মোদী এগৰাকী ভদ্ৰলোক, মোৰ বন্ধু : আগন্তুক বৰ্ষত ভাৰত ভ্ৰমণৰ ইংগিত দি ক’লে ট্ৰাম্পে
ট্ৰাম্পে বাণিজ্য নীতি ব্যৱহাৰৰে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ বন্ধ কৰা বুলি পুনৰবাৰ দাবী কৰি কয় যে তেওঁৰ হস্তক্ষেপে ২৪ ঘণ্টাৰ ভিতৰত সংঘাত নিষ্পত্তি কৰিলে ।

Published : November 7, 2025 at 11:27 PM IST
ৱাশ্চিংটন: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ ট্ৰাম্পৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত আলোচনা ভালকৈ চলি আছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সদৰী কৰিছে ৷
অ’ভেল অফিচত ট্ৰাম্পৰ উদ্ধৃতিৰে পি টি আইয়ে কয়, ‘‘এয়া বৰ ভাল, সকলো ঠিকেই চলি আছে । তেওঁ (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে) ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে… বহলভাৱে ক’বলৈ গ’লে তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছে ।’’ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা আলোচনা আৰু ভাৰতৰ সৈতে বাণিজ্যিক আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে এই মন্তব্য কৰে ।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে ট্ৰাম্পে কয়, ‘‘তেওঁ মোৰ বন্ধু আৰু আমি কথা পাতো... তেওঁ বিচাৰে মই তালৈ যাওঁ । আমি বিবেচনা কৰিম । মই যাম । পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভ্ৰমণ কৰাটো মোৰ বাবে এক ভাল অভিজ্ঞতা আছিল; তেওঁ এজন মহান লোক আৰু মই যাম ।’’ আগন্তুক বছৰত ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি বুলি সোধাত ট্ৰাম্পে কয়, ‘‘হয়, হ’ব পাৰে ।’’
#WATCH | Washington DC | On questions of talks over trade deals with PM Narendra Modi, US President Donald Trump says, " they are going good, he stopped buying oil from russia largely. he is a friend of mine, and we speak and he wants me to go there. we will figure that out, i… pic.twitter.com/jWvcphukfi
— ANI (@ANI) November 6, 2025
২০২৪ চনত ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ পিছত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ নেতাসকলক আতিথ্য প্ৰদান কৰিব । অৱশ্যে ভাৰতত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ তাৰিখ এতিয়াও ঘোষণা হোৱা নাই ।
সংবাদ মাধ্যমৰ আগত দিয়া ভাষণত ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাৱ্য বৃহৎ পৰিসৰৰ সংঘাত বন্ধ কৰিবলৈ বাণিজ্য শুল্ক নীতিৰ আশ্ৰয় লোৱা বুলি পুনৰবাৰ দাবী কৰে । তেওঁ কয় যে তেওঁৰ হস্তক্ষেপে ২৪ ঘণ্টাৰ ভিতৰতে যুদ্ধখনৰ নিষ্পত্তি ঘটালে ৷
‘‘মই সমাপ্ত কৰা আঠখন যুদ্ধৰ ভিতৰত পাঁচ-ছয়খন যুদ্ধ শুল্কৰ বাবেই শেষ হৈছিল । এটা উদাহৰণ দিওঁ । ভাৰত আৰু পাকিস্তানলৈ লক্ষ্য কৰিব, যুদ্ধ আৰম্ভ হৈছিল ৷ দুয়োখনে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ... ইখনে আনখনক উদ্দেশ্যি গুলীচালনা কৰি আছিল । এনেদৰে ৮ খনকৈ বিমান ধ্বংস কৰিছিল’’ - ট্ৰাম্পে কয় ৷
আৰু মই ক’লোঁ, ‘‘শুনা, যদি তোমালোকে যুঁজিবলৈ নেৰা, তেন্তে মই তোমালোকৰ ওপৰত শুল্ক জাপি দিম আৰু দুয়োখন দেশেই জানেনে, সেইটোত সুখী নাছিল ৷ এনেদৰে ২৪ ঘণ্টাৰ ভিতৰতে যুদ্ধ নিষ্পত্তি কৰিলোঁ । শুল্ক নহ’লে মই সেই যুদ্ধ নিষ্পত্তি কৰিব নোৱাৰিলোহেঁতেন ৷’’ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শুল্কক ‘মহান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা’ বুলিও অভিহিত কৰে ।
লগতে পঢ়ক: গাজাত অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় বাহিনী মোতায়েন কৰা হ'ব : ট্ৰাম্প

