ভাৰত ভ্ৰমণৰ বাবে অনুকূল পৰিৱেশ লাগে বাংলাদেশৰ প্ৰধানমন্ত্ৰীক !
বাংলাদেশ চৰকাৰে দেওবাৰে কয় যে ভাৰতে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ নতুন দিল্লী ভ্ৰমণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাটো বিচাৰে ।

By PTI
Published : August 16, 2026 at 6:29 PM IST
ঢাকা: বাংলাদেশত ২০২৪ ৰ জুলাই মাহৰ ছাত্ৰ বিক্ষোভৰ পিছতেই তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ৫ আগষ্টত দেশ এৰি ভাৰতলৈ পলায়ন কৰিছিল । তাৰ পাছতেই মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰে । তেতিয়াৰ পৰাই ক্ৰমান্বয়ে ভাৰত-বাংলাদেশৰ সম্পৰ্ক তিক্ত হ’বলৈ ধৰে ৷ এতিয়া সেই সম্পৰ্ক পুনৰ মধুৰ কৰাৰ প্ৰচেষ্টা চলাইছে বাংলাদেশে ৷
উল্লেখ্য যে মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক লেণ্ড লক অঞ্চল বুলি চীনত এক মন্তব্য কৰিছিল আৰু চিকেনছ নেক দখলৰ হুংকাৰ প্ৰদান কৰিছিল ৷ তাৰ পাছতেই ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰে ৷ এনে ধৰণৰ কেতবোৰ কাৰকে কূটনৈতিক সম্পৰ্কত ব্যাঘাত জন্মায় ৷
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টী (BNP) এ জয়লাভ কৰি চৰকাৰ গঠন কৰে ৷ প্ৰধানমন্ত্ৰীৰ আসনত বহে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰৰ পুত্ৰ তাৰিক ৰহমান ৷
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বাংলাদেশ চৰকাৰে দেওবাৰে কয় যে ভাৰতে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ নতুন দিল্লী ভ্ৰমণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাটো বিচাৰে । অহা ১২-১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে ৰহমানৰ নতুন দিল্লী ভ্ৰমণক লৈ অনিশ্চয়তাৰ মাজতে এই মন্তব্য কৰিছে বাংলাদেশ চৰকাৰে ।
যোৱা সপ্তাহত ৰহমানে ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীক সাক্ষাৎ কৰিছিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাটো বিচাৰিছিল । কিন্তু নতুন দিল্লী ভ্ৰমণ কৰিব নে নকৰে সেই সন্দৰ্ভত কোনো স্পষ্টতা প্ৰদান কৰা নাছিল ।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্বাহিদুল কৰিমৰ উদ্ধৃতি দি দেওবাৰে ডেইলী ষ্টাৰ কাকতত প্ৰকাশ কৰা অনুসৰি, ‘‘আমি এই বিষয়ত আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ ।এই ভ্ৰমণৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন আছে বুলি আমি ভাবো ।’’
বিডিনিউজ২৪ মিডিয়া পৰ্টেলৰ মতে, “উপযুক্ত পৰিৱেশ”ৰ দ্বাৰা কৰিমে হাছিনাক প্ৰত্যাৰ্পণ বিচৰা বাংলাদেশৰ বিষয়টোক উজ্জ্বল কৰি তুলিছে । ৫ আগষ্টত নতুন দিল্লীত হাছিনাই ভাৰ্চুৱেলি সংবাদ মাধ্যমক সম্বোধন কৰাৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক তিক্ত হোৱা দেখা গৈছে ৷ তেওঁ কয় যে কাৰাদণ্ড বা মৃত্যুদণ্ডৰ ভাবুকিৰ সন্মুখীন হোৱাৰ আশংকা সত্ত্বেও গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰি দেশখনক “সঠিক পথত” আগুৱাই নিবলৈ ডিচেম্বৰ মাহত ঘৰলৈ উভতি যাবলৈ বদ্ধপৰিকৰ ।’’
সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিক লৈ বাংলাদেশে ক্ষোভ প্ৰকাশ কৰি কয় যে এই বাতৰিয়ে দেশখনৰ জনসাধাৰণৰ আৱেগক আঘাত কৰিছে আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টাত বিৰূপ প্ৰভাৱ পেলাব পাৰে । তেওঁলোকে হাছিনাক "পলাতক, দোষী সাব্যস্ত হোৱা গণহত্যাকাৰী" বুলি অভিহিত কৰে ।
কিন্তু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৭ আগষ্টত কয় যে হাছিনা সম্পৰ্কীয় সংবাদ মাধ্যমৰ বাতৰিত তেওঁলোকৰ কোনো ভূমিকা নাই আৰু বাংলাদেশ চৰকাৰৰ বিষয়ে হাছিনাই কোৱা কোনো কথাকে সমৰ্থন নকৰে । ত্ৰিবেদীৰ সৈতে ৰহমানৰ বৈঠকৰ পিছত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে কয় যে ব্ৰিকছৰ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে প্ৰদান কৰা হোৱা নাছিল, বৰঞ্চ “BIMSTEC ৰ অধ্যক্ষক উদ্দেশ্যি” দিয়া হৈছে ।
BIMSTEC হৈছে সাতখন দেশৰ আন্তঃৰাষ্ট্ৰীয় গোট - বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড । এই আঞ্চলিক গোটটোৰ আনুষ্ঠানিক ৰাজ্যিক অধ্যক্ষৰ পদ বাংলাদেশত আছে ।
অৱশ্যে ১৪ আগষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘আমি বাংলাদেশৰ প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছোঁ । ব্ৰিকছ শীৰ্ষ সন্মিলনৰ অধিবেশনৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীকো ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো ।’’ ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ প্ৰতিবাদৰ পিছত হাছিনাক ক্ষমতাচ্যুত কৰা হয়, আৰু তেওঁ ভাৰতলৈ পলায়ন কৰে ।
ঢাকাই ভাৰতৰ পৰা হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিছে, আনহাতে নতুন দিল্লীয়ে প্ৰযোজ্য আইন আৰু প্ৰতিষ্ঠিত আইনী পদ্ধতি অনুসৰি প্ৰত্যাৰ্পণৰ অনুৰোধ পৰীক্ষা চলি আছে বুলি কয় । বাংলাদেশ চৰকাৰৰ মতে হাছিনাই আত্মসমৰ্পণ কৰিব লাগিব আৰু উভতি আহিলে আইনৰ সন্মুখীন হ’ব লাগিব ।
লগতে পঢ়ক: ‘মহিলা সংৰক্ষণ নহয় মোদী সংৰক্ষণ বিধেক’... প্ৰধানমন্ত্ৰীক কটাক্ষ জয়ৰাম ৰমেশৰ

