ETV Bharat / international

শপত ল'লে বাংলাদেশৰ হ’বলগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমান আৰু সাংসদসকলে

বি এন পিৰ মুৰব্বী তথা দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক বংশৰ বংশধৰ তাৰিক ৰহমানে ১২ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত বহৎ বিজয় সাব্যস্ত কৰে ।

TARIQUE RAHMAN OATH
বাংলাদেশৰ হ’বলগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমান (AFP)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 1:55 PM IST

4 Min Read
Choose ETV Bharat

ঢাকা : বাংলাদেশৰ হ’বলগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমান আৰু সাংসদসকলে মঙলবাৰে সংসদত শপত গ্ৰহণ কৰে । ইয়াৰ লগে লগে ২০২৪ চনৰ গণ বিদ্ৰোহৰ পিছত তেওঁলোক প্ৰথম নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে পৰিগণিত হয় । শ্বেখ হাছিনাৰ স্বৈৰাচাৰী চৰকাৰ উৎখাত হোৱাৰ পিছত ১৮ মাহ ধৰি ১৭ কোটি জনসংখ্যাৰ দেশখনক পৰিচালনা কৰি অহা অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ পৰা এতিয়া দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে তাৰিক ৰহমান ।

বাংলাদেশৰ প্ৰতি আনুগত্যৰ প্ৰতিশ্ৰুতিৰে সাংসদসকলক শপত বাক্য পাঠ কৰায় মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে । বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ সাংসদসকলে আনুষ্ঠানিকভাৱে তাৰিক ৰহমানক নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে । তাৰ পিছত মঙলবাৰে বিয়লিৰ ভাগত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলক শপত গ্ৰহণ কৰাব ।

বি এন পিৰ মুৰব্বী তথা দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক বংশৰ বংশধৰ ৬০ বছৰীয়া তাৰিক ৰহমানে ১২ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত এক বৃহৎ জয় সাব্যস্ত কৰে । শনিবাৰে প্ৰদান কৰা বিজয় ভাষণত তেওঁ কয়, "এই বিজয় বাংলাদেশৰ, গণতন্ত্ৰৰ । এই জয় গণতন্ত্ৰৰ বাবে আকাংক্ষা কৰা আৰু ত্যাগ স্বীকাৰ কৰা লোকসকলৰ বাবে ।" কিন্তু তেওঁ বিশ্বৰ দ্বিতীয় বৃহত্তম কাপোৰ ৰপ্তানিকাৰক দেশখনৰ অৰ্থনৈতিক দুৰ্দশাৰ সৈতে মোকাবিলা কৰাকে ধৰি আগন্তুক প্ৰত্যাহ্বানসমূহৰ বিষয়েও সকীয়াই দিয়ে ।

বিজয় ভাষণত তেওঁ লগতে কয়, "স্বৈৰাচাৰী শাসন ব্যৱস্থাই এৰি থৈ যোৱা ভংগুৰ অৰ্থনীতি, দুৰ্বল সাংবিধানিক আৰু বিধিগত প্ৰতিষ্ঠান আৰু অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতিৰ দ্বাৰা চিহ্নিত পৰিস্থিতিত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ ।" বিশ্বৰ দ্বিতীয় বৃহত্তম কাপোৰ ৰপ্তানিকাৰক দেশখনৰ ওপৰত বিনিয়োগকাৰীৰ আস্থাক প্ৰভাৱিত কৰা কেইবামাহো ধৰি চলি অহা অস্থিৰতাৰ পিছত স্থিতিশীলতা পুনৰ ঘূৰাই অনা আৰু বিকাশ পুনৰ সজীৱ কৰাৰ প্ৰতিশ্ৰুতি দিছে নতুন নেতাগৰাকীয়ে । আনহাতে, বছৰ বছৰ ধৰি চলি অহা তিক্ত প্ৰতিদ্বন্দ্বিতামূলক মেৰুবিভাজিত দেশখনত সকলো দলকে 'একেলগে থাকিবলৈ'ও আহ্বান জনায় ।

শান্তিপূৰ্ণ বিৰোধীৰ আশা

ঢাকাৰ ৰাজনৈতিক ধুমুহাৰ পৰা বহু দূৰৈত ব্ৰিটেইনত ১৭ বছৰ নিৰ্বাসনৰ অন্তত যোৱা ডিচেম্বৰ মাহতহে বাংলাদেশলৈ উভতি অহা এজন ব্যক্তিৰ বাবে তাৰিক ৰহমানৰ এই বিজয় এক উল্লেখযোগ্য পৰিৱৰ্তন । বি এন পি মিত্ৰজোঁটে ২১২ খন আসন লাভ কৰাৰ বিপৰীতে জামাত-ই-ইছলামী নেতৃত্বাধীন মিত্ৰজোঁটে ৭৭ খন আসন লাভ কৰে । পূৰ্বৰ শ্ৰেষ্ঠ আসন সংখ্যাৰ তুলনাত চাৰিগুণ বৃদ্ধিৰে সংসদৰ এক চতুৰ্থাংশতকৈ অধিক আসন লাভ কৰা জামাতে ৩২টা সমষ্টিৰ ফলাফলক প্ৰত্যাহ্বান জনাইছে ।

কিন্তু জামাতৰ নেতা ছফিকুৰ ৰহমানেও (৬৭) কয় যে ইছলামিক দলটোৱে “এটা সজাগ, নীতিগত আৰু শান্তিপূৰ্ণ বিৰোধী” হিচাপে কাম কৰিব । উল্লেখ্য যে হাছিনাৰ আৱামি লীগ দলক নির্বাচনত অংশগ্রহণ কৰাত বাধা আৰোপ কৰা হৈছিল ৷ মানৱতাৰ বিৰুদ্ধে অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ৭৮ বছৰীয়া হাছিনাই ভাৰতত আত্মগোপন কৰি থকাৰ পৰায়ে এক বিবৃতি প্ৰকাশ কৰি এই নিৰ্বাচনক 'অবৈধ' বুলি গৰিহণা দিয়ে ।

কিন্তু ভাৰতে বি এন পিৰ 'নিৰ্ণায়ক বিজয়'ৰ প্ৰশংসা কৰিছে । গভীৰভাৱে অনিশ্চিত সম্পৰ্কৰ পিছত ই এক উল্লেখযোগ্য পৰিৱৰ্তন হিচাপে পৰিগণিত হৈছে । অৱশ্যে মাত্ৰ সাতগৰাকী মহিলাহে পোনপটীয়াকৈ নিৰ্বাচিত হৈছে যদিও মহিলাৰ বাবে সংৰক্ষিত আৰু ৫০ খন আসন তেওঁলোকৰ ভোটৰ অংশ অনুসৰি দলসমূহক আবণ্টন দিয়া হ’ব । আনহাতে, দুগৰাকী হিন্দুসহ সংখ্যালঘু সম্প্ৰদায়ৰ চাৰিগৰাকী সদস্যই জয়লাভ কৰে । উল্লেখ্য যে মুছলমান সংখ্যাগৰিষ্ঠ জনসংখ্যা থকা বাংলাদেশত সংখ্যালঘু প্ৰায় সাত শতাংশ ।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে কেইবা সপ্তাহ ধৰি চলি থকা অস্থিৰতাৰ মাজতো ভোটদানৰ দিনটোত বিশেষ কোনো ডাঙৰ অশান্তিৰ সৃষ্টি নোহোৱাকৈ পাৰ হৈ যায় । আনহাতে, এতিয়ালৈকে দেশখনে তুলনামূলকভাৱে শান্তিৰে ফলাফলৰ প্ৰতি সঁহাৰি জনাইছে । ক্ৰাইচিছ গ্ৰুপৰ বিশ্লেষক থমাছ কিনে কয়, "যদি বি এন পিয়ে অৰ্থনীতিৰ সৈতে ভাল কাম কৰিব পাৰে, তেন্তে চৰকাৰৰ বাবে বাকী সকলো কাম সহজ কৰি তুলিব । ই এক স্তৰৰ স্থিতিশীলতা সৃষ্টি কৰাত সহায় কৰিব, অৰ্থনীতিৰ বাহিৰৰ আন বহুতো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ।"

লগতে পঢ়ক :তাৰিক ৰহমানৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ওম বিৰলাই
লগতে পঢ়ক :অপেক্ষা ১৭ ফেব্ৰুৱাৰীলৈ; মঙলবাৰে শপত গ্ৰহণ কৰিব বাংলাদেশৰ নতুন মন্ত্ৰীসভাই