ETV Bharat / international

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়দানৰ পূৰ্বে ঢাকাত কটকটীয়া নিৰাপত্তা

এই ৰায়দানৰ পোনপটীয়া সম্প্ৰচাৰৰ লগতে ঢাকাৰ একাধিক স্থানত বৃহৎ পৰ্দা আঁৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব ।

SHEIKH HASINA VERDICT
বাংলাদেশৰ গাদীচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ফাইল ছবি (IANS)
author img

By PTI

Published : November 17, 2025 at 10:48 AM IST

5 Min Read
Choose ETV Bharat

বাংলাদেশ/নতুন দিল্লী : মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগত তথা শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি শাসনৰ গাদী এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে সোমবাৰে বিশেষ ন্যায়াধিকৰণে দিয়া ৰায়দানৰ পূৰ্বে দেশখনত অগ্নিসংযোগৰ লগতে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । যাৰ বাবে নিশাটোৰ ভিতৰতে সমগ্ৰ ঢাকা আৰু অন্যান্য অঞ্চলত কটকটীয়া নিৰাপত্তা জাৰি কৰা হয় ৷

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ বাংলাদেশ (আই চি টি-বি ডি)ৰ ৰায়দানৰ পূৰ্বে হাছিনাৰ আৱামী লীগে দুদিনৰ বাবে বন্ধ ঘোষণা কৰে ৷ এই খবৰ লাভৰ পিছতে ঢাকাত বৃদ্ধি কৰা হয় সামৰিক, অৰ্ধসামৰিকে ধৰি সকলো প্ৰকাৰৰ নিৰাপত্তা ৷

দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই থানা চৌহদত পৰিত্য়ক্ত অৱস্থাত ৰখা এখন বাহনত অগ্নিসংযোগ কৰাৰ লগতে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ পৰামৰ্শদাতা পৰিষদৰ এজন সদস্যৰ বাসগৃহৰ বাহিৰত দুটা খাৰুৱা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ তদুপৰি ৰাজধানী চহৰখনৰ কেইবাটাও প্ৰান্তত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷

উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ঢাকা মহানগৰ আৰক্ষীয়ে হিংসাত্মক প্ৰতিবাদকাৰীক গুলীচালনা কৰিবলৈ জোৱানসকলক নিৰ্দেশ দিছে । আই চি টি-বি ডিৰ অভিযুক্তসকলে ৭৮ বছৰীয়া হাছিনাৰ মৃত্যুদণ্ড বিচাৰিছে ।

দেওবাৰে নিশা ঢাকা মহানগৰ আৰক্ষী আয়ুক্ত এছ এম সাজাত আলীয়ে কয়, ‘‘মই বেতাঁৰযোগে কৈছিলো যে যিয়ে বাছত জুই লগাই দিয়ে বা হত্যাৰ উদ্দেশ্যেৰে খাৰুৱা বোমা নিক্ষেপ কৰে, তেওঁক গুলীয়াই হত্যা কৰা উচিত । এই অধিকাৰ আমাৰ আইনত স্পষ্টকৈ দিয়া হৈছে ।’’

বিগত ১০ নৱেম্বৰৰ পৰা ঢাকাত কেইবাবাৰো গোপনে আক্ৰমণ সংঘটিত হৈছে ৷ য’ত ইউনুছে প্ৰতিষ্ঠা কৰা মীৰপুৰৰ গ্ৰামীণ বেংকৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত হস্তনিৰ্মিত বোমাৰ বিস্ফোৰণ ঘটে । বেংকটোৰ কেইবাটাও শাখাক পেট্ৰ’ল বোমা বিস্ফোৰণৰ লক্ষ্য কৰি লোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

বিগত সপ্তাহত অচিনাক্ত দুৰ্বৃত্তই ৰখাই থোৱা কেইবাখনো বাহনত অগ্নিসংযোগ কৰাত বাহনৰ ভিতৰত শুই থকা এজন চালকৰ মৃত্যু ঘটিছিল ।

বৰ্তমান ভাৰতত থকা হাছিনা আৰু তেওঁৰ চৰকাৰৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলৰ বিৰুদ্ধে তেওঁলোকৰ অনুপস্থিতি স্বত্বেও চলিছিল এই বিচাৰ । তৃতীয়জন অভিযুক্ত প্ৰাক্তন আৰক্ষী অধীক্ষক আব্দুল্লা আল মামুনে ব্যক্তিগতভাৱে বিচাৰৰ সন্মুখীন হৈছিল আৰু আপাত দৃষ্টিত “ৰাজসাক্ষী” হৈ ৰেহাই বিচাৰিছিল ।

দেওবাৰে আই চি টি-বি ডিৰ গাজী এম এইচ তামিমে কয়, ‘‘আমি হাছিনাৰ সৰ্বোচ্চ শাস্তিৰ দাবী জনাইছো । যোৱা বছৰ সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদত শ্বহীদ আৰু আহতসকলৰ পৰিয়ালৰ মাজত বিতৰণ কৰিবলৈ দোষীসকলৰ সম্পত্তি জব্দ কৰিবলৈও আমি অনুৰোধ জনাইছো ।’’

তেওঁ কয় যে অপৰাধ ন্যায়াধিকৰণ বাংলাদেশৰ আইন অনুসৰি হাছিনাক ৰায়দানৰ ৩০ দিনৰ ভিতৰত আত্মসমৰ্পণ নকৰালৈকে বা গ্ৰেপ্তাৰ নকৰালৈকে উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগত আবেদন কৰিবলৈ বাধা দিয়া হৈছে ।

অভিযুক্তসকলে কয় যে এই ৰায়দান চৰকাৰী বি টিভিত পোটপটীয়া সম্প্ৰচাৰ কৰা হ’ব আৰু ঢাকাৰ কেইবাটাও স্থানত বৃহৎ পৰ্দাত ইয়াৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে ন্যায়াধিকৰণৰ চূড়ান্ত অনুমোদনৰ অধীনত ৰায়দানৰ নিৰ্বাচিত অংশহে প্ৰচাৰ কৰা হ’ব । আই চি টি-বি ডিৰ অফিচিয়েল ফেচবুক পেজতো প্ৰচাৰ কৰা হ’ব এই ৰায় ।

নিশাটোৰ ভিতৰতে আৱামী লীগৰ ফেচবুক পেজত আপলোড কৰা এক অডিঅ’ মেছেজত হাছিনাই এই অভিযোগ নস্যাৎ কৰি দলৰ সদস্যসকলক চিন্তা নকৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয়, ‘‘আমি এনে আক্ৰমণ আৰু বহু গোচৰ দেখিছো, এয়া মাত্ৰ সময়ৰ কথা ।” আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰী গৃহ পৰিক্ৰমা উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলম চৌধুৰীয়ে কয়, ‘‘ৰায়দান যিয়েই নহওক কিয়, কাৰ্যকৰী কৰা হ’ব ৷’’

যিকোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি ৰোধ কৰিবলৈ সমগ্ৰ দেশতে নিৰাপত্তা কটকটীয়া কৰা হৈছে । হাছিনা, তেওঁৰ জ্যেষ্ঠ সহায়ক আৰু আৱামী লীগৰ কেইবাজনো নেতাৰ বিৰুদ্ধে হত্যাৰ পৰা আৰম্ভ কৰি দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰলৈকে কেইবাটাও অপৰাধত জড়িতৰ অভিযোগ উত্থাপন হৈছে

সোমবাৰৰ ৰায়দান যোৱা জুলাই মাহত হোৱা বিদ্ৰোহৰ সৈতে জড়িত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগৰ পাঁচটা গোচৰৰ সৈতে জড়িত । ইয়াৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, নিৰ্যাতন আৰু নিৰস্ত্ৰ ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে মাৰাত্মক শক্তিৰ ব্যৱহাৰ, অস্ত্ৰ, হেলিকপ্টাৰ আৰু ড্ৰোণ নিয়োগ কৰাৰ নিৰ্দেশ জাৰি কৰা আৰু ৰংপুৰ আৰু ঢাকাত সংঘটিত কেইবাটাও হত্যাকাণ্ডকে ধৰি একাধিক গোচৰৰ অভিযোগ ।

গাদীচ্যুত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰি অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী অধ্যাপক ইউনুছক সুপৰিকল্পিত আঁচনিৰ অংশ হিচাপে তেওঁক অপসাৰণ কৰিবলৈ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰিছে । হাছিনাই ইউনুছক "দখলদাৰী" বুলিও অভিহিত কৰিছিল ।

হাছিনাই কয়, ‘‘তেওঁলোকে মোৰ বিৰুদ্ধে গোচৰ চলাওক, মই কোনো গুৰুত্ব নিদিওঁ… ৰায়দানৰ পিছতো মোৰ মুখ খুলিব নোৱাৰিব ।’’ হাছিনাই এই অভিযোগ সম্পূৰ্ণ মিছা বুলি অভিহিত কৰি কয়, ‘‘যদি কোনোবাই আদালতত ভুৱা অভিযোগ দাখিল কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে আইনৰ অধীনত গোচৰ চলোৱা হ’ব আৰু এদিন সেয়াই হ’ব । ইউনুছে সেয়াই কৰিছে ৷’’

লগতে পঢ়ক: শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়ৰ পূৰ্বে বন্ধৰ আহ্বান আৱামি লীগৰ, বাংলাদেশত কটকটীয়া নিৰাপত্তা