ETV Bharat / international

এইবাৰ বাংলাদেশত হিন্দু লোকৰ ঘৰত অগ্নিকাণ্ড; ৫০ লাখ টকাৰ সম্পত্তি ধ্বংস

বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ মাজতে এজন হিন্দু লোকৰ ঘৰত অগ্নিকাণ্ড ।

Fire breaks out at Hindu school teacher's home in Bangladesh
বাংলাদেশত হিন্দু লোকৰ ঘৰত অগ্নিকাণ্ড (ANI)
author img

By ANI

Published : January 16, 2026 at 1:32 PM IST

2 Min Read
Choose ETV Bharat

ঢাকা (বাংলাদেশ) : বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত আছে । তাৰ মাজতে পূব বাংলাদেশত চাঞ্চল্যকৰ ঘটনা । ছিলেট জিলাৰ গোৱাইংহাটৰ এগৰাকী হিন্দু লোকৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে গোৱাইংহাট হাইস্কুলৰ শিক্ষক বিকাশ ৰঞ্জন দেৱৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয় । উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছতে আৰক্ষীৰ উপ-পৰিদৰ্শক দিদাৰে ফোনযোগে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

ঘৰৰ মালিক বিকাশ ৰঞ্জন দেৱে আৰক্ষীক জনাইছে যে তেওঁৰ কোনো ব্যক্তিগত বা পাৰিবাৰিক শত্ৰু নাই আৰু এই অঞ্চলত হিন্দু আৰু মুছলমান উভয় লোকে মিলাপ্ৰীতিৰে বসবাস কৰে । সেয়েহে তেওঁৰ মতে এই ঘটনাটো নিশ্চিতভাৱে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে ।

অগ্নিকাণ্ডৰ পিছতে গোৱাইংহাটৰ আৰক্ষী বিকাশ ৰঞ্জন দেৱৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । পৰিয়ালক সোধা-পোছা কৰে । বিকাশ ৰঞ্জন দেৱে আৰক্ষীক জনাইছে যে প্ৰায় ৫০ লাখ টকাৰ সম্পত্তি জুইত জাহ গৈছে । অৱশ্যে এই ঘটনাৰ বাবে তেওঁ কাকো দোষ দিয়া নাই, কিয়নো তেওঁৰ বিশ্বাস তেওঁৰ কোনো শত্ৰু নাই ।

তেওঁৰ মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল । স্থানীয় বাসিন্দা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়, যাৰ ফলত অধিক ক্ষতিৰ পৰা ৰক্ষা পৰে । সাম্প্ৰদায়িক হিংসাৰ মাজতে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বাংলাদেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণ সন্দৰ্ভত ভাষণ দি এই কাণ্ডসমূহৰ সৈতে দ্ৰুত আৰু দৃঢ়তাৰে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।

বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয়, "বাংলাদেশত উগ্ৰপন্থীয়ে সংখ্যালঘুসকলৰ লগতে তেওঁলোকৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণৰ এক বিৰক্তিকৰ আৰ্হি আমি প্ৰত্যক্ষ কৰি আহিছো । এনে সাম্প্ৰদায়িককাণ্ডৰ সৈতে দ্ৰুত আৰু দৃঢ়তাৰে মোকাবিলা কৰাটো প্ৰয়োজন ।"

লগতে পঢ়ক :বহুত্ববাদী-গণতান্ত্ৰিক ৰাষ্ট্ৰত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে: ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ