গংগা জলচুক্তিৰ শেষৰটো বছৰ, যৌথভাৱে পানী জোখাৰ কাম আৰম্ভ ভাৰত-বাংলাদেশৰ
দুয়োখন দেশে ১ জানুৱাৰীৰ পৰা ৩১ মে’লৈ গংগা আৰু পদ্মা নদীৰ বিভিন্ন স্থানত জলপৃষ্ঠৰ লেখ-জোখ ল’ব ৷

Published : January 2, 2026 at 6:54 PM IST
ঢাকা(বাংলাদেশ): ৩০ বছৰীয়া গংগা জলচুক্তিৰ এইবেলি অন্তিমটো বছৰ ৷ যাৰ বাবে ভাৰত আৰু বাংলাদেশে বৃহস্পতিবাৰে পদ্মা আৰু গংগা নদীৰ পানী যুটীয়াভাৱে জোখ-মাখ কৰাৰ কাম আৰম্ভ কৰে ৷
জলবিজ্ঞান বিষয়াৰ উদ্ধৃতিৰে ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, বাংলাদেশৰ পদ্মা নদীৰ হাৰ্ডিংগে দলঙৰ পৰা ৩৫০০ ফুট ওপৰলৈ আৰু ভাৰতৰ গংগা নদীৰ ফাৰাক্কা পইণ্টত আৰম্ভ হৈছে পানী জোখাৰ কাম ।
ইয়াত কোৱা হৈছে যে ভাৰতৰ কেন্দ্ৰীয় জল আয়োগৰ উপ-সঞ্চালক সৌৰভ কুমাৰ আৰু আয়োগৰ সহকাৰী সঞ্চালক ছানী অৰোৰাৰ নেতৃত্বত গঠিত দুজনীয়া ভাৰতীয় দলটো ইতিমধ্যে বাংলাদেশত উপস্থিত হৈছে ।
আনহাতে, বাংলাদেশ জল উন্নয়ন ব’ৰ্ডৰ উত্তৰ-পূব জোখ-মাখ জলবিজ্ঞান বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰিফিন জুবাইদৰ নেতৃত্বত গঠিত বাংলাদেশৰ এটা চাৰিজনীয়া দলে একেটা কামৰ বাবে গৈছে ভাৰতলৈ ।
ঢাকাৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত পাবনাৰ জলবিজ্ঞান বিভাগৰ কাৰ্যবাহী অভিযন্তা শ্বিবৰ হোছেইনে কয়, ‘‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি দলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছো । জলসম্পদ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ ভিত্তিতে ভাৰতীয় দলটোৰ বাবে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।’’
সন্ধিখনত উল্লেখ কৰা অনুযায়ী দুয়োখন দেশে গংগা আৰু পদ্মা নদীৰ নিৰ্দিষ্ট কিছুমান স্থানত ১ জানুৱাৰীৰ পৰা ৩১ মে’লৈ জলপৃষ্ঠৰ জোখ গ্ৰহণ কৰিব আৰু প্ৰতি ১০ দিনৰ মূৰে মূৰে এই জোখ-মাখ লিপিবদ্ধ কৰা হ’ব ।
১৯৯৬ চনত ভাৰত-বাংলাদেশৰ মাজত স্বাক্ষৰিত ৩০ বছৰীয়া গংগা জলচুক্তিৰ ম্যাদ ২০২৬ চনৰ ডিচেম্বৰত শেষ হ’ব ।
লগতে পঢ়ক: প্ৰকৃতিৰ অকৃপণ বৰদান অৰুণাচলৰ 'আনিনি': উত্তৰ-পূবৰ ভূস্বৰ্গই হাতবাউলি মাতে পৰ্যটকক

