ETV Bharat / international

বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ; চোৰৰ সন্দেহত খেদি যোৱা যুৱকৰ পানীত ডুবি মৃত্যু

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।

Bangladesh minority attack case
বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ (ANI)
author img

By ANI

Published : January 7, 2026 at 1:17 PM IST

3 Min Read
Choose ETV Bharat

ঢাকা : বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত মৃত্যু হয় যুৱকজনৰ । নিহত যুৱকজনক মিঠুন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । চোৰৰ সন্দেহত মিঠুনক দুষ্কৃতিকাৰীয়ে খেদি খেদি খেদি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । তেওঁক খেদি যোৱাৰ ফলত বাধ্যত পৰি এটা পুখুৰীত জাঁপ দিয়ে আৰু তাৰ পিছত পানীত ডুবি তেওঁৰ মৃত্যু হয় ।

"বাংলাদেশৰ উত্তৰ জিলা নাওগাঁৱত মহদেৱপুৰ নামৰ এলেকাত মিঠুন সৰকাৰ নামৰ এজন হিন্দু যুৱকক চুৰিৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে খেদি যায় । ইয়াৰ পিছত নিজৰ প্ৰাণৰ মমতাত যুৱকজনে এটা পুখুৰীত জাঁপ দিয়ে আৰু পৰৱৰ্তী সময়ত পানীত ডুবি তেওঁৰ মৃত্যু হয় । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰা হয় ।"

নাওগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহম্মদ তাৰিকুল ইছলামে বুধবাৰে ফোনযোগে এ এন আইক এই কথা জনায় । আনহাতে, ঘটনা সন্দৰ্ভত বিশদ বিৱৰণ নিদিয়াকৈ মিঠুন সৰকাৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি এই ঘটনাৰ তদন্ত কৰি থকা বুলিও তেওঁ লগতে কয় ।

উল্লেখ্য যে, বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে । কেৱল ডিচেম্বৰ মাহতে কমেও ৫১টা হিংসাত্মক ঘটনা সংঘটিত হয় ।

ইয়াৰে ভিতৰত আছিল ১০টা হত্যাকাণ্ড, ১০টা চুৰি আৰু ডকাইতিৰ গোচৰ, ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ আৰু মাটি দখল কৰা, লুণ্ঠন আৰু অগ্নিসংযোগৰ সৈতে জড়িত ২৩টা কাণ্ড, ধৰ্মীয় মানহানি আৰু 'ৰ'ৰ এজেণ্ট' বুলি ভুৱা অভিযোগত গ্ৰেপ্তাৰ আৰু নিৰ্যাতনৰ চাৰিটা গোচৰ, এটা ধৰ্ষণৰ চেষ্টা আৰু তিনিটা শাৰীৰিক আক্ৰমণৰ কাণ্ড । বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ইউনিটী কাউন্সিলে এক বিবৃতিত এই কথা প্ৰকাশ কৰে ।

ইফালে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে এই হিংসাত্মক ঘটনা ধাৰা অব্যাহত আছে । ২ জানুৱাৰীত লক্ষ্মীপুৰৰ ৰামগতিৰ সত্যৰঞ্জন দাসৰ ৯৬ হেক্টৰ ধানৰ খেতিত অগ্নিসংযোগ কৰা হয় । যোৱা ৩ জানুৱাৰীত ব্যৱসায়ী খোকন চন্দ্ৰ দাসক প্ৰহাৰ কৰি অগ্নিসংযোগ কৰাৰ ফলত শ্বৰীয়তপুৰত তেওঁৰ মৃত্যু হয় ।

সেইদিনাই ভোৰভোৰাই চট্টগ্ৰামৰ বোৱালখালি উপজিলাৰ অন্তৰ্গত আমুচিয়া ইউনিয়নৰ ৪ নং ৱাৰ্ডৰ মিলন দাসৰ পৰিয়ালক ডকাইতিৰ সময়ত পণবন্দী কৰি ৰাখিছিল । একেদিনাই কুমিলাৰ হোমনাস্থিত চনু দাসৰ ঘৰত সংঘটিত হয় এক অনুৰূপ ঘটনা । তেওঁৰ ঘৰৰ পৰা ১০ ভৰি সোণৰ অলংকাৰ, ১২ ভৰি ৰূপ আৰু মুঠ ২০ হাজাৰ টকা নগদ ধন লুট কৰা হয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :ইৰাণত অৰ্থনৈতিক প্ৰতিবাদত ৩৫ জন নিহত, ১২০০ জন লোকক বন্দী
লগতে পঢ়ক :বাংলাদেশত পুনৰ হিন্দুক হত্যা, অচিনাক্ত দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হিন্দু ব্যৱসায়ী