ETV Bharat / international

পাকিস্তানৰ সৈতে আমেৰিকাৰ ভাল সম্পৰ্ক, তেওঁলোকে ভাল কাম কৰি আছে: ট্ৰাম্প

আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে চলাই থকা 'মুকলি যুদ্ধ' বন্ধ কৰিবলৈ তেওঁ হস্তক্ষেপ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে তাৎপৰ্য্য়পূৰ্ণ মন্তব্য কৰে ।

Donald Trump
ইজিপ্তৰ শ্বাৰম এল শ্বেখত অনুষ্ঠিত হোৱা গাজা আন্তঃৰাষ্ট্ৰীয় শান্তি সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক কৰৰ্মদন কৰা সময়ত, সোমবাৰে, ১৩ অক্টোবৰ, ২০২৫ (AP)
author img

By PTI

Published : February 28, 2026 at 11:14 AM IST

|

Updated : February 28, 2026 at 11:36 AM IST

2 Min Read
Choose ETV Bharat

নিউয়ৰ্ক/ৱাশ্বিংটন : পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে পাকিস্তানৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে । এই কথা উল্লেখ কৰি তেওঁ লগতে কয় যে পাকিস্তানেও 'অতি ভাল' কাম কৰি আছে ।

"মই এইটা কৰিব পাৰোঁ, কিন্তু পাকিস্তানৰ সৈতে মোৰ সম্পৰ্ক বহুত ভাল, বহুত বহুত ভাল । আপোনালোকে এগৰাকী মহান প্ৰধানমন্ত্ৰী লাভ কৰিছে, আপোনালোকে এজন মহান জেনেৰেল লাভ কৰিছে । দুগৰাকী এনে ব্যক্তি যাক মই সঁচাকৈয়ে বহুত সন্মান কৰোঁ আৰু মই ভাবোঁ যে পাকিস্তানে অতি ভাল কাম কৰি আছে ।" ট্ৰাম্পে কয় ।

উল্লেখ্য যে আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে কৰি থকা 'মুকলি যুদ্ধ' আৰু এই যুদ্ধ বন্ধ কৰিবলৈ তেওঁ হস্তক্ষেপ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে উক্ত মন্তব্য কৰে ।

ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ উপ-বিদেশ সচিব এলিছন হুকাৰে এটা X পোষ্টত কয় যে শুকুৰবাৰে তেওঁ পাকিস্তানৰ বৈদেশিক সচিব আমনা বালুচৰ সৈতে কথা পাতে আৰু “পাকিস্তান আৰু তালিবানৰ মাজত শেহতীয়াকৈ সংঘটিত সংঘাতত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । আমি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ আৰু তালিবানৰ আক্ৰমণৰ বিৰুদ্ধে আত্মৰক্ষা কৰাৰ বাবে পাকিস্তানৰ অধিকাৰৰ প্ৰতি আমাৰ সমৰ্থন ব্যক্ত কৰোঁ ।"

উল্লেখ্য যে তালিবানে আফগানিস্তান সীমান্তত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধমূলক অভিযান আৰম্ভ কৰি পাকিস্তানে বৃহস্পতিবাৰে মাজনিশা তালিবানৰ বিৰুদ্ধে আৰম্ভ কৰে 'অপাৰেচন গাজাব লিল হক' । এই অভিযানত ১৩০ জনতকৈ অধিক তালিবান যোদ্ধাক হত্যা কৰা বুলি পাকিস্তানে দাবী কৰে ৷

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এই অভিযান চলি থকাৰ কথা নিশ্চিত কৰি কয় যে বৰ্তমান আফগান তালিবানৰ আগ্ৰাসনৰ ওপৰত পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে তীব্ৰ আক্ৰমণ চলাইছে ।

আনহাতে, পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে কয় যে এই অভিযানত কমেও ১৩৩ জন আফগান তালিবান বিদ্ৰোহী নিহত হোৱাৰ লগতে ২ শতাধিক আহত হৈছে । লগতে আফগান তালিবান শাসনৰ কমেও ২৭ টা চকী ধ্বংস কৰা হৈছে আৰু আন ৯ টা চকী দখল কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক :তালিবানৰে তয়াময়া ৰণ পাকিস্তানৰ : দুপৰ নিশা এয়াৰ ষ্ট্ৰাইকেৰে ১৩০ৰো অধিক তালিবানীক নিধন, ৫৫ পাক সেনা নিহত
লগতে পঢ়ক :পাক সেনাৰ ১৭টা চকী দখল কৰি ৪০ জন জোৱানক নিহত কৰাৰ দাবী আফগান যোদ্ধাৰ
Last Updated : February 28, 2026 at 11:36 AM IST