দোষী সাব্যস্ত ! ভগ্নী-ভতিজাসহ শ্বেখ হাছিনাক কাৰাদণ্ডৰ হুকুম
ব্ৰিটিছ লেবাৰ পাৰ্টীৰ সাংসদ টিউলিপ ছিদ্দিকৰ মাতৃক ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰি শ্বেখ ৰেহানাক সৰ্বাধিক ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান ।

Published : December 1, 2025 at 4:47 PM IST
ঢাকা : বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন আদালতে চৰকাৰী ভূমি প্ৰকল্পৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত সোমবাৰে বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পাঁচ বছৰৰ কাৰাদণ্ড আৰু তেওঁৰ ভতিজাক তথা ব্ৰিটিছ লেবাৰ পাৰ্টীৰ সাংসদ টিউলিপ ছিদ্দিকক দুবছৰৰ কাৰাদণ্ডৰ হুকুম দিয়ে ।
ঢাকাৰ বিশেষ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ ৰবিউল আলমে কয়, ''হাছিনাই প্ৰধানমন্ত্ৰী হিচাপে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বিপৰীতে চিদ্দিকেও ভ্ৰষ্টাচাৰৰ পথত গৈ নিজৰ পেহীয়েকক সহায় কৰাৰ লগতে চৰকাৰী প্ৰকল্পত মাক আৰু দুগৰাকী সহোদৰক মাটিৰ প্লট লাভ কৰাত সহায় কৰিছিল । ছিদ্দিকৰ মাতৃ শ্বেখ ৰেহানাক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু তেওঁক এই গোচৰৰ মূল ব্যক্তি হিচাপে গণ্য কৰা হৈছিল । আনহাতে আৰু ১৪ জন লোকো বৰ্তমান সন্দেহৰ আৱৰ্তত আছে ।''
ব্ৰিটেইনৰ সংসদত লণ্ডনৰ হেম্পষ্টেড আৰু হাইগেট অঞ্চলক প্ৰতিনিধিত্ব কৰা ছিদ্দিকে ইয়াৰ পূৰ্বে এই অভিযোগ অস্বীকাৰ কৰি কয়, “এই বিচাৰটো এটা ভুৱা অভিযোগৰ ওপৰত প্ৰতিষ্ঠিত আৰু স্পষ্টভাৱে দেখা গৈছে যে এয়া ৰাজনৈতিক প্ৰতিশোধ ।” জানুৱাৰী মাহত ছিদ্দিকে পেহীয়েকৰ সৈতে থকা সম্পৰ্কক লৈ চৰকাৰী হেঁচা লাভ কৰিছিল, ফলত তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিছিল ।
স্মৰ্তব্য যে, নৱেম্বৰ মাহত মানৱীয়তাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল । যোৱা বছৰ তেওঁৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলোৱা বৃহৎ বিদ্ৰোহৰ দমনৰ সৈতে এই অপৰাধৰ সম্পৰ্ক আছিল । তেওঁ ভাৰতত নিৰ্বাসনত বাস কৰি আহিছে । হাছিনাৰ সকলো বিচাৰ তেওঁৰ অনুপস্থিতিতে চলি আহিছে । সোমবাৰে সিদ্ধান্ত লোৱা হয় যে তেওঁ আৰু গোচৰটোৰ আনসকলে তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ কোনো প্ৰতিৰক্ষা অধিবক্তা নিয়োগ কৰা নহ'ব ।
ছিদ্দিকৰ মাতৃ শ্বেখ ৰেহানা দেশৰ বাহিৰত থাকে আৰু ছিদ্দিকৰ ভাই-ভনী দুয়ো বিদেশত আছে । কাৰণ তেওঁলোকে যোৱা বছৰৰ বিদ্ৰোহৰ সৈতে জড়িত অন্যান্য অভিযোগৰ সন্মুখীন হৈছে । একেটা টাউনশ্বিপ প্ৰকল্পৰ সৈতে জড়িত তিনিটা পৃথক গোচৰত ২৭ নৱেম্বৰত এখন পৃথক আদালতে হাছিনাক ২১ বছৰৰ কাৰাদণ্ড বিহিছিল। হাছিনাৰ পুত্ৰ-কন্যাকো সেই গোচৰত আদালতে পাঁচ বছৰকৈ কাৰাদণ্ড বিহিছিল ।

