ETV Bharat / international

বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ: জ্বলাই দিয়াৰ অপচেষ্টা

এইবাৰ আক্ৰমণৰ বলি ৫০ বছৰীয়া হিন্দু ব্যৱসায়ী । আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

Hindu attacked in Bangladesh
বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ (ANI)
author img

By PTI

Published : January 2, 2026 at 1:13 PM IST

3 Min Read
Choose ETV Bharat

ঢাকা (বাংলাদেশ) : বাংলাদেশত ইজনৰ পিছত সিজন হিন্দুৰ ওপৰত আক্ৰমণ । বুধবাৰে নিশা পুনৰ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ৫০ বছৰীয়া হিন্দু ব্যৱসায়ী । শ্বৰীয়ৎপুৰৰ দামুদিয়াত সংঘটিত হয় এই ঘটনা ।

বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি হিন্দু ব্যৱসায়ীজনক নৃশংসভাৱে আক্ৰমণ কৰাৰ লগতে শৰীৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই । আৰক্ষীৰ উদ্ধৃতিৰে বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা শ্বৰীয়ৎপুৰ জিলাৰ দামুদিয়াৰ কেউৰভঙা বজাৰৰ সমীপত দোকান বন্ধ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাতে খোকন চন্দ্ৰ দাস নামৰ লোকজনক আক্ৰমণ কৰে । লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক ঢাকালৈ স্থানান্তৰ কৰা হয় ।

ফাৰ্মাচী আৰু মোবাইল বেংকিঙৰ ব্যৱসায় চলোৱা দাসে অটোত গৈ থকা অৱস্থাত আক্ৰমণকাৰীয়ে বাহনখন আবদ্ধ কৰে আৰু তেওঁক মাৰপিট কৰে । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিছত শৰীৰত পেট্ৰ'ল ঢালি জুই লগাই দিয়াৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে । লোকজনে প্ৰাণৰক্ষাৰ বাবে পথৰ কাষৰ পুখুৰী এটাত জপিয়াই দিয়ে । তাৰ পিছত স্থানীয় একাংশ লোকে তেওঁক উদ্ধাৰ কৰে । স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি প্ৰথমে শ্বৰীয়ৎপুৰ সদৰ চিকিৎসালয়লৈ লৈ যায় ।

শ্বৰীয়ৎপুৰ সদৰ চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ চিকিৎসক নজৰুল ইছলামে কয় যে দাসৰ পেটত গুৰুতৰ আঘাত স্পষ্ট আছিল । লগতে গোটেই শৰীৰত একাধিক আঘাতৰ লগতে মুখ, মূৰ আৰু হাতৰ কিছু অংশ জ্বলিছিল ।

লোকজনৰ পত্নী সীমা দাসে কয় যে তেওঁক কিয় টাৰ্গেট কৰা হৈছে সেয়া পৰিয়ালে বুজিব পৰা নাই । তেওঁ দাবী কৰে যে তেওঁৰ স্বামীয়ে আক্ৰমণকাৰী দুজনক চিনি পাইছিল, যাৰ বাবে তেওঁলোকে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল ।

দামুদিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ৰবিউল হকে জনোৱা মতে এই গোচৰটোত ৰাব্বি আৰু ছোহাগ নামৰ দুজন লোকৰ নাম উল্লেখ কৰা হৈছে । হকে কয়, "তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আক্ৰমণৰ লগত জড়িত আন লোকক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে ।"

উল্লেখ্য যে বাংলাদেশত ভাৰত বিৰোধী শক্তিৰ উত্থানৰ সমান্তৰালকৈ সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ অব্যাহত আছে । যোৱা ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকজনক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়া হৈছিল । ইয়াৰ এসপ্তাহৰ পাছত ২৪ ডিচেম্বৰত ৰাজবাৰী চহৰৰ পাংছা উপ-জিলাত ধন দাবীৰ অভিযোগত অমৃত মণ্ডল নামৰ আন এজন হিন্দু লোকক আক্ৰমণ কৰা হৈছিল ।

২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশত হিন্দুৰ জনসংখ্যা প্ৰায় ১ কোটি ৩১৩ লাখ । যি দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭.৯৫ শতাংশ ।

লগতে পঢ়ক :বাংলাদেশত পুনৰ গুলীয়াই হত্যা আন এজন হিন্দুক