ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত উপস্থিত ডোভাল
ভাৰত-চীনৰ বিশেষ প্ৰতিনিধি হিচাপে সীমা বিবাদ আৰু সম্পৰ্কৰ উন্নতিৰ সন্দৰ্ভত অজিত ডোভালে মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।

By PTI
Published : August 25, 2026 at 4:58 PM IST
বেইজিং(চীন): সম্প্ৰতি চীন ভ্ৰমণত ব্যস্ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল ৷ সকলোৱে জানে যে ভাৰত-চীনৰ সীমা বিবাদ কোনো নতুন বিষয় নহয় ৷ ভাৰত-চীনৰ সীমা বিবাদ সমস্যাৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কেনেদৰে উন্নত কৰিব পাৰি, সেই সন্দৰ্ভত ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয় ।
চীনা ৰাষ্ট্ৰপতি জি জিনপিঙে ১২-১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে নতুন দিল্লী ভ্ৰমণৰ সম্ভাৱনা আছে ৷ তাৰে ঠিক এটা মাহ পূৰ্বে অনুষ্ঠিত এই বিশেষ বৈঠকে স্বাভাৱিকতে তাৎপৰ্য লাভ কৰিছে । উল্লেখ্য যে, ভাৰত-চীন দ্বি-পাক্ষিক সম্পৰ্কত সীমান্ত আৰু অৰুণাচল প্ৰদেশৰ সন্দৰ্ভত মতানৈক্য অব্যাহত থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে ।
ডোভাল আৰু ৱাং দুয়োজনেই সীমান্ত আলোচনা প্ৰক্ৰিয়াৰ বাবে দুয়োখন দেশৰ দায়িত্বত থকা নিৰ্দিষ্ট দুগৰাকী বিশেষ প্ৰতিনিধি । ভাৰত আৰু চীনৰ মাজৰ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘৰ সীমান্ত সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে ২০০৩ চনতে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ।
তাৎপৰ্যপূৰ্ণভাৱে বৈঠকৰ পূৰ্বে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত হোৱা ভাৰতৰ অজিত ডোভালে দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙক সাক্ষাৎ কৰে ।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ডোভালৰ চীন ভ্ৰমণ সন্দৰ্ভত ভাৰতীয় দূতাবাসে এক্সত এটা পোষ্ট প্ৰকাশ কৰে ৷ পোষ্টটো এনেধৰণৰ, ‘‘দুয়োখন দেশৰ নেতাসকলৰ মাজত হোৱা ঐকমত অনুসৰি, তেওঁলোকে সীমান্ত অঞ্চলত শান্তি আৰু স্থিতিশীলতা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক, ৰাজনৈতিক আৰু আন আন মঞ্চসমূহত দ্বি-পাক্ষিক সম্পৰ্ক অধিক পৰিমাণে বৃদ্ধি কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে ।’’
আনহাতে, ডোভালৰ সৈতে হোৱা বৈঠকত হানে কয়, ‘‘চীন আৰু ভাৰতে দ্বি-পাক্ষিক সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা উচিত ৷ তেওঁলোকৰ নেতাসকলৰ মাজত হোৱা গুৰুত্বপূৰ্ণ মত কাৰ্যকৰী কৰিবলৈ একেলগে কাম কৰিব লাগিব ।’’
চৰকাৰী সংবাদ সংস্থা ‘জিনহুৱা’ৰ উদ্ধৃতিৰে হানে কয় যে দুয়োপক্ষই কৌশলগত পাৰস্পৰিক আস্থা বৃদ্ধি কৰিব লাগে, সহযোগিতাৰ সম্ভাৱনাক মোহৰ লগাব লাগে, ঘনিষ্ঠ বহুপক্ষীয় সমন্বয় বজাই ৰাখিব লাগে, মতানৈক্য সঠিকভাৱে পৰিচালনা কৰিব লাগে আৰু চীন-ভাৰত সম্পৰ্কৰ স্থায়ী আৰু সুস্থিৰ উন্নয়নক প্ৰসাৰিত কৰিব লাগে ।
২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষ আৰু পূব লাডাখত দীৰ্ঘদিনীয়া সামৰিক স্থবিৰতাৰ পিছত নতুন দিল্লী আৰু বেইজিঙৰ মাজৰ সম্পৰ্কত কিছু পৰিমাণে বেমেজালিৰ সৃষ্টি হৈছিল ৷ কিন্তু তাৰপিছত দুয়োখন দেশে এই সম্পৰ্ক সুস্থিৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ।
যদিও দুয়োখন দেশে সীমা বিবাদ নিষ্পত্তি কৰাত আজিকোপতি সফল নহ’ল, তথাপিও দুয়ো দেশৰ বিষয়াসকলে এই গাঁথনিগত ব্যৱস্থাটোক বিভিন্ন দিশৰ পৰা দুয়োখন দেশৰ মাজত পুনৰ সৃষ্টি উত্তেজনা দূৰ কৰাৰ বাবে এক উপযোগী কৌশল বুলিয়ে গণ্য কৰে ।
সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি বিশেষ প্রতিনিধি(এছআৰ)ৰ বৈঠকৰ কথা ঘোষণা কৰাৰ সময়তে চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্ৰ লিন জিয়ানে জিৰ ভাৰত ভ্ৰমণ সন্দর্ভত সাংবাদিক সোধা প্রশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷
ৰাষ্ট্ৰপতি জিৰ এই ভ্ৰমণে শীৰ্ষ সন্মিলনৰ বাহিৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হৈ দুয়ো দেশৰ দ্বি-পাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব । ২০২৫ চনৰ আগষ্ট মাহত টিয়ানজিনত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু জিয়ে অন্তিমবাৰৰ বাবে সাক্ষাৎ কৰিছিল ।
এছ আৰ আলোচনাৰ সন্দৰ্ভত লিনে কয়, ‘‘ডোভাল আৰু ৱাঙে সীমান্ত বিবাদৰ বিষয়টোৰ উপৰিও অন্যান্য দ্বি-পাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰতো বিশদ আলোচনা কৰাৰ সম্ভাৱনা আছে ।’’
লিনে লগতে কয় যে, এই আলোচনা সীমা সমস্যাকেন্দ্ৰিক প্ৰশ্নৰ সন্দৰ্ভত চীন আৰু ভাৰতৰ বৈঠকৰ মূল পথ ৷ লগতে পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত দুয়োপক্ষৰ মাজত যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মঞ্চ ।’’ যোৱা বছৰৰ আগষ্ট মাহত চীন আৰু ভাৰতে ২৪ সংখ্যক পৰ্যায়ৰ বৈঠক সফলতাৰে অনুষ্ঠিত কৰিছিল ৷ এই বৈঠকত দুয়োখন দেশে সীমান্ত বিবাদৰ বিষয়টোৰ ওপৰত মুকলিকৈ আৰু বিস্তৃতভাৱে মত বিনিময় কৰিছিল আৰু কেইবাটাও বিষয়ত একমতত উপনীত হৈছিল বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: মস্কোত জয়শংকৰ-পুটিনৰ বৈঠক: ভাৰতক শক্তি, সাৰৰ নিৰৱচ্ছিন্ন যোগানৰ আশ্বাস ৰাছিয়াৰ

