ETV Bharat / international

প্ৰথমে মৃত্যুদণ্ড ! তাৰ পিছত এইবাৰ আকৌ দুৰ্নীতিৰ অপৰাধত হাছিনাৰ ভাগ্যত ২১ বছৰৰ কাৰাদণ্ড

আদালতে শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ক পাঁচ বছৰৰ কাৰাদণ্ড আৰু ১ লাখ জৰিমনা, কন্যা ছাইমা ৱাজেদ পুতুলক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে ।

Sheikh Hasina sentences in prison
শ্বেখ হাছিনা ফাইল ফটো (ANI)
author img

By ANI

Published : November 27, 2025 at 1:28 PM IST

3 Min Read
Choose ETV Bharat

ঢাকা : এইবাৰ দুৰ্নীতিৰ অভিযোগত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ২১ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ঢাকাৰ আদালতে ।

ঢাকাৰ বিশেষ ন্যায়াধীশ মহম্মদ আব্দুল্লাহ আল মামুনে তিনিডোখৰ ভূমি জালিয়াতিৰ গোচৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে ৭ বছৰকৈ মুঠ ২১ বছৰৰ কাৰাদণ্ডৰ ৰায় ঘোষণা কৰে ।

উল্লেখ্য যে বাংলাদেশৰ দুৰ্নীতিবিৰোধী আয়োগে যোৱা জানুৱাৰী মাহত ঢাকাৰ পূৰ্বাচল অঞ্চলত চৰকাৰী মাটি অবৈধভাৱে আবণ্টন দিয়াৰ অভিযোগত শ্বেখ হাছিনা আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ছটা পৃথক গোচৰ ৰুজু কৰিছিল । বাকী তিনিটা গোচৰৰ ৰায়দান ১ ডিচেম্বৰত ঘোষণা কৰা হ’ব ।

আদালতে শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ক পাঁচ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকা জৰিমনা বিহে । আদালতে শ্বেখ হাছিনাৰ কন্যা ছাইমা ৱাজেদ পুতুলক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ।

ইতিমধ্যে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ২০২৪ চনৰ জুলাই মাহত চৰকাৰবিৰোধী প্ৰতিবাদ দমনৰ বাবে কৰা প্ৰচেষ্টাত মানৱীয়তাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ।

কিন্তু তেওঁলোক পলাতক হৈ থকাৰ বাবে এই গোচৰসমূহত শ্বেখ হাছিনা আৰু তেওঁৰ পৰিয়ালৰ কোনো অধিবক্তা নাছিল । অৱশ্যে তেওঁলোকে বিভিন্ন ভাষণ আৰু বক্তব্যত কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ।

ইফালে ভাৰতৰ বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত বছৰৰ জুলাই-আগষ্টৰ অশান্তিৰ সময়ত মানৱীয়তাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত গোচৰত দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে কৰা অনুৰোধ ভাৰত চৰকাৰে বৰ্তমান পৰীক্ষা কৰি আছে ।

সাপ্তাহিক সংবাদমেল সম্বোধনৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে নতুন দিল্লীয়ে এই বিষয়টো সন্দৰ্ভত ঢাকাৰ পত্ৰ আনুষ্ঠানিকভাৱে লাভ কৰিছে আৰু ভাৰতে বাংলাদেশৰ স্থিতিশীলতা আৰু জনসাধাৰণৰ মংগলৰ বাবে 'চলিত ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়া'ৰ অংশ হিচাপে সম্পূৰ্ণ দায়বদ্ধ ৷

জয়ছোৱালে কয়, "হয়, আমি অনুৰোধ লাভ কৰিছোঁ আৰু এই অনুৰোধ পৰীক্ষা কৰা হৈছে । চলিত ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আমি দেশখনৰ শান্তি, গণতন্ত্ৰ, অন্তৰ্ভুক্তি আৰু স্থিতিশীলতাকে ধৰি বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ হৈ আছোঁ আৰু এই ক্ষেত্ৰত সকলো ৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে গঠনমূলকভাৱে জড়িত হৈ যাম ।"

২০২৪ চনৰ জুলাই মাহত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ছাত্ৰসমাজৰ নেতৃত্বত বিদ্ৰোহৰ জুই জ্বলিছিল । সেই বছৰৰ ৫ আগষ্টত দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয় হাছিনাই । পৰৱৰ্তী সময়ত নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় ।

লগতে পঢ়ক :শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণ : প্ৰতিশ্ৰুতি দিয়াৰ পৰা কিয় বিৰত আছে ভাৰত ?
লগতে পঢ়ক :হাছিনাক প্ৰত্যাৰ্পণৰ বাবে বাংলাদেশৰ অনুৰোধ পৰীক্ষণ কৰি আছে ভাৰতে: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়