ETV Bharat / international

ইঞ্জিন বিকল হৈ সমুদ্ৰৰ বক্ষত ডুব গ’ল ভাৰতীয় ক্ৰুৰ সদস্য পৰিবাহী নাও

দেওবাৰে পুৱা ওমানৰ ৰাছ আল হাডৰ পৰা প্ৰায় ৮০ মাইল পূবে এই দুৰ্ঘটনা সংঘটিত হয় ৷

US IRAN WAR
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 5:56 PM IST

2 Min Read
Choose ETV Bharat

ডুবাই(চৌদি আৰব): ওমানৰ উপকূলত আমেৰিকাই চলোৱা আক্ৰমণত ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাক লৈ হাহাকাৰৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে ১৪ জন ভাৰতীয় ক্ৰু মেম্বাৰ কঢ়িয়াই আনিছিল এখন ‘ধৌ’(স্থানীয় নাও)ৱে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই নাওখন ডুব যোৱাৰ খবৰ লাভ কৰাৰ পাছতে অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ।

ভাৰতীয় দূতাবাসে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, ‘‘ওমানৰ উপকূলৰ ওচৰত থকা ভাৰতীয় পতাকাযুক্ত মেকানাইজড চেলিং জাহাজ ‘বিৰাট ১’ ৰ সৈতে সংঘটিত এক দুৰ্ঘটনাৰ কথা জানিব পাৰিছো ৷ এই জাহাজখনত ১৪ জন ভাৰতীয় ক্ৰুৰ সদস্যই যাত্ৰা কৰা বুলি জানিব পৰা গৈছে ৷’’ অৱশ্যে ঘটনা সন্দৰ্ভত পোষ্টটোত সবিশেষ প্ৰকাশ কৰা নাই ।

খবৰ অনুসৰি, ১৪ জুনৰ পুৱা ওমানৰ ৰাছ আল হাডৰ পৰা প্ৰায় ৮০ মাইল পূবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । নাওখনত থকা ক্ৰু সদস্যসকলে সহায়ৰ বাবে কৰা আহ্বানৰ পিছতে আমেৰিকাৰ নৌসেনাই ক্ষীপ্ৰতাৰে সঁহাৰি দিয়ে ৷

আমেৰিকাৰ নৌসেনাৰ পি-৮ সামুদ্ৰিক টহলদাৰী জাহাজখনে এই সংকটৰ প্ৰতি সঁহাৰি জনাই জাহাজখনৰ ওচৰত এটা লাইফ ৰাফ্ট পেলাই দি জাহাজখনত থকা লোকসকলক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছিল ৷ খবৰ অনুসৰি আমেৰিকাৰ নৌসেনাই বাণিজ্যিক জাহাজ এমভি জাবাল আলী ৯ নামৰ ছেইণ্ট কিটছ এণ্ড নেভিছৰ পতাকা থকা জাহাজখনৰ পৰাও সহায় লাভ কৰিছিল ।

এই ব্যৱস্থাসমূহৰ পিছত প্ৰকাশিত প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে নাওখন (dhow) ডুব যোৱাৰ পিছত ক্ৰু সদস্যসকলে লাইফ ৰাফ্টত উঠিছিল । নাওখন আকস্মিকভাৱে ডুব যোৱাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ।

ধৌ কি ?

ধৌ হ’ল কাঠেৰে নিৰ্মিত এখন পালতৰা নাও ৷ যাৰ দীঘল পাতল ঢাল আৰু এটা বা ততোধিক মাষ্টত ত্ৰিকোণীয় পাল লগোৱা দেখা যায় । ভাৰত মহাসাগৰ আৰু লোহিত সাগৰ অঞ্চলত চলাচল কৰা এনে নাও প্ৰধানকৈ পূব আফ্ৰিকা, আৰব উপদ্বীপ আৰু দক্ষিণ এছিয়াৰ উপকূলত সামগ্ৰীৰ ব্যৱসায়, গধুৰ সামগ্ৰী পৰিবহণ আৰু মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷

ভাৰতীয় ক্ৰু সদস্যৰে ভৰ্তি তিনিখন জাহাজত আমেৰিকাই চলোৱা আক্ৰমণৰ পিছত দেওবাৰে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত তিনিজন নাবিকে প্ৰাণ হেৰুৱাইছিল । চিকিৎসাৰ অভাৱত আন এজন নাৱিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: জেনেৰেটৰৰ লগতে ঠাইতে নোহোৱা হ’ল ১৩২ ফুট ওখ ম’বাইল টাৱাৰ