ETV Bharat / international

সোণৰ খনিত প্ৰাণবায়ু উৰি গ'ল ৩০ জনৰ

উদ্ধাৰকাৰী দলে শ্ৰমিকসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ অৱশ্যে তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা নিচেই কম ৷

Gold Mine Collapses
প্ৰতিধিত্বমূলক ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 10:59 AM IST

2 Min Read
Choose ETV Bharat

বাংগুই (আফ্ৰিকা) : পশ্চিম-মধ্য আফ্রিকান প্রজাতন্ত্রত মঙলবাৰে সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো শ্ৰমিকৰ আবদ্ধ হৈ পৰে ৷ বহু শ্ৰমিক সোণৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে ৷

ফ্ল’ৰিয়ান গাগুণ্ডেৰ নামৰ এজন শ্ৰমিকে জনোৱা অনুসৰি, মঙলবাৰে পুৱা নানা-মাম্বে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত আওপুৰণি প্ৰযুক্তিৰে চলা, গতানুগতিকভাৱে পৰিচালিত খনিটো ভাঙি পৰে ৷ তেওঁ কয় যে উদ্ধাৰকাৰী দলে শ্ৰমিকসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ অৱশ্যে তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা নিচেই কম বুলি ফ্ল’ৰিয়ান গাগুণ্ডেই আশংকা ব্যক্ত কৰে ৷

উপ-প্ৰদেশখনৰ উপ-মেয়ৰ ছলেমানী বিয়ে জনোৱা মতে, উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাসকলে কেইবা ঘণ্টাৰ অভিযানৰ অন্তত খনিটোৰ ভিতৰৰ পৰা ৩০টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আহত শ্ৰমিকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

ছলেমানী বিয়ে লগতে কয়, "এয়া অতি ভয়ংকৰ ঘটনা আৰু আমি সংগঠন আৰু সকলো পক্ষৰে পৰা সহায় বিচাৰিছো যাতে খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰা লোকসকলক উলিয়াই আনিবলৈ সক্ষম হও ৷"

চৰকাৰী মুখপাত্ৰ এভাৰিষ্টে নাগামানাই নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সাহাৰ্য প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰত সৰু সৰু খনি খননৰ সময়ত ভাঙি পৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ ইয়াত এই কামত হাজাৰ হাজাৰ লোক নিয়োজিত হৈ থাকে ৷ কিন্তু এই কামটো অতি বিপদজনক আৰু শ্ৰমিকৰসকলৰ হাতত সাধাৰণতে পৰ্যাপ্ত সুৰক্ষা সঁজুলি নাথাকে ৷ সেয়ে দুৰ্ঘটনাবোৰ প্ৰায়ে মাৰাত্মক বুলি প্ৰমাণিত হয় ৷

লগতে পঢ়ক : পুৱাই খহি পৰিল পাহাৰৰ মাটি; ৩ বছৰীয়া শিশুসহ একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

অভিলেখ প্ৰতিষ্ঠাৰ অন্তিম আৰোহণতেই নিৰ্মল পূৰ্জাসহ ১০ পৰ্বতাৰোহীৰ মৃত্য়ু

পেৰুত ইউৰোপীয় পৰ্যটক কঢ়িয়াই অনা বিমান দুৰ্ঘটনাগ্ৰস্ত; নিহত ১৩ জন