ETV Bharat / international

বাংলাদেশৰ কাৰাগাৰত বন্দী হিন্দু সন্ত চিন্ময় কৃষ্ণৰ জামিন লাভ

অৱশ্যে তেওঁৰ বিৰুদ্ধে এতিয়াও আন ছটা গোচৰৰ ৰুজু হৈ আছে ৷ এই ছটা গোচৰৰ ভিতৰত এজন অধিবক্তাৰ হত্যাৰ সৈতে জড়িত এটা গোচৰো আছে ।

Bangladesh
হিন্দু সন্ত চিন্ময় কৃষ্ণৰ জামিন লাভ (ANI)
author img

By ANI

Published : April 17, 2026 at 7:31 AM IST

2 Min Read
Choose ETV Bharat

ঢাকা: বাংলাদেশৰ আদালতে হিন্দু সন্ত চিন্ময় কৃষ্ণ দাসক এটা গোচৰত জামিন মঞ্জুৰ কৰিছে ৷ অৱশ্যে তেওঁ এতিয়াও ন্য়ায়িক জিম্মাত আছে । বৃহস্পতিবাৰে চট্টগ্ৰামৰ ন্যায়িক দণ্ডাধীশ শ্বেখাৱত হোছেইনে শুনানিৰ অন্তত এই নিৰ্দেশ জাৰি কৰে । অৱশ্যে তেওঁৰ বিৰুদ্ধে এতিয়াও আন ছটা গোচৰৰ ৰুজু হৈ আছে ৷ এই ছটা গোচৰৰ ভিতৰত এজন অধিবক্তাৰ হত্যাৰ সৈতে জড়িত এটা গোচৰো আছে ।

"যি গোচৰত তেওঁক জামিন দিয়া হৈছিল, সেই গোচৰটো পাহাৰীয়া ট্ৰেক্ট আৰু ভূমি বিভাগৰ ৰাজ্যিক মন্ত্ৰী মিৰ মহম্মদ হেলাল উদ্দিনৰ পিতৃ প্ৰাক্তন মন্ত্ৰী মিৰ মহম্মদ নাছিৰ উদ্দিনে দাখিল কৰিছিল । গোচৰটোত চট্টগ্ৰামৰ হাথাজাৰীৰ মেখাল অঞ্চলত মাটি দখল, ভাবুকি প্ৰদান, আক্ৰমণৰ অভিযোগ জড়িত হৈ আছে”, চিন্ময় দাসৰ অধিবক্তা অপূৰ্ব কুমাৰ ভট্টাচাৰ্জীয়ে এএনআইক ফোনযোগে জনায় ।

তেওঁ লগতে কয় যে ২০২৩ চনত দাখিল কৰা গোচৰটোত চিন্ময় কৃষ্ণ দাসকে ধৰি ছয়জন লোক অভিযুক্ত আছিল । ২০২৪ চনৰ ২৬ নৱেম্বৰত দেশখনৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিন্ময় দাস ৷ সেই গোচৰৰ জামিনৰ বাবে প্ৰচেষ্টা চলাই থকা সময়তে অধিবক্তা ছাইফুল ইছলামক প্ৰহাৰ তথা অপহৰণ কৰি হত্যা কৰা হৈছিল । ঘটনাৰ পিছতে তেওঁৰ পিতৃ জামাল উদ্দিনে ৩১জন অভিযুক্তৰ নাম উল্লেখ কৰি হত্যাৰ গোচৰ ৰুজু কৰে ।

আৰক্ষীৰ ওপৰত আক্ৰমণ, চৰকাৰী কৰ্তব্যত বাধা, অধিবক্তা আৰু গোচৰীয়াক আক্ৰমণ, ককটেল বিস্ফোৰণৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে ৷ হত্যাকাণ্ডৰ গোচৰত যোৱা বছৰৰ ১ জুলাইত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল, য’ত উল্লেখ আছিল যে চিন্ময় কৃষ্ণ দাসৰ উচটনি আৰু নিৰ্দেশনাত অধিবক্তাজনক হত্যা কৰা হৈছিল ।

২৫ আগষ্টত আদালতে চিন্ময় কৃষ্ণ দাসকে ধৰি ৩৯জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা গ্ৰহণ কৰে । বৰ্তমান এই গোচৰত আদালতে সাক্ষ্য গ্ৰহণ কৰি আহিছে বিভিন্নজনৰ ৷

লগতে পঢ়ক:

১০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু লেবানন : ড’নাল্ড ট্ৰাম্প