ETV Bharat / international

সন্দেহজনক পৰিস্থিতিত ইমৰাণ খানৰ মৃত্যু; স্পষ্ট কৰিলে ফেক্ট-চেক ইউনিটে

ইমৰাণ খানৰ মৃত্যুৰ বাতৰি অনলাইনযোগে প্ৰচাৰিত হৈছে । আফগানৰ এটা সংবাদ মাধ্যমে প্ৰকাশ কৰে এই তথ্য ।

pakistan ex pm imran khan
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান (ANI)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 9:09 PM IST

4 Min Read
Choose ETV Bharat

লাহোৰ : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক সন্দেহজনক পৰিস্থিতিত কাৰাগাৰত হত্যা কৰা হৈছে । আফগান সংবাদ মাধ্যমে দাবী কৰিছে এই কথা । অৱশ্যে ফেক্ট-চেক ইউনিটে এই দাবী নস্যাৎ কৰি মিছা বুলি কৈছে ।

আফগানৰ এটা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰাণ খানক ৰাৱালপিণ্ডীৰ আদিয়ালা জেলত হত্যা কৰা হৈছে । ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবী । বাতৰিটো বিয়পি পৰাৰ লগে লগে নেটিজেনে খানৰ কথিত মৃত্যুৰ বিষয়ে পোষ্ট দিবলৈ আৰম্ভ কৰে ।

pakistan ex pm imran khan
ইমৰাণ খানৰ মৃত্যুৰ খবৰ মিছা বুলি কয় ফেক্ট-চেক ইউনিটে (Instagram Account)

ইটিভি ভাৰতেও এই দাবী নিশ্চিত কৰা নাই । মন কৰিবলগীয়া যে ইমৰাণ খানৰ মৃত্যুক লৈ এনেধৰণৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত প্ৰথমবাৰৰ বাবে প্ৰচাৰ হোৱা নাই । ইয়াৰ পূৰ্বে ২০২৫ চনৰ মে’ মাহত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গুলীয়াই হত্যা কৰা বা তেওঁৰ ঘৰত আক্ৰমণ কৰা বুলি অভিযোগ কৰি একেধৰণৰ ভুৱা দাবী বহুলভাৱে শ্বেয়াৰ কৰা হৈছিল ।

কাৰাবন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তিনিগৰাকী ভগ্নীয়ে যোৱা সপ্তাহত আদিয়ালা জেলৰ বাহিৰত নিজৰ লগতে ভাতৃৰ সমৰ্থকসকলৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । খানৰ ভগ্নীদ্বয়—নোৰিন নিয়াজী, আলিমা খান আৰু ডাঃ উজমা খান—এমাহৰ বাবে ইমৰাণ খানৰ লগত যোগাযোগ কৰিবলৈ বঞ্চিত হোৱাৰ পিছত পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই)ৰ আন সদস্যসকলৰ সৈতে আদিয়ালা জেলৰ বাহিৰত শিবিৰ পাতি আছিল ।

কাৰাগাৰৰ বাহিৰত তেওঁলোক বহি থকা অৱস্থাত আৰক্ষীয়ে আক্ৰমণ কৰে আৰু প্ৰহাৰ কৰে । পাঞ্জাৱ আৰক্ষী অধীক্ষক ওছমান আনোৱাৰলৈ লিখা এখন পত্ৰত খানৰ ভগ্নীসকলে উল্লেখ কৰে যে এই হিংসাত্মক ঘটনা নিষ্ঠুৰ আৰু ইচ্ছাকৃতভাৱে কৰা হৈছিল আৰু বিষয়াসকলে কোনো প্ৰৰোচনা নোহোৱাকৈয়ে কাম কৰিছিল ।

এটা ইচ্ছাকৃত আক্ৰমণ

নোৰিন নিয়াজীয়ে কয়, "তেওঁৰ (ইমৰাণ খানৰ) স্বাস্থ্যৰ চিন্তাত আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলো । আমি পথ অৱৰোধ কৰা নাছিলো, জনসাধাৰণৰ চলাচলত বাধা দিয়া নাছিলো, কোনো ধৰণৰ অবৈধ কামত লিপ্ত হোৱা নাছিলো । তথাপিও কোনো সতৰ্কবাণী অবিহনে অঞ্চলটোৰ ষ্ট্ৰীট লাইটবোৰ হঠাতে বন্ধ কৰি দিয়া হৈছিল, ইচ্ছাকৃতভাৱে অঞ্চলটো আন্ধাৰ কৰি দিছিল । ইয়াৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে নিৰ্মম আৰু ইচ্ছাকৃতভাৱে আক্ৰমণ কৰিছিল ।"

তিনি বছৰ ধৰি শান্তিপূৰ্ণ প্ৰতিবাদ

"৭১ বছৰ বয়সত মোৰ চুলিত ধৰি মাটিত পেলাই দিয়া হৈছিল আৰু ৰাস্তাৰে টানি নিয়াৰ ফলত আঘাতপ্ৰাপ্ত হৈছিলো । জেলৰ বাহিৰত থকা আন মহিলাসকলক চৰ মাৰি টানি লৈ যোৱা হৈছিল । আৰক্ষীৰ এই আচৰণ তিনি বছৰ ধৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা নাগৰিকৰ বিৰুদ্ধে নিৰ্বিচাৰে বল প্ৰয়োগৰ বৃহত্তৰ আৰু বিৰক্তিকৰ আৰ্হিৰ অংশ আছিল ।" নিয়াজীয়ে কয় ।

তেওঁ লগতে কয়, "আৰক্ষীৰ আচৰণ সম্পূৰ্ণ অপৰাধমূলক, অবৈধ, নৈতিকভাৱে ভুল আছিল আৰু গণতান্ত্ৰিক সমাজৰ যিকোনো আইন প্ৰয়োগকাৰী সংস্থাৰ মৌলিক দায়িত্বৰ সম্পূৰ্ণ বিপৰীত আছিল ।"

আক্ৰমণৰ লগত জড়িত আৰক্ষী জোৱানৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা

খানৰ ভগ্নীসকলে এই নৃশংস আক্ৰমণৰ লগত জড়িত সকলো আৰক্ষী জোৱানৰ বিৰুদ্ধে পঞ্জাৱৰ আৰক্ষী মহাপৰিদৰ্শকক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । পি টি আইৰ মুখ্য পৃষ্ঠপোষক খান ২০২৩ চনৰ আগষ্ট মাহৰ পৰা একাধিক অভিযোগত কাৰাগাৰত বন্দী হৈ আছে । চৰকাৰে কোনো ঘোষণা নকৰাকৈ এমাহৰো অধিক সময় তেওঁক সাক্ষাৎ নিষিদ্ধ কৰিছে ।

আনকি খানক লগ কৰিবলৈ দিয়া নহ’ল খাইবাৰ-পাখ্তুনখোৱাৰ মুখ্যমন্ত্ৰী সোহেল আফ্ৰিদীক । আফ্ৰিদীয়ে জেলত তেওঁক লগ কৰিবলৈ একেৰাহে সাতবাৰ চেষ্টা কৰিছিল যদিও কাৰাগাৰৰ বিষয়াসকলে তেওঁক লগ কৰাত বাধা দিয়ে । খানৰ দাবী যে জেলখন সেনা বিষয়াৰ নিয়ন্ত্ৰণত আছে ।

লগতে পঢ়ক : মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা; ৩০ নৱেম্বৰলৈকে দেশজোৰা প্ৰতিবাদ কৰিব দলে