ETV Bharat / international

হৰমুজ প্ৰণালীৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘত গভীৰ উদ্বেগ প্ৰকাশ ভাৰতৰ

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ওমান উপকূলত ভাৰতৰ বাণিজ্যিক জাহাজত আক্ৰমণ ।

India's Permanent Representative to the UN, Ambassador Harish Parvathaneni
হৰমুজ প্ৰণালীৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘত গভীৰ উদ্বেগ প্ৰকাশ ভাৰতৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 12:43 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : আমেৰিকা-ইজৰাইল-ইৰাণ সংঘাতৰ ফলস্বৰূপে হৰমুজ প্ৰণালী এতিয়াও মুকলি হোৱা নাই । অৱশ্যে ভাৰতৰ জাহাজৰ বাবে আংশিকভাৱে খোলা আছে প্ৰণালী । যাৰ বাবে বিগত দিনবোৰত ভাৰতৰ পতাকাযুক্ত জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰা দেখা গৈছে । তাৰ মাজতে হৰমুজ প্ৰণালীত ভাৰতৰ জাহাজৰ ওপৰত আক্ৰমণো অব্যাহত আছে । সংঘাত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ ভাৰতৰ পতাকাযুক্ত দুখনকৈ জাহাজত আক্ৰমণ হৈছে । যোৱা ১৩ মে'ত এখন জাহাজতো আক্ৰমণ হৈছে । যাক লৈ উদ্বেগ বাঢ়িছে । ভাৰতে এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে । ৰাষ্ট্ৰসংঘতো ভাৰতে এই বিষয়তো উত্থাপন কৰিছে ।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বথানেনী হৰিশে বিষয়তো উত্থাপন কৰি কয় যে বাণিজ্যিক জাহাজ পৰিবহণক লক্ষ্য কৰি লোৱা, অসামৰিক ক্ৰুক বিপদত পেলোৱা আৰু হৰমুজ প্ৰণালীত জাহাজৰ পৰিবহণৰ স্বাধীনতাত বাধা দিয়াটো গ্ৰহণযোগ্য নহয় । হৰিশে জাহাজৰ নিৰাপদ যাত্ৰা নিয়ন্ত্ৰণ কৰা আন্তঃৰাষ্ট্ৰীয় আইনক সম্পূৰ্ণ সন্মান কৰিব লাগে বুলিও উল্লেখ কৰে ।

ওমানৰ উপকূলত ভাৰতৰ পতাকাযুক্ত বাণিজ্যিক জাহাজত আক্ৰমণ হোৱাৰ পিছতে শক্তি আৰু যোগান ব্যৱস্থাৰ সুৰক্ষা সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বিশেষ বৈঠকত হৰিশে এই মন্তব্য কৰে ।

১৩ মে'ত হোৱা এই আক্ৰমণৰ সৈতে কোন জড়িত আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আক্ৰমণৰ পিছতে ওমান কৰ্তৃপক্ষই ছোমালিয়াৰ পৰা যাত্ৰা কৰা জাহাজখনৰ ১৪ গৰাকী ক্ৰু সদস্যক উদ্ধাৰ কৰে ।

ইফালে এক্সৰ এটা পোষ্টত হৰিশে কয় যে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বৈঠকত তেওঁ শেহতীয়াকৈ পশ্চিম এছিয়াৰ সংঘাতৰ ফলত সৃষ্টি হোৱা শক্তি আৰু সাৰ সংকটৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে শ্বেয়াৰ কৰিছে ।

সংকটৰ প্ৰতি সঁহাৰি জনাবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সমান্তৰালভাৱে হ্ৰস্বম্যাদী আৰু গাঁথনিগত ব্যৱস্থাৰ অতি প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয়, "বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱা, অসামৰিক ক্ৰুক বিপদত পেলোৱা আৰু হৰমুজ জলদ্বীপত নৌ পৰিবহণৰ স্বাধীনতাত বাধা দিয়াটো গ্ৰহণযোগ্য নহয় । এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইনক সম্পূৰ্ণৰূপে সন্মান কৰিব লাগিব ।"

লগতে পঢ়ক :

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত অগ্নিকাণ্ড, এজন নাবিকৰ মৃত্যু