ETV Bharat / international

অৱতৰণ কৰোতেই ভাঙি দুটুকুৰা হ'ল হেলিকপ্টাৰ, হাতত জীউটো লৈ বাচিল পাইলট

খুম্বু অঞ্চলৰ লোবুচেমত আবদ্ধ হৈ থকা পৰ্যটকক উদ্ধাৰৰ বাবে গৈছিল এলটিটিউড এয়াৰৰ হেলিকপ্টাৰখন ।

Representational Image
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By PTI

Published : October 29, 2025 at 11:30 AM IST

2 Min Read
Choose ETV Bharat

কাঠমাণ্ডু: বুধবাৰে পুৱাৰ ভাগতে নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলৰ ওচৰত ব্যক্তিগত বিমান সংস্থাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ হেলিকপ্টাৰখনত কোনো যাত্ৰী নাছিল ৷ অৱশ্যে হেলিকপ্টাৰখনৰ পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা পৰে ।

লুকলাৰ পৰা কোনো যাত্ৰী নোহোৱাকৈ হেলিকপ্টাৰখন উৰা মাৰিছিল খুম্বু অভিমুখে ৷ এক উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছিল হেলিকপ্টাৰখন ৷ খুম্বু অঞ্চলৰ লোবুচেমত আবদ্ধ হৈ থকা কেইগৰাকীমান পৰ্যটকক উদ্ধাৰ অভিযানত নিয়োজিত হৈ থকা হেলিকপ্টাৰখন আছিল এলটিটিউড এয়াৰ নামৰ কোম্পানীটোৰ । ইয়াৰ পূৰ্বেও এই অঞ্চলটোত কেবাটাও অনুৰূপ দুৰ্ঘটনা সংঘটিত হৈছিল ৷

সোলুখুম্বু জিলা আৰক্ষী কাৰ্যালয়ৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, হেলিকপ্টাৰখনৰ একমাত্ৰ যাত্ৰী তথা কেপ্টেইন বিবেক খাডকাৰে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ চেষ্টা কৰা সময়তে অঞ্চলটোত প্ৰচণ্ড বৰফ পৰি থকাৰ বাবে হেলিকপ্টাৰখন পিছলি পৰে ।

লগে লগে হেলিকপ্টাৰখন দুটুকুৰা হৈ ভাঙি পৰে যদিও পাইলটজনৰ বিশেষ কোনো হানি-বিঘিনি নহ'ল ৷ কিছু পৰিমাণে তেওঁ আঘাতপ্ৰাপ্ত হয় যদিও প্ৰাণ ৰক্ষা পৰে ৷ পাইলট বিবেক খাডকাৰক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে লুকলালৈ বিমানেৰে লৈ যোৱা হয় আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

মঙলবাৰ আৰু বুধবাৰে মুস্তাংগ, অন্নপূৰ্ণা অঞ্চল আৰু এভাৰেষ্ট অঞ্চলকে ধৰি পাহাৰীয়া অঞ্চলত প্ৰচণ্ড বৰফ পৰাৰ বাবে বহু ট্ৰেকাৰ আবদ্ধ হৈ পৰিছে ।

বতৰ বিজ্ঞান বিভাগে পাহাৰীয়া অঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰফ আৰু বৰষুণৰ পূৰ্বাভাস দিয়াৰ বাবে ট্ৰেকাৰ আৰু পৰ্বতাৰোহীসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে । সমান্তৰালভাৱে তেওঁলোকক উদ্ধাৰৰ বাবে অভিযানো চলি আছে ৷

লগতে পঢ়ক: ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত উপকূলীয় আৰু দক্ষিণ ওড়িশাত বিস্তৰ ক্ষতি; এজনৰ মত্যু, বাতিল বিমানসেৱা