ETV Bharat / international

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত উত্তেজিত বাংলাদেশ: ঢাকাই মাতি নি জবাবদিহি কৰিলে ভাৰতীয় উচ্চায়ুক্তক

মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ বাংলাদেশী নাগৰিক সন্দৰ্ভত কৰা মন্তব্যৰ আনুষ্ঠানিক বিৰোধিতা প্ৰদৰ্শন কৰি বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি নিয়ে চৰকাৰে ।

Indian High Commissioner
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত উত্তেজিত বাংলাদেশ (ETV Bharat Assam)
author img

By ANI

Published : May 1, 2026 at 5:52 PM IST

2 Min Read
Choose ETV Bharat

ঢাকা: "২০ জন বাংলাদেশী নাগৰিকক অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু পিছত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে ৷" অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যই সম্প্ৰতি উত্তেজিত কৰিছে বাংলাদেশক ৷ অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ বাংলাদেশী নাগৰিক সন্দৰ্ভত কৰা মন্তব্যৰ আনুষ্ঠানিক বিৰোধিতা প্ৰদৰ্শন কৰি বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি আনিছে চৰকাৰে ।

ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অসমৰ পৰা বাংলাদেশী লোকসকলক বিতাড়ন কৰাৰ সৈতে জড়িত এই মন্তব্যৰ পিছতে কূটনৈতিক হস্তক্ষেপ গ্ৰহণ কৰা হৈছে ।

বৃহস্পতিবাৰে বিয়লি বাংলাদেশস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীক বাংলাদেশ চৰকাৰে মাতি আনি আনুষ্ঠানিকভাৱে এই কথাৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ঢাকাই শেহতীয়া ৰাজহুৱা আলোচনাৰ প্ৰকৃতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষতি কৰিব পৰা মন্তব্য এৰাই চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে, বিগত ২৬ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণৰ পিছৰে পৰা এই কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ২০ জন বাংলাদেশী নাগৰিকক অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু পিছত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছিল ।

সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতিৰে সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে ডঃ শৰ্মাই কয়, "অভদ্ৰ মানুহে সৰলতাৰ ভাষা বুজি নাপায় । অসমৰ পৰা ঘূৰি নোযোৱা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সময়ত বাৰে বাৰে এই দূৰদৰ্শী কথাষাৰ আমাৰ মনত আহে । উদাহৰণস্বৰূপে, যোৱানিশা খেদি পঠিওৱা এই ২০ জন অবৈধ বাংলাদেশী ।"

বাংলাদেশে কয় যে এনে ৰাজহুৱা মন্তব্য ক্ষতিকাৰক আৰু চুবুৰীয়া দেশ দুখনৰ মাজৰ সম্পৰ্কত যতি পৰিব পাৰে । ঢাকা ট্ৰিবিউনৰ মতে, বৈদেশিক মন্ত্ৰালয়ে দুয়োখন দেশৰ মাজত সহযোগিতাৰ মনোভাৱ বজাই ৰাখিবলৈ স্পৰ্শকাতৰ দ্বিপাক্ষিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে সংযম প্ৰয়োগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

১৯৭১ চনৰ মুক্তিযুদ্ধৰ পৰা উদ্ভৱ হোৱা ঐতিহাসিক, সাংস্কৃতিক আৰু নিৰাপত্তা সহযোগিতাৰ এক শক্তিশালী ভেটিৰ দ্বাৰা সংজ্ঞায়িত ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কৰ সৈতে জড়িত হৈ থকাৰ সময়তে এই কথা উত্থাপন হয় ৷

দুয়োখন দেশেই নিজৰ দীৰ্ঘদিনীয়া মিত্ৰতাৰ মূল নীতিসমূহ বজাই ৰাখি এই সংবেদনশীল বিষয়সমূহ সমাধানৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে ।

লগতে পঢ়ক: ট্ৰাম্পৰ অৱৰোধৰ সতৰ্কবাণীৰ প্ৰভাৱ: তেলৰ মূল্য চাৰি বছৰৰ সৰ্বোচ্চ, শ্বেয়াৰ বজাৰৰ পতন