দিপু চন্দ্ৰ দাসৰ পিছত আন এগৰাকী হিন্দু গণপ্ৰহাৰৰ বলি, সাৱটিলে মৃত্য়ুক
ৰাজবাৰীৰ পাংছা উপ-জিলাৰ কালিমোহৰ ইউনিয়নৰ হোসেন্দাংগা গাঁৱত বুধবাৰে নিশা প্ৰায় ১১ বজাত(স্থানীয় সময় অনুসৰি) অমৃত মণ্ডল নামৰ লোকজনক গণপ্ৰহাৰ কৰি হত্যা কৰা হয় ।

Published : December 25, 2025 at 11:23 PM IST
ৰাজবাৰী(বাংলাদেশ): বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে ৷ দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দ্বিতীয়জন ব্যক্তি হৈছে অমৃত মণ্ডল ৷ বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷
দ্য ডেইলী ষ্টাৰৰ মতে, ধন দাবীৰ অভিযোগত পাংছা উপ-জিলাৰ হোসেন্দংগা গাঁৱৰ ৰাইজে আক্ৰমণ কৰে অমৃত মণ্ডল নামৰ লোকজনক, যাক জনপ্ৰিয়ভাৱে সম্ৰাট বুলিও জনা যায় ।
আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত নিশা প্ৰায় ১১ বজাত সেই স্থানত উপস্থিত হৈ মণ্ডলক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে । সহকাৰী আৰক্ষী অধীক্ষক দেব্ৰত সৰকাৰে কয় যে গণপ্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সম্ৰাটক পাংছা মহকুমা স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে মাজনিশা প্ৰায় ২.০০ বজাত তেওঁক মৃত ঘোষণা কৰে ।
পাংছা চক্ৰৰ এ এছ পিৰ মতে, সম্ৰাটৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজবাৰী সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি আৰক্ষীয়ে তেওঁৰ মহম্মদ চেলিম নামৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে দুটাকৈ আগ্নেয়াস্ত্ৰ, এটা পিষ্টল আৰু এটা বন্দুক ৷
আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ বিৰুদ্ধে পাংছা থানাত সম্ৰাট হত্যাৰ গোচৰকে ধৰি কমেও দুটা গোচৰ ৰুজু কৰা হৈছে ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সম্ৰাটে এটা অপৰাধী চক্ৰ গঠন কৰি দীৰ্ঘদিনৰে পৰা ধন দাবী আৰু অন্যান্য অপৰাধমূলক কামত জড়িত হৈ আহিছিল । দীৰ্ঘদিনে ভাৰতত আত্মগোপন কৰি থকাৰ পিছত শেহতীয়াকৈ তেওঁ ঘৰলৈ উভতি আহি গাঁওখনৰ বাসিন্দা শ্বাহিদুল ইছলামৰ পৰা ধন দাবী কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷
বুধবাৰে নিশা সম্ৰাট আৰু লগৰ কেইজনমানে শ্বাহিদুলৰ ঘৰলৈ ধন সংগ্ৰহ কৰিবলৈ গৈছিল । তেতিয়া পৰিয়ালৰ লোকে "চোৰ, চোৰ" বুলি চিঞৰিবলৈ ধৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ সম্ৰাটক প্ৰহাৰ কৰিবলৈ ধৰে । ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি সম্ৰাটৰ আন আন সহযোগীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও চেলিম অস্ত্ৰ-শস্ত্ৰৰ সৈতে ধৰা পৰে ৷
ইয়াৰ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভাৰত বিৰোধী ঘটনা বৃদ্ধি পোৱাৰ বাবে দুয়োখন দেশৰ সম্পৰ্কত অসুবিধাৰ সৃষ্টি হৈছিল ৷ তাৰমাজতে ভাৰতে মঙলবাৰে এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বাংলাদেশৰ উচ্চায়ুক্তক তলৱ কৰে ।
উল্লেখ্য যে, বাংলাদেশৰ মৈমনসিং জিলাত ঈশ্বৰ নিন্দা কৰাৰ অভিযোগত দিপু চন্দ্ৰ দাসক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ পিছত দেশখনত বাস কৰা হিন্দু সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্ৰতি পুনৰ প্ৰশ্ন উত্থাপন হৈছে । পৰৱৰ্তী সময়ত বাংলাদেশৰ বিষয়াসকলে কয় যে দাসে ঈশ্বৰ নিন্দা কৰাৰ কোনো প্ৰমাণ তেওঁলোকে লাভ কৰা নাই ।
বাংলাদেশৰ শিক্ষা উপদেষ্টা চি আৰ আব্ৰাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ দিপু দাসৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে ৷
২৭ বছৰীয়া যুৱকজনৰ দেহত অগ্নিসংযোগ কৰি গছত ওলোমাই ৰাখি হত্যা কৰাৰ দৰে ঘৃণনীয় কাণ্ডই বিশ্বৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

