ETV Bharat / international

যুদ্ধবিৰতিৰ মাজতে গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণ: ২২ শিশুকে ধৰি নিহত কমেও ৫০

প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে গাজাত হামাছে ইজৰাইলী সেনাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে গাজাত 'শক্তিশালী আক্ৰমণ'ৰ নিৰ্দেশ দিয়ে ।

Strikes on Gaza
দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনিছৰ হামাদ চহৰত ইজিপ্তৰ যন্ত্ৰপাতিৰ সৈতে শ্ৰমিকসকলে পণবন্দীসকলৰ মৃতদেহ বিচাৰি থকাৰ দৃশ্য (AP)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 2:42 PM IST

3 Min Read
Choose ETV Bharat

গাজা : যুদ্ধবিৰতি অব্যাহত থকাৰ পাছতো মঙলবাৰে নিশাৰ পৰা ইজৰাইলে গাজাত বিমান আক্ৰমণ চলাইছে । গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই এই কথা উল্লেখ কৰিছে । হামাছে ইজৰাইলী সেনাক আক্ৰমণ কৰা আৰু আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ ইজৰাইলে উত্থাপন কৰাৰ পিছত এই আক্ৰমণ চলায় ।

অসামৰিকক প্ৰতিৰক্ষা সংস্থাটোৱে এ এফ পিক জনোৱা মতে, পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলে চলোৱা কেইবাটাও আক্ৰমণত ২২টি শিশুকে ধৰি কমেও ৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০০ জন লোক আহত হৈছে ।

সংস্থাটোৰ মুখপাত্ৰ মাহমুদ বাছালে এ এফ পিক জনোৱা মতে, "যোৱা নিশাৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলে চলাই থকা আক্ৰমণৰ ফলত ২২টি শিশু আৰু কেইবাগৰাকীও মহিলাকে ধৰি কমেও ৫০ জন লোকৰ মৃত্যু হৈছে ।"

গাজাৰ পৰিস্থিতিক 'বিপৰ্যয়জনক আৰু ভয়ংকৰ' বুলি অভিহিত কৰি তেওঁ কয়, "প্ৰায় ২০০ লোক আহত হৈছে আৰু ই যুদ্ধবিৰতি চুক্তিৰ স্পষ্ট উলংঘন ।”

অৱশ্যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কয় যে মঙলবাৰৰ 'সংঘৰ্ষ'ৰ মাজতো যুদ্ধবিৰতি অব্যাহত আছে । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে গাজাত ইজৰাইলী সেনাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত 'শক্তিশালী আক্ৰমণ'ৰ নিৰ্দেশ দিয়া বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰিছে ।

কাটজে এক বিবৃতিত কয়, "আজি গাজাত আই ডি এফৰ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী) সেনাৰ ওপৰত হামাছে আক্ৰমণ কৰাটো দেখদেখকৈ বিপদসীমা অতিক্ৰম কৰা । ইয়াৰ প্ৰত্যুত্তৰ আই ডি এফে প্ৰবল শক্তিৰে দিব ।" অৱশ্যে কাটজে তেওঁলোকৰ সেনাক ক’ত আক্ৰমণ কৰা হৈছিল সেই কথা কোৱা নাই যদিও হামাছে কয় যে ৰাফাত সংঘটিত গুলীচালনা কাণ্ডৰ সৈতে তেওঁলোকৰ যোদ্ধাসকলৰ কোনো সম্পৰ্ক নাই ।

ফক্স নিউজত সম্প্ৰচাৰিত আৰু হোৱাইট হাউছে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা মন্তব্যত ভ্যান্সে কয় যে যুদ্ধবিৰতি চলি আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হোৱা ভংগুৰ যুদ্ধবিৰতিৰ সমৰ্থনত যোৱা সপ্তাহত ইজৰাইললৈ ততাতৈয়াকৈ যোৱা আমেৰিকাৰ কেইবাজনো শীৰ্ষ বিষয়াৰ ভিতৰত এজন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "ইয়াৰ অৰ্থ এইটো নহয় যে সৰু-সুৰা সংঘৰ্ষ নহ’ব ।"

তেওঁ লগতে কয়, "আমি জানো যে হামাছ বা গাজাৰ ভিতৰৰ আন কোনোবাই আই ডি এফৰ এজন জোৱানক আক্ৰমণ কৰিছিল ।"

গাজাত আক্ৰমণ

ইফালে গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, কমেও তিনিটা আক্ৰমণ সংঘটিত হৈছে । ইয়াৰ বিপৰীতে ভূখণ্ডটোৰ মূল চিকিৎসালয় আল-শ্বিফাই কয় যে এটাৰ পিছত আন এটা আক্ৰমণে আঘাত কৰে । আনহাতে, ইজৰাইলে দাবী কৰা অনুসৰি যুদ্ধবিৰতি চুক্তিৰ অধীনত মঙলবাৰে হামাছে আন এজন পণবন্দী ব্যক্তিৰ মৃতদেহ গতাই দিয়াৰ কথা ঘোষণা কৰিছিল ।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত যুদ্ধৰ সূচনা কৰা আক্ৰমণৰ সময়ত হামাছৰ সন্ত্ৰাসবাদীয়ে ২৫১ জন লোকক পণবন্দী কৰিছিল । আনহাতে, মৃত পণবন্দীসকলৰ অন্তিম মৃতদেহক লৈ হোৱা বিবাদে যুদ্ধবিৰতিক পথচ্যুত কৰাৰ ভাবুকি আনিছে । ইজৰাইলে হামাছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে হামাছে তেওঁলোকক ঘূৰাই নিদিয়াকৈয়ে বিষয়টোৰ পৰা আঁতৰি গৈছে । ইফালে পেলেষ্টাইনী ইছলামিক গোটটোৱে কয় যে গাজাৰ যুদ্ধই বিধ্বস্ত কৰা ধ্বংসাৱশেষৰ মাজত অৱশিষ্টকেইজনক বিচাৰি উলিয়াবলৈ সময় লাগিব ।

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘৰ বৈঠকত ৰোহিংগীয়া শৰণাৰ্থীৰ কথা কি কি ক'লে দিলীপ শইকীয়াই ?
লগতে পঢ়ক :অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পাকিস্তান সেনাৰ অভিযান; ২৫ সন্ত্ৰাসবাদী নিহত