ETV Bharat / international

মাজ নিশা বাৰত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও ২৭ জনে

বেংককৰ চাটুচাক জিলাৰ অন্যতম জনপ্ৰিয় মনোৰঞ্জনৰ স্থানত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ সময়ত পাবৰ বাথৰুমেৰে পলায়নৰ চেষ্টা কৰা অৱস্থাত বহু লোকৰ মৃত্যু ঘটে ৷

Fire at Bangkok bar
পুৱতি নিশা বাৰত ভয়ংকৰ অগ্নিকাণ্ড (ANI)
author img

By ANI

Published : July 13, 2026 at 8:07 AM IST

|

Updated : July 13, 2026 at 8:20 AM IST

3 Min Read
Choose ETV Bharat

বেংকক: থাইলেণ্ডৰ ৰাজধানী বেংককৰ এখন বাৰত যোৱা নিশা সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ফলত কমেও ২৭ জন লোকৰ মৃত্যু হয় ৷ থাইলেণ্ড কৰ্তৃপক্ষৰ উদ্ধৃতি দি জেৰুজালেম পোষ্টে প্ৰকাশ কৰিছে এই তথ্য ।

প্ৰতিবেদন অনুসৰি, অগ্নিকাণ্ডৰ সময়ত পাবৰ বাথৰুমৰ মাজেৰে পলায়ন কৰিবলৈ চেষ্টা কৰা অৱস্থাত বহু লোকৰ মৃত্যু হোৱা বুলি জেৰুজালেম পোষ্টে প্ৰকাশ কৰিছে । ঘটনাস্থলীত উপস্থিত হৈ থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুটিন চাৰ্নভিৰাকুলে ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি নিশ্চিত কৰাৰ লগতে এই ঘটনাত আন কেইবাজনো লোক আহত হোৱা বুলি জানিবলৈ দিয়ে ।

বেংককৰ চাটুচাক জিলাৰ অন্যতম জনপ্ৰিয় মনোৰঞ্জনৰ স্থানত সংঘটিত হয় এই অগ্নিকাণ্ড । দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৩ জন লোক আহত হয় । বেংকক পোষ্টে জনোৱা মতে, নিশা প্ৰায় ১২.০২ বজাত সোই লাট ফ্ৰাও ১ ৰোডৰ সমীপৰ না লাডপ্ৰাও নামৰ বাৰখনত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন বিভাগে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৩০ মিনিটৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

massive blaze at Bangkok's bar
বেংককৰ বাৰত ভয়ংকৰ অগ্নিকাণ্ড (ANI)

নিহতসকলৰ ভিতৰত ৯ জন পুৰুষ আৰু ১৮ গৰাকী মহিলা থকাৰ বিপৰীতে আহত ৬৩ জন ব্যক্তিৰ ভিতৰত ২২ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । জৰুৰীকালীন অভিযান চোৱাচিতা কৰিবলৈ প্ৰধানমন্ত্ৰী অনুটিন চাৰ্নভিৰকুল, বেংককৰ গৱৰ্ণৰ চাডচাৰ্ট ছিট্টিপুণ্ট, ডিডিপিএমৰ সঞ্চালক প্ৰধান তীৰাপট কাচামতকে ধৰি জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানলৈ যায় ।

বেংকক পোষ্টৰ তথ্য অনুসৰি গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা অনুটিনে নিশ্চিত কৰিছে যে অধিকাংশ লোকৰ মৃত্যু হৈছে ধোঁৱাৰ ফলত । তেওঁ উল্লেখ কৰে যে সংগীতজ্ঞসকলে অনুষ্ঠান পৰিবেশন কৰা মঞ্চৰ চাৰ্কিট ব্ৰেকাৰৰ পৰা জুইৰ উৎপত্তি হৈছিল, যাৰ ফলত বিদ্যুৎ সংযোগ বন্ধ হৈ গৈছিল আৰু তাৰ পিছত বিস্ফোৰণ ঘটিছিল ।

গৱৰ্ণৰ চাডচাৰ্ট চিটিপুণ্টে লক্ষ্য কৰিছিল যে জুইৰ শিখাই প্ৰতিষ্ঠানটোক দ্ৰুতগতিত আগুৰি ধৰিছিল, চিলিঙৰ সজ্জাবোৰ পুৰি পেলাইছিল । তেওঁ স্পষ্ট কৰি দিয়ে যে স্থানটোত লাইভ মিউজিক পৰিবেশনৰ অনুমতি দিয়া বৈধ অনুজ্ঞাপত্ৰ আছে আৰু এপ্ৰিল মাহত ইয়াৰ নিয়মীয়া আনুষ্ঠানিক পৰিদৰ্শন কৰা হৈছিল ।

উদ্ধাৰ প্ৰত্যাহ্বানৰ বিষয়ে অধিক বিৱৰণ দি বেংককৰ দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন সঞ্চালক সূৰিয়াচাই ৰাৱিৱানে ইংগিত দিয়ে যে অগ্নিনিৰ্বাপক বাহিনী উপলব্ধ যদিও আতংকিত ভুক্তভোগীসকলে যেন ইয়াৰ পৰিৱৰ্তে পিছফালে থকা শৌচাগাৰৰ ফালে পলায়ন কৰে, যাৰ ফলত উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয় । বৰ্তমান কৰ্তৃপক্ষই মৃত লোকজনৰ আনুষ্ঠানিক চিনাক্তকৰণৰ কাম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ওমান উপকূলত জাহাজ আক্ৰমণ : এজন ভাৰতীয় নিৰুদ্দেশ, ১০ জন উদ্ধাৰ

Last Updated : July 13, 2026 at 8:20 AM IST