কয়লাখনিৰ গেছ বিস্ফোৰণত ৮২ জন শ্ৰমিকৰ মৃত্যু, সন্ধানহীন কেইবাজনো
বিস্ফোৰণৰ সময়ত ২৪৭ জন শ্ৰমিক খনিটোৰ ভিতৰত আছিল । ঘটনাক লৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি ঝিং জিনপিঙৰ ৷

Published : May 23, 2026 at 2:45 PM IST
বেইজিং (চীন): উত্তৰ চীনৰ শ্বানছি প্ৰদেশৰ কয়লাখনিত সংঘটিত গেছ বিস্ফোৰণত ৮২ জন শ্ৰমিকৰ মৃত্যু হয় । চীনৰ চৰকাৰী সংবাদ মাধ্যমে শনিবাৰে প্ৰকাশ কৰে এই কথা । এই দুৰ্ঘটনাক শেহতীয়া বছৰবোৰত দেশৰ অন্যতম ভয়াৱহ ঔদ্যোগিক দুৰ্যোগ বুলি গণ্য কৰা হৈছে ৷ চীনৰ চৰকাৰী সংবাদ সংস্থা ঝিনহুয়াই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়া ৭:২৯ বজাত (১১২৯ জিএমটি) শ্বানছি প্ৰদেশৰ লিউচেনিউ কয়লাখনিত সংঘটিত হয় এই বিস্ফোৰণ ।
ঝিনহুয়াই প্ৰকাশ কৰা অনুসৰি সেই সময়ত খনিটোৰ ভিতৰত মুঠ ২৪৭ জন শ্ৰমিক আছিল, যাৰ অধিকাংশই শনিবাৰে পুৱালৈকে উলিয়াই অনা হৈছিল । কিন্তু পিছত সংস্থাটোৱে নিশ্চিত কৰে যে কমেও ৮২ জন লোকৰ মৃত্যু হৈছে আৰু ৯ জন লোক নিৰুদ্দেশ হৈ আছে ৷ নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।
ঝিনহুয়াই প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ঝিং জিনপিঙে আহতসকলৰ চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আৰু ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে যাতে দোষীক জবাবদিহি কৰি আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰিব পৰা যায় । তেওঁ কয়, "এই দুৰ্ঘটনাৰ পৰা সকলো খণ্ড আৰু বিভাগে শিক্ষা ল'ব লাগে, কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ প্ৰতি সজাগ হৈ থাকিব লাগে আৰু ডাঙৰ আৰু বিপৰ্যয়জনক দুৰ্ঘটনা সংঘটিত হোৱাটো দৃঢ়তাৰে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব লাগে ।"
সংবাদ সংস্থা পিটিআইৰ মতে, খনিটোত কাম-কাজ স্বাভাৱিকভাৱে চলি থকাৰ সময়তে হঠাতে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণৰ ফলত চাৰিওফালে আতংকৰ পৰিবেশ সৃষ্টি হয় । শ্ৰমিকৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় বাসিন্দাসকলে নিজৰ আপোনজনক বিচাৰি ভিৰ কৰেহি । ইফালে উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ উপ-প্ৰধানমন্ত্ৰী জাং গুওকিঙে এটা দলৰ সৈতে নিজেই সেই স্থানত উপস্থিত হয় ।
চীনৰ অন্যতম দৰিদ্ৰ প্ৰদেশ শ্বানছি দেশখনৰ কয়লা খননৰ ৰাজধানী । যোৱা দশকবোৰত খনিৰ সুৰক্ষাৰ উন্নতি হৈছে যদিও সুৰক্ষাৰ নিয়মত শিথিল থকা আৰু আইনসমূহ স্পষ্ট নোহোৱা উদ্যোগত এতিয়াও দুৰ্ঘটনা সংঘটিত হৈয়ে আছে । ২০২৩ চনত উত্তৰ ইনাৰ মংগোলিয়া অঞ্চলত মুকলি খাদৰ কয়লা খনি ভাঙি ৫৩ জন লোকৰ মৃত্যু হৈছিল । ইফালে ২০০৯ চনত উত্তৰ-পূব হেইলংজিয়াং প্ৰদেশৰ এটা খনিত হোৱা বিস্ফোৰণত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক : মণিপুৰৰ কাংপকপিত গীৰ্জাৰ জ্যেষ্ঠ ধৰ্মগুৰুৰ ওপৰত সশস্ত্ৰ আক্ৰমণ, নিহত ৩

