ETV Bharat / international

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪ গৰাকী লোকৰ মৃত্যু

ছৌদি আৰৱত আৰামকো তেল কোম্পানীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় ।

Aramco Helicopter Crash
আৰৱত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (ANI)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 8:14 PM IST

2 Min Read
Choose ETV Bharat

ৰিয়াদ : ছৌদি আৰৱত দেওবাৰে পুৱাই এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয় । তেল কোম্পানী আৰামকোৰ এখন হেলিকপ্টাৰ ৰাছ তনুৰাত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৪ গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত অব্যাহত আছে ।

ৰাজ্যখনৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী লোকেই ছৌদি আৰৱৰ নাগৰিক আছিল । স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬ বজাত এই দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে কি কাৰণত হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হ'ল সেয়া জানিব পৰা হোৱা নাই ।

শক্তি মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি ছৌদি প্ৰেছ এজেন্সিয়ে দেশখনৰ পূব দিশৰ ৰাছ তনুৰাত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । সংস্থাটোৱে কয় যে এই দুৰ্ঘটনাত হেলিকপ্টাৰখনত থকা আটাইকেইগৰাকী যাত্ৰীৰে মৃত্যু হৈছে যিসকল ছৌদি আৰৱৰে নাগৰিক আছিল ।

সংস্থাটোৱে লগতে কয়, "দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে । শক্তি মন্ত্ৰালয়ে নিহত লোকসকলৰ পৰিয়াললৈ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰিছে । নিহতসকলৰ পৰিয়ালক এই বিপৰ্যয়ৰ মুহূৰ্তত শক্তি দিয়ক । নিহতসকলক যাতে শ্বহীদ হিচাপে গণ্য কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ।"

উল্লেখ্য যে আৰামকো হৈছে বিশ্বৰ সৰ্ববৃহৎ তেল কোম্পানী, যাৰ সংখ্যাগৰিষ্ঠ হৈছে ছৌদি আৰৱৰ মালিকানাধীন । ইজৰাইল আমেৰিকা ইৰাণ যুদ্ধই তেলৰ যোগানত ব্যাঘাত জন্মোৱাৰ লগতে মূল্যবৃদ্ধিৰ বাবে শেহতীয়াকৈ কোম্পানীটো ব্যাপক সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে হৰমুজ প্ৰণালী বন্ধ হৈ থাকিলেও কিছু তেল পাইপলাইনৰ জৰিয়তে সফলতাৰে স্থানান্তৰ কৰা হৈছে বুলিও কোম্পানীটোৱে শেহতীয়াকৈ জনাইছে ।

লগতে পঢ়ক :

কৰাচীত সন্ত্ৰাসবাদীৰ আক্ৰমণ; ৪ সৈনিক আৰু ৬ উগ্ৰপন্থীৰ মৃত্যু