শ্ৰীলংকাত মহাপ্ৰলয়; আবদ্ধ নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা ভাৰতৰ
শ্ৰীলংকাত 200 ৰো অধিক লোকৰ মৃত্যু হৈছে । কলম্বোৰ বান্দাৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ ভাৰতীয়ক সাক্ষাৎ কৰি সহায়ৰ আশ্বাস উচ্চায়ুক্তৰ ।

Published : November 30, 2025 at 1:23 PM IST
|Updated : November 30, 2025 at 9:50 PM IST
কলম্বো (শ্ৰীলংকা) : ঘূৰ্ণীবতাহ 'দিত্বাহ'ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘূৰ্ণীবতাহ 'দিত্বাহ'ৰ ফলত দেশখন প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত পৰে । ফলস্বৰূপে বানে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ।
শনিবাৰে সন্ধিয়া ৭ বজাত (স্থানীয় সময় অনুসৰি) কলম্বোৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পৰা ১৯১ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ লগতে মৃত্যুৰ সংখ্যা 200 লৈ বৃদ্ধি পাইছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । কেন্দ্ৰৰ মতে প্ৰায় ৭৮ হাজাৰ লোক গৃহহীন হৈ অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে । বান আৰু ভূমিস্খলনৰ ফলত যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে । আনকি বিমান সেৱাও বাতিল কৰিবলগীয়া হৈছে ।
চৰকাৰে বিদ্যালয় আৰু কাৰ্যালয় বন্ধ কৰাৰ লগতে বিভিন্ন পৰীক্ষা স্থগিত ৰাখিছে । শনিবাৰে সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টত দেখা গৈছে যে নিশাৰ ভিতৰতে খহনীয়াৰ কবলত পৰা কেইবাটাও অঞ্চলৰ সৈতে কৰ্তৃপক্ষই এতিয়াও যোগাযোগ কৰিব পৰা নাই ।
উল্লেখ্য যে ঘূৰ্ণীবতাহৰ ফলত বিগত সপ্তাহৰ পৰা শ্ৰীলংকাত বতৰৰ অৱনতি ঘটে । বৃহস্পতিবাৰে পৰিস্থিতি অধিক বেয়া হৈ পৰে । ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে ঘৰ-দুৱাৰ, খেতিপথাৰ, বাট-পথ বুৰাই পেলায় । চাহ খেতি কৰা অঞ্চলসমূহত ভূমিস্খলন হোৱা দেখা যায় । প্ৰায়বোৰ জলাশয় আৰু নদী ওফন্দি উঠাৰ ফলত মূল বাট-পথসমূহ বন্ধ হৈ পৰে । বহু গুৰুত্বপূৰ্ণ পথৰ লগতে ৰে'লসেৱাও বন্ধ হৈ পৰে ।
শুকুৰবাৰৰ ভিতৰত বিভিন্ন অঞ্চলৰ পৰা নামি অহা পানীয়ে ৰাজধানী কলম্বোৰ আশে-পাশে থকা অঞ্চলসমূহ প্লাৱিত কৰিবলৈ আৰম্ভ কৰে । কৰ্তৃপক্ষই জনোৱা মতে শ্ৰীলংকাৰ পূব সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ 'দিত্বাহ' দেওবাৰৰ ভিতৰত ভাৰতৰ দক্ষিণ উপকূলৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে ।

ইফালে শ্ৰীলংকাৰ এই দুৰ্যোগৰ সময়ত চুবুৰীয়া ভাৰতেও বিভিন্ন ধৰণে দেশখনক সহায় কৰিছে । দেশখনত চলি থকা উদ্ধাৰ অভিযানত সহায় হোৱাকৈ ভাৰতে ৮০ গৰাকী সদস্যৰ দুটাকৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে । শ্ৰীলংকাই ঘূৰ্ণীবতাহৰ পিছৰ পৰিস্থিতিৰ সৈতে যুঁজি থকাৰ সময়তে কলম্বো বিমানবন্দৰত আবদ্ধ ভাৰতীয়সকলক সাক্ষাৎ কৰি খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি নতুন দিল্লীয়ে উভতি অহাৰ ব্যৱস্থাৰ তদাৰক কৰে এগৰাকী শীৰ্ষ কূটনীতিবিদে ।
ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত লিখিছে, "ভাৰতীয় উচ্চায়ুক্ত ড৹ সত্যাঞ্জলে কলম্বোৰ বান্দাৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ ভাৰতীয় যাত্ৰীসকলক সাক্ষাৎ কৰে । ভাৰতীয় উচ্চায়ুক্তই তেওঁলোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । এক্সৰ পোষ্টটোত শ্বেয়াৰ কৰা ফটোত ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ড৹ সত্যঞ্জল পাণ্ডেয়ে আবদ্ধ যাত্ৰীসকলক সাক্ষাৎ কৰা দেখা গৈছে ।
Acting High Commissioner @DrSatyanjal met stranded Indian passengers at Bandaranaike International Airport, Colombo. Acting HC assured them of all possible assistance. He conveyed that Govt of India will facilitate their swift travel back to India .
— India in Sri Lanka (@IndiainSL) November 29, 2025
In wake of #CycloneDitwah,… pic.twitter.com/v23qmdNkW0
শ্ৰীলংকাত আবদ্ধ হৈ থকা সকলো ভাৰতীয় যাত্ৰীয়ে তেওঁলোকৰ সবিশেষ পঞ্জীয়ন কৰিবলৈও এটা সুকীয়া পোষ্টত এটা লিংক প্ৰদান কৰে উচ্চায়ুক্তই । ইয়াত কোৱা হৈছে যে ভাৰতীয় যাত্ৰীসকলে কলম্বোৰ বান্দাৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰুৰীকালীন হেল্প ডেস্কতো পঞ্জীয়ন কৰিব পাৰিব ।
বিমানবন্দৰ বা শ্ৰীলংকাৰ যিকোনো অংশত সহায়ৰ প্ৰয়োজন হোৱা যিকোনো ভাৰতীয় নাগৰিকে জৰুৰীকালীন নং +৯৪ ৭৭৩৭২৭৮৩২ নম্বৰত যোগাযোগ কৰিব পাৰে (হোৱাটছএপৰ জৰিয়তেও) । ইয়াৰ পূৰ্বে উচ্চায়ুক্তই কয়, "বিমান পৰিবহণৰ ভয়াৱহ ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতীয় যাত্ৰীসকলক খাদ্য, পানী আৰু অন্যান্য সাহায্য প্ৰদান কৰা হৈছে । নতুন দিল্লীয়ে কেৱল নিজৰ নাগৰিকৰ যত্ন লোৱাই নহয়, দুৰ্দশাগ্ৰস্ত প্ৰতিবেশী দেশখনৰ প্ৰথম সঁহাৰিদাতাও ।"
🚨 All Indian passengers stranded in Sri Lanka are requested to register their details, with the High Commission of India, Colombo in the link below.
— India in Sri Lanka (@IndiainSL) November 29, 2025
🔗Link: https://t.co/yJoWQwPQLo
Indian passengers can also register themselves at the Emergency Help Desk at Bandaranaike…
ইফালে দুৰ্যোগৰ ফলত বিধ্বস্ত দেশখনলৈ ভাৰতে সাহায্য সামগ্ৰীও প্ৰেৰণ কৰিছে । শনিবাৰে ভাৰতে ৬ টনতকৈ অধিক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰে । ইয়াৰ এদিন পিছত অপাৰেশ্যন সাগৰ বন্ধুৰ অধীনত দুখন সামৰিক বিমানেৰে প্ৰায় ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে ।
লগতে পঢ়ক :ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰভাৱ: শ্ৰীলংকাত বান-ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি

