পাক সেনাৰ ১৭টা চকী দখল কৰি ৪০ জন জোৱানক নিহত কৰাৰ দাবী আফগান যোদ্ধাৰ
পাক সেনাই ১৩০ জনতকৈ অধিক তালিবান যোদ্ধাক হত্যা কৰা বুলি কৰা দাবী অস্বীকাৰ তালিবানৰ ।

Published : February 27, 2026 at 2:25 PM IST
কাবুল (আফগানিস্তান): আফগানিস্তান আৰু পাকিস্তান সীমান্তত দুয়োখন দেশৰ মাজত চলিছে তয়াময়া ৰণ । আফগান তালিবানে সীমান্তত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধমূলক অভিযান হিচাপে পাকিস্তানে আৰম্ভ কৰিছে 'অপাৰেচন গাজাব লিল হক' ।
এই অভিযানত পাক সেনাই ১৩০ জনতকৈ অধিক তালিবান যোদ্ধাক হত্যা কৰা বুলি দাবী কৰাৰ বিপৰীতে পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰতিশোধ হিচাপে কেইবাটাও পাক সেনা চকী দখল কৰাৰ দাবী কৰিছে আফগান বাহিনীয়ে । বৃহস্পতিবাৰে পাকিস্তানৰ বিৰুদ্ধে তালিবানে এই প্ৰত্য়াক্ৰমণ আৰম্ভ কৰে ।
পাকিস্তান চৰকাৰে বৃহস্পতিবাৰে সীমান্তত সংঘৰ্ষ সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে যদিও আফগানিস্তানে সেনা চকী দখল কৰাৰ দাবীৰ কোনো তৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । বৃহস্পতিবাৰে আফগান আক্ৰমণক অপ্ৰৰোচিত বুলি অভিহিত কৰিছে পাক চৰকাৰে ।
পূব আফগানিস্তানত শেহতীয়াকৈ পাকিস্তানী সেনাবাহিনীয়ে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইষ্টাৰ্ণ আফগানিস্তান মিলিটাৰী কৰ্পছে । এক বিবৃতিত ইষ্টাৰ্ণ আফগানিস্তান মিলিটাৰী কৰ্পছে বৃহস্পতিবাৰে নিশা তুমুল সংঘৰ্ষ সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ।
আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে বৃহস্পতিবাৰে নিশা এক পোষ্টত কয় যে পাকিস্তানী সেনাই সঘনাই কৰা আক্ৰমণৰ প্ৰত্য়ুত্তৰ দিছে তালিবানী যোদ্ধাই । ডুৰাণ্ড লাইনৰ সমীপৰ পাকিস্তানৰ সামৰিক ঘাটি আৰু সামৰিক ইনষ্টলেশ্যনত বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত হোৱা বুলি এই পোষ্টটোত উল্লেখ কৰা হৈছে ।
The major headquarters of the Pakistani regime located at Anzar Sar, under the Babrak post in the Alisher–Terezi district of Khost Province, has just been captured. Dozens of soldiers are killed and wounded, and a large quantity of weapons has fallen into the hands of the Afghan…
— Hamdullah Fitratحمدالله فطرت (@FitratHamd) February 26, 2026
উল্লেখ্য় যে দুয়োখন দেশৰ ২৬১১ কিলোমিটাৰ (১৬২২ মাইল) দৈৰ্ঘ্যৰ এই সীমান্তক ডুৰাণ্ড লাইন বুলি জনা যায় । অৱশ্য়ে আফগানিস্তানে এই লাইনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা নাই । আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে সীমান্তৰ পাঁচখন প্ৰদেশত প্ৰত্য়াক্ৰমণ সংঘটিত হৈছে ।
পাকিস্তানী সেনাৰ ১৭টা চকী দখল কৰি ৪০ জন জোৱানক নিহত কৰা বুলি আফগানিস্তানে দাবী কৰিছে । ইয়াৰে ১৩ জনৰ মৃতদেহ আফগানিস্তানলৈ ঘূৰাই অনা হয় বুলিও আফগানিস্তানে দাবী কৰিছে ।
চৰকাৰী মুখপাত্ৰ মুজাহিদে এক্স-পোষ্টত উল্লেখ কৰা মতে, একাংশ পাকিস্তানী জোৱানক জীৱিত অৱস্থাত বন্দী কৰা হৈছে । আনহাতে, হতাহতি বা বন্দী জোৱানৰ দাবী সন্দৰ্ভত পাকিস্তানৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই ।
ইয়াৰ বিপৰীতে পাকিস্তানৰ তথ্য মন্ত্ৰালয়ে এক্সত পোষ্ট কৰি কয় যে আফগানিস্তানে খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পাকিস্তান-আফগানিস্তান সীমান্তৰ কেইবাটাও স্থানত অপ্ৰৰোচিত গুলীচালনা কৰিছে । পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে এই কাৰ্যৰ তীব্ৰ প্ৰত্য়ুত্তৰ দিয়ে ।
এই বিবৃতিটোত কোৱা হৈছে যে প্ৰাৰম্ভিক বাতৰি অনুসৰি আফগান বাহিনীয়ে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাটাও পোষ্ট আৰু সামৰিক সঁজুলি ধ্বংস হৈছে । পাকিস্তানে নিজৰ ভূখণ্ডৰ অখণ্ডতা আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । আফগান সেনাই নিশা চলাচল কৰা সামৰিক বাহন আৰু প্ৰচণ্ড বন্দুকৰ গুলীৰ ভিডিঅ’ ফুটেজ প্ৰকাশ কৰিছে ।
উল্লেখ্য় যে কেইবামাহ ধৰি দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সীমান্তত উত্তেজনা অব্য়াহত আছে । যোৱা অক্টোবৰত সীমান্তত সংঘটিত সংঘৰ্ষত কেইবা ডজন সৈনিক, সাধাৰণ নাগৰিক আৰু সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃত্যু হৈছে । কাবুলত বোমা বিস্ফোৰণৰ পিছতে এই হিংসাত্মক ঘটনা সংঘটিত হয় ।
এই ঘটনাত আফগান বিষয়াসকলে পাকিস্তানক দোষাৰোপ কৰে । সেই সময়ত পাকিস্তানে আফগানিস্তানত উগ্ৰপন্থীৰ আত্মগোপন স্থানক লক্ষ্য কৰি আক্ৰমণ চলাইছিল । পিছত কাটাৰে যুদ্ধবিৰতিৰ হস্তক্ষেপ কৰে যদিও এতিয়াও গুলীচালনা অব্যাহত আছে।
যোৱা দেওবাৰে পাকিস্তানৰ সেনাই আফগানিস্তানৰ সীমান্তৰ সিপাৰে আক্ৰমণ চলাই কমেও ৭০জন উগ্ৰপন্থীক হত্যা কৰা বুলি দাবী কৰিছিল । পাকিস্তানৰ এই দাবী আফগানিস্তানে অস্বীকাৰ কৰি কয় যে মহিলা আৰু শিশুকে ধৰি কেইবা ডজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে পাকিস্তানে এই আক্ৰমণত পূব আফগানিস্তানৰ বিভিন্ন আৱাসিক এলেকাকে ধৰি এখন মাদ্ৰাছা আৰু কেইবাটাও ঘৰ লক্ষ্য় কৰি লয় । পাকিস্তানৰ এই আক্ৰমণে আফগান আকাশমাৰ্গ আৰু সাৰ্বভৌমত্ব উলংঘা কৰা বুলি মন্ত্ৰালয়ে কয় ।

