ETV Bharat / international

৪.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পাকিস্তানক

পাকিস্তানত ভূ-কম্পন অনুভৱ । ২০ অক্টোবৰৰ পুৱা ১১:১২:০৮ বজাত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় পাকিস্তানক ।

earthquake strikes in several parts of Pakistan
প্ৰতীকি ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 11:58 PM IST

2 Min Read
Choose ETV Bharat

ইছলামবাগ : সোমবাৰে ৪.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পাকিস্তানক । নেশ্যনেল চেইজম’লজী (এন চি এছ)ৰ তথ্য অনুসৰি ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ ফলত অঞ্চলটোত ইয়াৰ অভিকেন্দ্ৰ বুলি সন্দেহ কৰা হৈছে । এন চি এছে এক্সত এক পোষ্টত প্ৰকাশ কৰিছে যে ২০২৫ চনৰ ২০ অক্টোবৰত পুৱা ১১:১২:০৮ বজাত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৪.৭ ।

এই ভূমিকম্পৰ ফলত অঞ্চলবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বাতৰি লিখা পৰলৈকে কোনো লোক হতাহতি বা ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা নাই । একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে এই ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহৰ কিছুমানৰ ঘৰত ফাঁট মেলা দেখা গৈছে ।

শনিবাৰ আৰু দেওবাৰেও পাকিস্তানত ৪.০ প্ৰাবল্যৰ ভূমিকম্প হয় । ইফালে ১৭ অক্টোবৰ শুকুৰবাৰে সন্ধিয়া ইছলামবাদকে ধৰি পাকিস্তানৰ কেইবাটাও অঞ্চলত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল ।

পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে এক বিবৃতিত উল্লেখ কৰিছে যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু আফগানিস্তানৰ হিন্দু কুছ অঞ্চলত । পেছাৱৰ, ৰাৱালপিণ্ডি, ইছলামবাগ, চিত্ৰাল, স্বাট, গিলগিট, আৰু এবটাবাদৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰচণ্ড কঁপনি অনুভৱ কৰা হয় । মাটিৰ পৰা ১২০ কিলোমিটাৰ গভীৰতাত আছিল এই ভয়ংকৰ কেন্দ্ৰটো ।

বেলুচিস্তান, খাইবাৰ পাখতুনখোৱা, গিলগিট-বাল্টিস্তানৰ দৰে প্ৰদেশ ইউৰেছিয়ান প্লেটৰ দক্ষিণ প্ৰান্তত অৱস্থিত, আনহাতে সিন্ধ আৰু পঞ্জাব ভাৰতীয় প্লেটৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত, যাৰ বাবে ইহঁত সঘনাই ভূমিকম্পৰ দ্বাৰা প্ৰভাৱিত হয় । বেলুচিস্তান আৰব আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সক্ৰিয় সীমাৰ ওচৰত অৱস্থিত ।

লগতে পঢ়ক : তাৎক্ষণিক যুদ্ধবিৰতিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ পাকিস্তান আৰু আফগানিস্তানৰ