসংঘক আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধান আৰু শান্তি প্ৰতিষ্ঠা কৰিব পৰা সংগঠন হিচাপে গণ্য কৰিব নোৱাৰি বুলি সমালোচনা কৰে দেশখনৰ ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনীয়ে ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ‘আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসন পুনৰ দৃঢ় কৰা’ বিষয়ক লৈ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় আইন ৰূপায়ণ সন্দৰ্ভত চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি হৰিশ পাৰ্বথানেনীয়ে এইদৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰে । উল্লেখ্য় যে এই বৈঠকত পাকিস্তানৰ ৰাষ্ট্ৰদূত অসীম ইফতিকাৰ আহমেদে অপাৰেশ্য়ন সেন্দূৰৰ পৰা জম্মু-কাশ্মীৰ বিষয় আৰু সিন্ধু জল চুক্তিৰ বিষয়ে ব্য়াখ্য়া কৰে । তেওঁ নিৰাপত্তা পৰিষদৰ আগত কয় যে ভাৰতে দায়িত্বৰ পৰা বলপূৰ্বকভাৱে পৰিত্ৰাণ পাবলৈ পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্য়ন সেন্দূৰ’ আৰম্ভ কৰিছে । এই অভিযানৰ পৰাই এইটো স্পষ্ট হৈছে যে এনেদৰে কোনোধৰণৰ ‘নতুন স্বাভাৱিক’ অৱস্থা সৃষ্টি কৰাটো সম্ভৱ নহয় ।

উল্লেখ্য় যে ২০২৫ বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বৈছাৰণ উপত্যকাত উগ্ৰপন্থীৰ বন্দুকৰ গুলীত ২৬গৰাকী লোক প্ৰাণ হেৰুৱাইছিল । তাৰে এগৰাকী আছিল নেপালৰ নাগৰিক ৷ ইয়াৰে অধিকাংশই আছিল অঞ্চলটো ভ্ৰমণ কৰা পৰ্যটক । জানিব পৰা মতে, উগ্ৰপন্থী সংগঠন দ্য ৰেজিষ্টেন্স ফ'ৰ্চে (টি আৰ এফ) এই আক্ৰমণ চলাইছিল । এই সংগঠনটো হৈছে পাকিস্তানৰ নিষিদ্ধ লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে যোৱা ৬ মে’ৰ গভীৰ নিশা পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্য়ন সেন্দূৰ নামৰ সামৰিক অভিযান চলায় । সেইদিনা দেশৰ বায়ুসেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে । ইয়াৰ পিছত ৪ দিন ধৰি ভাৰত-পাকিস্তানৰ সংঘাত অব্যাহত থাকে । যোৱা ১০ মে’ত দুয়োখন দেশৰ ডি জি এম অ’ (সামৰিক অভিযানৰ সঞ্চালক প্ৰধান)য়ে যুদ্ধবিৰতি ঘোষণা কৰে ৷ পিছত ১২ মে’ত দেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অপাৰেশ্য়ন সেন্দূৰ এতিয়াও অব্য়াহত আছে ।

পাকিস্তানৰ প্ৰতিনিধি আহমেদে প্ৰধানমন্ত্ৰী মোদীৰ ‘নতুন স্বাভাৱিক’ক সমালোচনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰতিনিধি হৰিশ পাৰ্বথানেনীয়ে স্পষ্ট কৰি দিয়ে যে নিৰাপত্তা পৰিষদৰ নিৰ্বাচিত সদস্য পাকিস্তানৰ এটাই উদ্দেশ্য-ভাৰত আৰু ইয়াৰ নাগৰিকৰ যিকোনো প্ৰকাৰে ক্ষতি কৰা । পাকিস্তানে সন্ত্ৰাসবাদৰ এই নীতি মানি লোৱাটো কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে বুলি তেওঁ কয় ।

তেওঁ পুনৰ কয়, "আমি পাকিস্তানী প্ৰতিনিধিৰ পৰা নতুন স্বাভাৱিকৰ বিষয়ে শুনিছো । মই পুনৰ কওঁ,পাকিস্তানে সন্ত্ৰাসবাদক স্বাভাৱিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, এইটো কেতিয়াও সম্ভৱ নহয় । তেওঁলোকে সন্ত্ৰাসবাদক ৰাষ্ট্ৰনীতি কৰিছে, এইটো স্বাভাৱিক বুলি মানি ল'ব নোৱাৰি ।"

তেওঁ পুনৰ কয়, "অপাৰেশ্য়ন সেন্দূৰ সন্দৰ্ভত পাকিস্তানে যি কৈছে সেয়া মিছা । নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে মিছা কৈছে । এটা কথা স্পষ্ট যে ২০২৫ চনৰ এপ্ৰিলত পহলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ সাধাৰণ নাগৰিক নিহত হৈছিল । আগষ্টত নিৰাপত্তা পৰিষদৰ বৈঠকত এই ঘটনাৰ আঁৰৰ দোষীক গ্ৰেপ্তাৰ কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল । যিসকলে তেওঁলোকক আৰ্থিকভাৱে আৰু আন সকলো দিশতে সমৰ্থন কৰিছিল আমি ঠিক সেইটোৱেই কৰিলো ।"

লগতে পঢ়ক:পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে মই ১ কোটি মানুহৰ জীৱন ৰক্ষা কৰিলোঁ : ট্ৰাম্প

বহুত্ববাদী-গণতান্ত্ৰিক ৰাষ্ট্ৰত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে: ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ