আমেৰিকাত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫% লৈ হ্ৰাস
২০২৪-২৫ শিক্ষাবৰ্ষত ৩.৬৩ লাখতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাত বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰে ।

Published : August 25, 2026 at 7:48 PM IST
ৱাশ্চিংটন: ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে আমেৰিকাৰ মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত ১৫ শতাংশলৈ হ্ৰাস পাইছে । ‘কমন এপ’ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷
এই প্ৰতিবেদনত ১,১০০ৰো অধিক প্ৰতিষ্ঠানক সামৰি লোৱা হৈছে ৷ আগন্তুক ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে স্নাতক পৰ্যায়ত আবেদনকাৰী শিক্ষাৰ্থীৰ মুঠ সংখ্যা বৃদ্ধি পাইছে যদিও ১ মাৰ্চলৈকে আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ সংখ্যা ১০% লৈ হ্ৰাস পোৱা দেখা গৈছে ৷ যিটো অভিলেখৰ দিশেৰে চাবলৈ গ’লে সৰ্বাধিক হ্ৰাস ৷
এটা বেচৰকাৰী সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনৰ জৰিয়তে ভাৰতীয় আবেদনকাৰীৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে । আমেৰিকাত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাধিকেই ভাৰতৰ ৷ ২০২৪-২৫ শিক্ষাবৰ্ষত ৩.৬৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে দেশখনৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰে ।
প্ৰতিবেদন অনুসৰি, ২০২৫-২৬ শিক্ষাবৰ্ষত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় অৰ্থনীতিলৈ ৪১.৭৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বৰঙণি আগবঢ়াইছে । এই সংখ্যা ২০২৬-২৭ চনত ৩৮.৩৭ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ সম্ভাৱনা আছে ৷
ভিছাৰ ক্ষেত্ৰত প্ৰযোজিত কঠোৰ নিয়ম আৰু অনিশ্চিত নীতিৰ ফলতে চলিত বৰ্ষত আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন ১.১ লাখ পৰ্যন্ত কম হোৱাৰ সম্ভাৱনা আছে । শিক্ষাবিদসকলৰ এটা সংস্থাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷
এনএএফএছএ(NAFSA), এছ’চিয়েশ্বন অৱ ইণ্টাৰনেশ্বনেল এডুকেটৰছ আৰু গৱেষণা সংস্থা জেবি ইণ্টাৰনেশ্বনেলৰ এক প্ৰতিবেদন অনুসৰি, ২০২৫-২৬ চনত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন ১১.৬৯ লাখ বুলি অনুমান কৰা হৈছে ৷ যিটো চলিত বৰ্ষত ১০.৫৭ লাখলৈ হ্ৰাস পাইছে ।
জুলাই মাহত আমেৰিকা চৰকাৰে ছাত্ৰ আৰু পৰ্যটকৰ ভিছাৰ বাবে দীৰ্ঘদিনে চলি অহা নীতিৰ সংশোধন ঘটাই নতুন নীতি ঘোষণা কৰিছিল । এই নিয়মৰ অধীনত এই সময়সীমা চাৰি বছৰলৈ সীমাবদ্ধ থাকিব, যিটোৰ সাধাৰণতে শৈক্ষিক পাঠ্যক্ৰমৰ সময়সীমাৰ সৈতে সাদৃশ্য আছে ৷
স্নাতক উত্তীৰ্ণ হোৱাৰ পিছত আমেৰিকাত কাম কৰিবলৈ ‘ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ’ (OPT) কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিচৰা বিদেশী ছাত্ৰ-ছাত্ৰীৰ ওপৰতো আমেৰিকাই এক লাখ ডলাৰ মাচুল আৰোপ কৰাৰ কথা চিন্তা কৰিছে ।
ছাত্ৰ ভিছা লৈ আমেৰিকাত অধ্যয়নৰ বাবে যোৱা বিদেশী শিক্ষাৰ্থীসকলক অ’পিটিয়ে ১২ বা আন একাংশক ২৪ মাহৰ বাবে আমেৰিকাত কাম কৰাৰ অনুমতি দিয়ে । ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে নিয়োগকৰ্তাৰ পৃষ্ঠপোষকতাত এইচ-১বি ভিছালৈ নিজৰ ভিছাসমূহ পৰিৱৰ্তন কৰিব পাৰে ।
এইচ-১বি ভিছা হৈছে এক প্ৰকাৰৰ অস্থায়ী ভিছা, য’ত আমেৰিকাৰ কোম্পানীসমূহে তাত্ত্বিক বা কাৰিকৰী বিশেষজ্ঞতাৰ প্ৰয়োজন হোৱা বিশেষ বৃত্তিত বিদেশী শ্ৰমিকক নিয়োগ কৰিব পাৰে । প্ৰতি বছৰে লাখ লাখ কৰ্মচাৰী নিয়োগ কৰিবলৈ ভাৰত আৰু চীনৰ দৰে দেশসমূহৰ প্ৰযুক্তি কোম্পানীসমূহ ইয়াৰ ওপৰত নিৰ্ভৰশীল ।
লগতে পঢ়ক: এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰৰো অধিক বৃদ্ধিৰ প্ৰস্তাৱ আমেৰিকাৰ

