ETV Bharat / international

ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰভাৱ: শ্ৰীলংকাত বান-ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি

প্ৰতিকূল বতৰৰ পৰিস্থিতিত বিগত ৭২ ঘণ্টাৰ ভিতৰত দেশখনত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে ।

Cyclone Ditwah
প্ৰতিনিধিত্বমূলক ছবি (AP)
author img

By PTI

Published : November 28, 2025 at 1:26 PM IST

2 Min Read
Choose ETV Bharat

কলম্বো : শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰলয়ংকৰী প্ৰভাৱ । ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে ২১ জন লোক নিৰুদ্দেশ হৈ আছে । শুকুৰবাৰে দেশখনত জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহৰ বাদে বাকীবোৰ বন্ধ ঘোষণা কৰা হৈছে ।

ৰাষ্ট্ৰখনৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে দ্বীপটোত প্ৰভাৱ অব্যাহত ৰখাৰ ফলত বিগত ৭২ ঘণ্টাৰ ভিতৰত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে ।

আনহাতে, জৰুৰীকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িতসকলৰ বাহিৰে শুকুৰবাৰে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে ।

দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে, প্ৰতিকূল বতৰৰ ফলত ১২,৩১৩টা পৰিয়ালৰ ৪৩,৯৯১ জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

ইফালে শুকুৰবাৰে পুৱা বতৰ বিজ্ঞান বিভাগে ঘোষণা কৰা অনুসৰি, শ্ৰীলংকাৰ পূব জিলা ট্ৰিনকোমালীৰ সমীপত ঘূৰ্ণীবতাহ দিত্বাহে অৱস্থান কৰিছে ।

ট্ৰিনকোমালীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণে দিত্বাহৰ কেন্দ্ৰবিন্দু আছিল আৰু উত্তৰ আৰু উত্তৰ-পশ্চিম দিশলৈ গতি কৰা দেখা গৈছিল ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সমগ্ৰ দ্বীপৰাষ্ট্ৰজুৰি প্ৰবল বৰষুণ আৰু ধুমুহা বতাহ অব্যাহত থাকিব । কেইবাখনো প্ৰদেশত ২০০ মিলিমিটাৰৰ ওপৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু পূবৰ ট্ৰিনকোমালী, মধ্য গালেৰ বাডুলা আৰু দক্ষিণ প্ৰদেশৰ মাটাৰাকে ধৰি অঞ্চলত ১৫০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

দেশৰ বহু অংশত ঘণ্টাত ৬০-৭০ কিলোমিটাৰৰ পৰা ৮০-৯০ কিঃমিঃ বেগেৰে বতাহ বলি থকাৰ সম্ভাৱনা আছে ।

শ্ৰীলংকা এয়াৰলাইনছে জনোৱা মতে, কেইবাখনো বিমানৰ গতিপথ ভাৰতৰ কোচি আৰু ত্ৰিবান্দ্ৰম আৰু দক্ষিণ প্ৰদেশৰ মটালা বিমানবন্দৰলৈ সলনি কৰা হৈছে ।

আনহাতে, সূত্ৰই জনোৱা মতে, দিনটোৰ শেষলৈ চৰকাৰে আহ্বান কৰিবলগীয়া এখন বৈঠকত প্ৰধানমন্ত্ৰী হৰিণী অমৰাসুৰিয়াই আন্তৰ্জাতিক সহায়ৰ আহ্বান জনোৱাৰ কথা চিন্তা কৰিছে ।

ৰে’ল বিভাগে জনোৱা মতে, শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো ৰে'লসেৱা বন্ধ কৰি দিয়া হৈছে ।

দেশখনৰ মধ্যৱৰ্তী প্ৰদেশ চহৰ গাম্পোলাত ৰে'লৱে ষ্টেচনটো সম্পূৰ্ণৰূপে পানীত ডুব গৈছে আৰু কেইবাটাও ডবা পানীৰ তলত আবদ্ধ হৈ পৰা বুলি ৰে'ল বিভাগৰ বিষয়াসকলে জনাইছে ।

ইয়াৰ উপৰি সমগ্ৰ দ্বীপটোৰ সকলো জলভাণ্ডাৰতে স্পিল গে'ট খুলি দিয়াৰ বাবে বানপানীৰ আশংকা আৰু অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক :দক্ষিণ ভাৰতৰ দিশে এইবাৰ আগবাঢ়িছে ঘূৰ্ণীবতাহ দিত্বাহ, হ’ব পাৰে ধাৰাসাৰ বৰষুণ; সতৰ্কবাণী জাৰি IMD-ৰ
লগতে পঢ়ক :আত্মসমৰ্পণ কৰিব ওলোৱা আফগান নাগৰিকক ইজৰাইলী বাহিনীয়ে হত্যাৰ অভিযোগ