ETV Bharat / international

১৯৭১ চনত বঙালী হিন্দুৰ ওপৰত পাকিস্তানে চলোৱা অত্যাচাৰক গণহত্যা ঘোষণাৰ দাবী সাংসদ গ্ৰেগ লেণ্ডছমেনৰ

সাংসদগৰাকীয়ে উত্থাপন কৰা প্ৰস্তাৱটোত ১৯৭১ চনত পাকিস্তানী সেনাই বাংলাদেশৰ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰক গৰিহণা দিবলৈ প্ৰতিনিধি সদনক আহ্বান জনোৱা হৈছে ।

1971 GENOCIDE IN BANGLADESH
আমেৰিকাৰ সাংসদ গ্ৰেগ লেণ্ডছমেন (IANS)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 1:26 PM IST

3 Min Read
Choose ETV Bharat

ৱাশ্চিংটন: ১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানী সেনা আৰু জামাত-ই-ইছলামীয়ে বঙালী হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰক যুদ্ধজনিত অপৰাধ আৰু গণহত্যা বুলি গৰিহণা দিয়াৰ দাবী তুলি আমেৰিকাৰ সাংসদ গ্ৰেগ লেণ্ডছমেনে দেশখনৰ প্ৰতিনিধি সদনত এক প্ৰস্তাৱ উত্থাপন কৰিছে ।

শুকুৰবাৰে অহাইঅ’ৰ ডেম’ক্ৰেটিক দলৰ সাংসদ লেণ্ডছমেনে আমেৰিকাৰ প্ৰতিনিধি সদনত এই প্ৰস্তাৱ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত প্ৰস্তাৱটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হয় ।

১৯৭১ চনৰ ২৫ মাৰ্চৰ নিশা পাকিস্তান চৰকাৰে শ্বেখ মুজিবুৰ ৰহমানক বন্দী কৰে আৰু তেওঁৰ সামৰিক সংগঠনসমূহে জামাত-ই-ইছলামীৰ মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত অন্যান্য উগ্ৰ ইছলামিক সংগঠনসমূহৰ সৈতে মিলি সমগ্ৰ পূব পাকিস্তানত ‘‘অপাৰেশ্বন চাৰ্চলাইট’’ নামেৰে এক বৃহৎ অভিযান আৰম্ভ কৰে ৷ এই অভিযানত এক বিস্তৃত পৰিসৰত বহু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাই বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে ৷

প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে ১৯৭১ চনৰ ২৮ মাৰ্চত ঢাকাত থকা আমেৰিকাৰ কনছুল জেনেৰেল আৰ্চাৰ ব্লাডে ৱাশ্বিংটনলৈ ‘‘নিৰ্বাচিত গণহত্যা’’ শীৰ্ষক এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ এই পত্ৰত তেওঁ লিখিছিল, ‘‘পাক সামৰিক বাহিনীৰ সমৰ্থনমৰ্মে অনা-বঙালী মুছলমানসকলে পৰিকল্পিতভাৱে দৰিদ্ৰ লোকে বাস কৰা অঞ্চলসমূহত আক্ৰমণ কৰি বহুসংখ্যক বঙালী আৰু হিন্দু লোকক হত্যা কৰিছিল ।’’

লেণ্ডছমেনে লক্ষ্য কৰিছিল যে ১৯৭১ চনৰ ৬ এপ্ৰিলত ‘‘ব্লাড টেলিগ্ৰাম’’ নামেৰে পৰিচিত হোৱা কনছুল জেনেৰেল ব্লাডে এই সংঘাতৰ ওপৰত আমেৰিকা চৰকাৰৰ আনুষ্ঠানিক মৌনতাৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল, য’ত ঢাকাৰ কনছুলেট জেনেৰেলৰ ২০ জন সদস্যৰ স্বাক্ষৰ আছিল ।

তেতিয়াৰ কূটনীতিবিদগৰাকীয়ে বিষয়টো সন্দৰ্ভত টেলিগ্ৰামযোগে এনেদৰে কয়, ‘‘আমি নৈতিকভাৱেও হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছো ৷ কাৰণ সেয়া এখন সম্পূৰ্ণৰূপে সাৰ্বভৌম ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয় ৷’’ - লেণ্ডছমেনে উত্থাপন কৰা প্ৰস্তাৱটোত ১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে বাংলাদেশৰ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰক গৰিহণা দিবলৈ প্ৰতিনিধি সদনক আহ্বান জনাই এনেদৰে কয়

পাকিস্তানী সেনা আৰু ইয়াৰ ইছলামিক মিত্ৰসকলে ধৰ্ম আৰু লিংগ নিৰ্বিশেষে জনগোষ্ঠীয় বঙালীসকলৰ মাজত নিৰ্বিচাৰে গণহত্যা সংঘটিত কৰাতে ক্ষান্ত নাথাকি তেওঁলোকৰ ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক হত্যা কৰাৰ লগতে হাজাৰ হাজাৰ মহিলাক যৌন দাসী হিচাপে সেৱা আগবঢ়াবলৈ বাধ্য কৰাইছিল বুলি প্ৰস্তাৱটোত উল্লেখ আছে ।

তদুপৰি ইয়াত উল্লেখ আছে যে তেওঁলোকে বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু হিন্দুসকলক গণহত্যা, দলবদ্ধ ধৰ্ষণ, ধৰ্মান্তৰকৰণ আৰু বলপূৰ্বক বহিষ্কাৰৰ জৰিয়তে নিঃশেষ কৰাৰ লক্ষ্য বান্ধি লৈছিল ।

প্ৰস্তাৱটোত তেওঁলোকৰ সদস্যসকলে সংঘটিত কৰা অপৰাধৰ বাবে সমগ্ৰ জনগোষ্ঠী বা ধৰ্মীয় সম্প্ৰদায় দায়ী নহয় বুলি উল্লেখ কৰা হৈছে ৷ তদুপৰি ১৯৭১ চনৰ ভিতৰত পাকিস্তানৰ সশস্ত্ৰ বাহিনী আৰু জামাত-ই-ইছলামীয়ে বঙালী হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰক মানৱতাৰ বিৰুদ্ধে অপৰাধ, যুদ্ধজনিত অপৰাধ আৰু গণহত্যা ৰূপে স্বীকৃতি দিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিক আহ্বান জনোৱা হৈছে ৷

লগতে পঢ়ক: ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰিলে ইৰাণৰ শক্তিকেন্দ্ৰত আক্ৰমণ চলাব আমেৰিকাই: ট্ৰাম্পৰ সকীয়নি