ETV Bharat / international

বিমান যাত্ৰা হৈ পৰিছে বিপদ সংকূল; অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলি গ’ল যাত্ৰীবাহী বিমান

নেপালত বুদ্ধ এয়াৰৰ এখন বিমান দুৰ্ঘটনাত পতিত হয় । বিমানখনত ৫১ গৰাকী যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰ আছিল ।

Buddha Air flight
নেপালত বিমান দুৰ্ঘটনা (ANI)
author img

By ANI

Published : January 3, 2026 at 10:00 AM IST

2 Min Read
Choose ETV Bharat

কাঠমাণ্ডু (নেপাল) : নতুন বছৰৰ দ্বিতীয়টো দিনতে নেপালত অঘটন । ভদ্ৰপুৰ বিমানবন্দৰত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বিমান । বিমানখনত আছিল ৫০ ৰো অধিক লোক । শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ।

নেপালৰ ঝাপা জিলাৰ ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে ৰাণৱেৰ পৰা পিছলি যায় বিমানখন । কাঠমাণ্ডুৰ পৰা আহিছিল বুদ্ধ এয়াৰৰ ৯০১ নম্বৰৰ বিমানখন । বিষয়াসকলে জনোৱা মতে বিমানখনত ৫১ গৰাকী যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰ আছিল ।

সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই । নেপাল আৰক্ষীয়ে অৱতৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰু সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে উদ্ধাৰ কৰা বুলি নিশ্চিত কৰিছে ।

নেপাল আৰক্ষীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "কাঠমাণ্ডুৰ পৰা ৫১ গৰাকী যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰক লৈ ঝাপা জিলাৰ ভদ্ৰপুৰ বিমানবন্দৰলৈ উৰা মৰা বুদ্ধ এয়াৰ বিমানখনে ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণৰ সময়ত এক দুৰ্ঘটনাৰ সন্মুখীন হয় । নেপাল আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই সকলো লোককে নিৰাপদে উদ্ধাৰ কৰিছে ।"

বুদ্ধ এয়াৰে জনোৱা মতে বিমানখন অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি গৈছিল । এক্সত বিমান সংস্থাটোৱে এক বিবৃতিত কয়, "কাঠমাণ্ডুৰ পৰা ভদ্ৰপুৰলৈ যোৱা ৯০১ নম্বৰৰ বিমানখন ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি যায় । বিমানখনত ৫১ গৰাকী যাত্ৰী আছিল । সকলো যাত্ৰী আৰু ক্ৰু (৪ গৰাকী) সুৰক্ষিত ।"

বিমান সংস্থাটোৱে লগতে কয় যে পৰিস্থিতিৰ বুজ ল'বলৈ কাঠমাণ্ডুৰ পৰা আন এখন বিমানত কাৰিকৰী আৰু সাহায্যকাৰী দল এটা প্ৰেৰণ কৰা হৈছে । বিমানখনে কাঠমাণ্ডুৰ পৰা নিশা ৮:২৩ বজাত উৰা মাৰিছিল আৰু পিছদিনা পুৱা একেখন বিমান কাঠমাণ্ডুলৈ উভতি যোৱাৰ কথা আছিল । কৰ্তৃপক্ষই কয় যে পৰিদৰ্শন আৰু কাৰিকৰী মূল্যায়ন সম্পূৰ্ণ হোৱাৰ পিছত অধিক তথ্য জনোৱা হ'ব ।

যোৱা কিছু বছৰত ধাৰাবাহিক বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নেপালত বিমান সুৰক্ষাৰ ওপৰত অব্যাহত থকা তদন্তৰ মাজতে এই ঘটনা সংঘটিত হৈছে । ২০২৪ চনৰ জুলাই মাহত কাঠমাণ্ডুৰ পৰা উৰণৰ পিছত শৌৰ্য এয়াৰলাইন্সৰ বোম্বাৰ্ডিয়াৰ চিআৰজে২০০এলআৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানত থকা ১৯ গৰাকী লোকৰ ভিতৰত ১৮ গৰাকীৰে মৃত্যু হৈছিল ।

লগতে পঢ়ক :গংগা জলচুক্তিৰ শেষৰটো বছৰ, যৌথভাৱে পানী জোখাৰ কাম আৰম্ভ ভাৰত-বাংলাদেশৰ