ETV Bharat / international

বাংলাদেশৰ নিৰ্বাচনত ভাগ ল'ব নোৱাৰিব হাছিনাৰ দলে : ১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত ঘূৰি আহিল খালেদা জিয়াৰ পুত্ৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিশ্চিত কৰিছে যে বৰ্তমান ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ হৈ থকা আৱামী লীগে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব ।

BANGLADESH ELECTIONS FEBRUARY 2026
আৱামী লীগৰ ল'গ' (ANI)
author img

By ANI

Published : December 25, 2025 at 6:46 PM IST

4 Min Read
Choose ETV Bharat

ঢাকা: বাংলাদেশত বিৰাজমান ৰাজনৈতিক অস্থিৰতা আৰু ৰাজনৈতিক পৰিৱেশৰ বৃহৎ পৰিৱৰ্তনৰ মাজতে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে নিশ্চিত কৰিছে যে নিৰ্বাসিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগৰ বিৰুদ্ধে নিৰ্বাচনত অংশগ্ৰহণৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ যাৰ বাবে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব দলটোৱে ৷

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব ছফিকুল আলমে ঘোষণা কৰে যে বৰ্তমান দেশখনত ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ হৈ থকা আৱামী লীগে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

বুধবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ পৰামৰ্শদাতা পৰিষদৰ বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি আলমে এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে ৷ য’ত আমেৰিকাৰ সাংসদসকলে আৱামী লীগ নিষিদ্ধকৰণক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্য উপদেষ্টালৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

তেওঁ কয় যে তেওঁ চিঠিখন দেখা নাই আৰু সেই বিষয়ে অজ্ঞাত । অৱশ্যে তেওঁ আৱামী লীগ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট বুলি দাবী কৰে ৷

সচিবগৰাকীয়ে কয় যে যিহেতু আৱামী লীগৰ কাম-কাজ নিষিদ্ধ কৰা হৈছে আৰু নিৰ্বাচন আয়োগে দলৰ পঞ্জীয়ন বাতিল কৰিছে, গতিকে এই নিৰ্বাচনত আৱামী লীগে অংশগ্ৰহণ কৰিব নোৱাৰিব ।

দলটোৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে নেতাসকলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত বিচাৰ চলি আছে । পূৰ্বে মে’ মাহত অন্তৱৰ্তীকালীন চৰকাৰে গেজেট অধিসূচনা জাৰি কৰি বাংলাদেশৰ আৱামী লীগ আৰু ইয়াৰ সৈতে সংযুক্ত, সহযোগী আৰু বন্ধুত্বপূৰ্ণ সংগঠনসমূহৰ সকলো কাৰ্যকলাপ নিষিদ্ধ কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে এই সিদ্ধান্ত বলবৎ থাকিব বুলি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জননিৰাপত্তা বিভাগে উল্লেখ কৰে ৷ অধিসূচনাত কোৱা হৈছে যে এই ব্যৱস্থা সন্ত্ৰাসবাদ বিৰোধী (সংশোধনী) অধ্যাদেশৰ অধীনত গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা বছৰৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ পিছত শ্বেখ হাছিনাৰ চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ প্ৰায় এবছৰৰ পাছত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁৰ দল অবিহনে নিৰ্বাচন নিৰ্বাচন নহয়, বৰং ৰাজ অভিষেক হ’ব ৷ কাৰণ আগন্তুক নিৰ্বাচনত আৱামী লীগৰ অংশগ্ৰহণত বাধা আৰোপ কৰা হৈছে ।

হাছিনাই কয়, ‘‘আৱামী লীগ অবিহনে নিৰ্বাচন নিৰ্বাচন নহয়, ৰাজ অভিষেকহে । বাংলাদেশী জনসাধাৰণৰ এটাও ভোট নোহোৱাকৈয়ে শাসন কৰি আছে ইউনুছে আৰু এতিয়া জনসাধাৰণৰ আদেশত ৯ বাৰ নিৰ্বাচিত হোৱা দল এটাক নিষিদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে ।’’

তেওঁ লগতে কয়, ‘‘ঐতিহাসিকভাৱে যেতিয়া বাংলাদেশীয়ে নিজৰ পচন্দৰ দলক ভোট দিব নোৱাৰে, তেতিয়া তেওঁলোকে একেবাৰেই ভোট নিদিয়ে । গতিকে যদি আৱামী লীগৰ বিৰুদ্ধে এই নিষেধাজ্ঞা অব্যাহত থাকে, তেন্তে লাখ লাখ লোক কাৰ্যকৰীভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব । এনে কাৰ্যৰ জৰিয়তে গঠিত যিকোনো চৰকাৰৰ শাসনৰ নৈতিক কৰ্তৃত্বৰ অভাৱ হ’ব । এয়া এক বৃহৎ লোকচান, যি সময়ত বাংলাদেশক প্ৰকৃত ৰাষ্ট্ৰীয় সংযোগ প্ৰক্ৰিয়াৰ অতি প্ৰয়োজন ।’’

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ এই সময়ছোৱাত ৰাজনৈতিক উত্তেজনা তীব্ৰতৰ হৈ পৰিছে ।

BANGLADESH ELECTIONS FEBRUARY 2026
বাংলাদেশ জাতীয়তাবাদী পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰহমান আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ (ANI)

তাৰিক ৰহমানৰ প্ৰত্যাৱৰ্তন

১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত বৃহস্পতিবাৰে বাংলাদেশ জাতীয়তাবাদী পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰহমান প্ৰত্যাৱৰ্তন কৰিছে ঢাকালৈ ৷ নেতাগৰাকীক ব্যাপক আদৰণি জনাই দলটোৱে ৷

দলীয় সূত্ৰৰ উদ্ধৃতিৰে bdnews24 য়ে প্ৰকাশ কৰা খবৰ অনুসৰি বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিকে ৰহমানে পত্নী জুবাইদা ৰহমান আৰু কন্যা জয়মা ৰহমানৰ সৈতে বুধবাৰে(স্থানীয় সময় অনুসৰি) লণ্ডনৰ পৰা বাংলাদেশ এয়াৰলাইন্সৰ এখন বিমানত ঘৰমুখী যাত্ৰা আৰম্ভ কৰে ৷ দেশখনত চলি থকা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰহমানৰ ঢাকালৈ প্ৰত্যাৱৰ্তন কৰাটোৱে ব্যাপক ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: তাৰিক ৰহমানৰ আগমনৰ পূৰ্বে বাংলাদেশত বোমা বিস্ফোৰণ, নিহত এক