শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়ৰ পূৰ্বে বন্ধৰ আহ্বান আৱামি লীগৰ, বাংলাদেশত কটকটীয়া নিৰাপত্তা
শ্বেখ হাছিনাৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ ৰায়দানৰ পূৰ্বে বাংলাদেশত বন্ধ ঘোষণা আৱামি লীগৰ । সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।

By ANI
Published : November 16, 2025 at 4:17 PM IST
ঢাকা (বাংলাদেশ) : ২০২৪ চনৰ জুলাই-আগষ্ট মাহত শিক্ষাৰ্থীৰ প্ৰতিবাদত অচল হৈ পৰিছিল বাংলাদেশ । হিংসাত্মক প্ৰতিবাদৰ বাবে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । আনহাতে শ্বেখ হাছিনাৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায়দানৰ বাবে সাজু হৈছে বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ । ইফালে আদালতৰ ৰায়ৰ পূৰ্বে দেশখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে শ্বেখ হাছিনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে । শ্বেখ হাছিনাৰ বাংলাদেশ আৱামি লীগে দেওবাৰে পুৱাৰে পৰা দুদিনীয়া দেশজোৰা বন্ধৰ ঘোষণা কৰিছে । যাৰ ফলত স্বাভাৱিক জীৱনত ব্যাহত হৈ পৰিছে । এনে পৰিস্থিতিত দেশখনত নিৰাপত্তা কটকটীয়া কৰা হৈছে । ৰাজধানী ঢাকাত যাতায়ত তুলনামূলকভাৱে কম হোৱাৰ বিপৰীতে কিছুমান অঞ্চলত ফটকাৰ শব্দও শুনা গৈছে ।
ব্যৱসায়ীসকলে ৰাজনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আগন্তুক সাধাৰণ নিৰ্বাচনে দেশৰ স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে । বাংলাদেশ গাৰ্মেণ্ট মেনুফেকচাৰ্ছ এণ্ড এক্সপ'ৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি কাজী মনিৰুজ্জামানে কয়, "মই ভাবো এয়া বৰ সুস্থিৰ পৰিৱেশ নহয় । এনে পৰিস্থিতিৰ বাবে আমি অতিশয় ভয় খাইছো । আমি আশা কৰিছোঁ যে মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগে । ৰাইজে শান্তিৰে ভোট দিব । এখন নিৰ্বাচিত চৰকাৰে বাণিজ্য, সামাজিক বিষয়, আইন-শৃংখলাকে ধৰি সকলো সমস্যাৰ সমাধান কৰিব পাৰিব । বৰ্তমানৰ অৱস্থা অতি বেয়া ।"
তেওঁ লগতে কয়, "১৯৭১ চনত দেশৰ হৈ যুঁজ দিয়া এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে মই বাংলাদেশৰ জনসাধাৰণৰ অসুবিধাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ । যোৱা বছৰটো আছিল অতি কঠিন আছিল । আমি আশা কৰিছোঁ যে ২০২৬ চনৰ নিৰ্বাচনে বাংলাদেশৰ জনসাধাৰণক নতুন আশাৰ সঞ্চাৰ কৰিব । আমাৰ লক্ষ্য হৈছে আমাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি সকলো চুবুৰীয়া দেশৰ সৈতে সুসম্পৰ্ক বজাই ৰখা । তাৰোপৰি শান্তিপূৰ্ণ এখন দেশৰ বাবে আমি একত্ৰিত হ'ব লাগিব ।"
চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মনিৰুজ্জামানে কয়, "১৯৭১ চনত ভাৰতে আমাক সহায় কৰিছিল আৰু মই স্বাধীনতা সংগ্ৰামী হিচাপে তাতেই প্ৰশিক্ষণ লৈছিলোঁ । আমাৰ সাৰ্বভৌমত্বক সন্মান জনাই ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন । এজন প্ৰধান প্ৰতিবেশী হিচাপে ভাৰতে আমাৰ আৱেগক সন্মান কৰিব আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতেও আমাৰ সম্পৰ্ক ভাল হৈ থাকিব ।"
বস্ত্ৰ উদ্যোগ সন্দৰ্ভত মনিৰুজ্জামানে কয়, "আমি বস্ত্ৰ উদ্যোগক লৈ গৌৰৱান্বিত । ই দীৰ্ঘদিন ধৰি চলি আহিছে, কিন্তু বৰ্তমানৰ পৰিস্থিতি অস্থিৰ । যিকোনো অশান্তিয়ে উদ্যোগটোৰ ক্ষতি কৰিব আৰু বিদেশী ক্ৰেতাই আত্মবিশ্বাস হেৰুৱাব পাৰে । এই খণ্ডই বাংলাদেশৰ বেছিভাগ বৈদেশিক মুদ্ৰাৰ সৃষ্টি কৰে আৰু বহু লোকক নিযুক্তি দিয়ে, বিশেষকৈ মহিলাসকলক সংস্থাপন দিয়ে । যদিহে উদ্যোগটো সুৰক্ষিত নহয়, তেন্তে ইয়াৰ ফলত সামাজিক অশান্তি আৰু অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হ'ব পাৰে ।"
সংখ্যালঘু বিষয়ত তেওঁ কয়, "এজন মানুহ হিচাপে মই সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ মাজত বৈষম্যত বিশ্বাস নকৰো । আমি সকলোৱে বাংলাদেশী আৰু ধৰ্মৰ ভিত্তিত কোনো বৈষম্য হ'ব নালাগে ।"
উল্লেখ্য যে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে আৱামি লীগ আৰু ইয়াৰ সংযুক্ত সংগঠনসমূহৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ পিছৰে পৰা দলৰ নেতাসকলে অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে কাৰ্যসূচী ঘোষণা কৰি সক্ৰিয়ভাৱে অনলাইনত প্ৰচাৰ চলাই আহিছে ।
উল্লেখ্য যে ২০২৪ চনৰ জুলাই মাহত ছাত্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনাৰ চৰকাৰৰ পতন হয় । ২০২৪ চনৰ ৫ আগষ্টত হাছিনাই ভাৰতলৈ পলায়ন কৰে আৰু মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি জুলাই মাহৰ প্ৰতিবাদৰ সময়ত প্ৰায় ১৪০০ লোকৰ মৃত্যু হয় ।
১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত সংঘটিত মানৱতা বিৰোধী অপৰাধৰ বাবে পাকিস্তানক গোচৰ চলাবলৈ শ্বেখ হাছিনা প্ৰশাসনে প্ৰথমে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণ গঠন কৰিছিল । এই ন্যায়াধিকৰণে ইয়াৰ পূৰ্বে হাছিনাৰ কাৰ্যকালত যুদ্ধৰ অপৰাধৰ অভিযোগত অভিযুক্ত কেইবাজনো জামাত-ই-ইছলামী নেতাৰ বিৰুদ্ধে বিচাৰ চলাইছিল ।
লগতে পঢ়ক :পাৰমাণৱিক পৰীক্ষা সন্দৰ্ভত ট্ৰাম্পৰ মন্তব্যক বিকৃত কৰিছে; ভাৰতক সমালোচনা পাকিস্তানৰ

