বাছ দুৰ্ঘটনাৰ ফলত অগ্নিকাণ্ড, এটা কেঁচুৱাকে ধৰি ৮ জনৰ মৃত্যু
বাছখনত ৩৮ জন যাত্ৰী আৰু তিনিজন কৰ্মচাৰী আছিল । বাছখনে ইজমিৰৰ পৰা ভূমধ্য সাগৰীয় চহৰ এণ্টালিয়ালৈ গৈ আছিল ৷

Published : May 31, 2026 at 10:06 PM IST
ইস্তানবুল: এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত ৷ বাছ দুৰ্ঘটনাৰ ফলত হোৱা অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে এটি শিশুকে ধৰি ৮ জন লোকৰ ৷ এই দুৰ্ঘটনাটো দেওবাৰে পশ্চিম তুৰস্কত সংঘটিত হৈছে ৷
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে পুৱতি নিশা পশ্চিম তুৰস্কত এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই অগ্নিকাণ্ডত এটি ৯ মহীয়া কেঁচুৱাকে ধৰি ৮ জন লোকৰ মৃত্যু ঘটে ।
ডেমিৰ’ৰেন সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, পামুক্কালে টুৰিজিমৰ মালিকানাধীন বাছখন ইজমিৰৰ পৰা ভূমধ্য সাগৰীয় চহৰ এণ্টালিয়ালৈ ৩৮ জন যাত্ৰী আৰু তিনিজন কৰ্মচাৰী কঢ়িয়াই গৈ থকাৰ সময়তে মাজনিশা ১.৪০ বজাত ডেনিজলি প্ৰদেশৰ ঘাইপথত দুৰ্ঘটনাত পতিত হয় ৷
এই ঘটনাত প্ৰায় ৩৩ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । নিহত লোকসকলৰ ভিতৰত এজন ৫০ বছৰীয়া চালক আৰু শিশুটিৰ পিতৃ থকাৰ কথা জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ পিছত প্ৰকাশিত ফটোসমূহত পথৰ দাঁতিত বাছখনৰ জ্বলি যোৱা অৱশিষ্ট অংশসমূহ দেখা গৈছে ।
উল্লেখ্য যে, শনিবাৰে আছিল ঈদ-উল-আজহাৰ শেষৰটো দিন ৷ এই দিনটোতে সমগ্ৰ তুৰস্কৰ কেইবাটাও প্ৰান্তত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বহু মানুহে পৰিয়ালক লগ কৰিবলৈ আৰু বন্ধৰ দিনবোৰ উদযাপন কৰিবলৈ দেশখনৰ ভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে ৷
লগতে পঢ়ক: গাজাত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধিৰ নিৰ্দেশ নেতান্যাহুৰ, ৭০% ৰ দখলৰ লক্ষ্য

