ETV Bharat / international

শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিব বাংলাদেশে : বৈদেশিক উপদেষ্টা

৭৮ বছৰীয়া আৱামী লীগৰ নেত্ৰীগৰাকীয়ে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছত বিগত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশৰ পৰা পলায়ন কৰে ৷

SHEIKH HASINA
শ্বেখ হাছিনা (ETV Bharat)
author img

By PTI

Published : December 10, 2025 at 8:15 PM IST

2 Min Read
Choose ETV Bharat

ঢাকা(বাংলাদেশ): বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা দেশখনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত অব্যাহত থাকিব সকলো প্ৰকাৰৰ কূটনৈতিক প্ৰচেষ্টা ৷ এই কথা বুধবাৰে সদৰী কৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ৷ ইতিমধ্যে কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে হাছিনাৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰা হৈছে ৷

৭৮ বছৰীয়া আৱামী লীগৰ নেত্ৰীগৰাকীয়ে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছত বিগত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশৰ পৰা পলায়ন কৰে ৷ তাৰ পিছৰে পৰা তেওঁ ভাৰতত বাস কৰি আহিছে ।

‘‘তেওঁক ঢাকালৈ ঘূৰাই পঠিয়াবলৈ আমি ভাৰতক মান্তি কৰাবলৈ যত্ন কৰিম’’ বুলি দেশখনৰ বৈদেশিক উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে কোৱা বুলি ৰাজ্যিক সংবাদ সংস্থা বি এছ এছে প্ৰকাশ কৰিছে ৷

তৌহিদে কয় যে শেষত হাছিনাৰ প্ৰত্যাৱৰ্তন ভাৰতৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰশীল ।

শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, ‘‘হাছিনা কিছুমান বিশেষ পৰিস্থিতিত পৰিহে ভাৰতলৈ আহিছে আৰু মই ভাবো সেই পৰিস্থিতি তেওঁৰ ভৱিষ্যতৰ এক উল্লেখযোগ্য কাৰক । কিন্তু তথাপিও সেয়া তেওঁ নিজেই ল’বলগীয়া সিদ্ধান্ত ।’’

প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ তৃতীয় দেশলৈ পুনৰ সংস্থাপনৰ সম্ভাৱনীয়তাৰ খবৰৰ বিপৰীতে প্রতিক্রিয়া প্রকাশ কৰি তৌহিদে কয় যে তেওঁ কেৱল সংবাদ মাধ্যমতহে এনে দাবী কৰা দেখিছে ৷

তেওঁ কয়, ‘‘মই কূটনৈতিক মাধ্যমেৰে এনে কোনো তথ্য লাভ কৰা নাছিলো ।’’

উল্লেখ্য যে, বিগত ১৭ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে যোৱা বছৰৰ জুলাই-আগষ্ট মাহত গণবিদ্ৰোহৰ সময়ত সংঘটিত হোৱা “মানৱতাৰ বিৰুদ্ধে অপৰাধ”ৰ বাবে হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলক মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় প্ৰদান কৰে ৷

আদালতৰ ৰায়ৰ পিছত বাংলাদেশে ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰি হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিছে ।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হাছিনাক প্ৰত্যাৰ্পণৰ বাবে কৰা অনুৰোধ পৰীক্ষা কৰি থকা বুলি উল্লেখ কৰি ভাৰতে নতুন দিল্লী সেই দেশৰ জনসাধাৰণৰ সৰ্বোচ্চ স্বাৰ্থ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে কয় ৷

হাছিনাই কৈছিল যে কোনো গণতান্ত্ৰিক অধিকাৰ নথকা, অনিৰ্বাচিত চৰকাৰে প্ৰতিষ্ঠা কৰা আৰু নেতৃত্ব দিয়া আদালতৰ এই ৰায়দানৰ কোনো গণতান্ত্ৰিক ভিত্তি নাই ৷

আন এখন আদালতে ২৭ নৱেম্বৰত চৰকাৰী গৃহ নিৰ্মাণ প্ৰকল্পৰ ভূমি আবণ্টনৰ অনিয়মৰ সৈতে জড়িত তিনিটাকৈ দুৰ্নীতিৰ গোচৰত অভিযুক্ত হাছিনাক ২১ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ।

১ ডিচেম্বৰত হাছিনাক আদালতে দোষী সাব্যস্ত কৰি ভূমি কেলেংকাৰীৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড আৰু ভতিজা, ব্ৰিটিছ সাংসদ টিউলিপ ছিদ্দিকক দুবছৰৰ কাৰাদণ্ড বিহে ।

লগতে পঢ়ক: গণহত্যাৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড