ETV Bharat / international

নেপালৰ বানঃ ক'লৈ যাম, কোনফালে দৌৰিম, কেৱল পানীত ওপঙি থকা মৃতদেহবোৰ দেখা পালোঁ...

নেপালৰ বানত জীৱিতৰ ভয়ংকৰ বৰ্ণনা ৷ বহু লোক এতিয়া আশ্ৰয় শিবিৰ আৰু হাস্পতালত আছে । বুধবাৰে পুৱা তেওঁলোকে কি দেখিছিল ?

Nepal Floods
নেপালত আকস্মিক বানৰ পিছত বোকা-বালিয়ে পুতি পেলোৱা ঘৰ (ANI)
author img

By PTI

Published : August 28, 2026 at 1:49 PM IST

|

Updated : August 28, 2026 at 5:38 PM IST

8 Min Read
Choose ETV Bharat

কাঠমাণ্ডু : তিব্বত-নেপাল সীমান্তৰ ভয়ংকৰ মহাপ্ৰলয়ৰ দৃশ্যবোৰে সকলোকে জোকাৰি গৈছে । প্ৰকৃতি ৰুষ্ট হ'লে কি পৰিস্থিতি হ'ব পাৰে তাৰেই যেন উদাহৰণ নেপালৰ এই আকস্মিক বান ।

কেৱল ভিডিঅ'বোৰ দেখিয়ে সকলোৰে গাৰ নোম শিয়ৰি উঠিছে । কিন্তু চিন্তা কৰক সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলে কি পৰ্যায়ত সময় কটাইছে ? সীমান্তৰ ৰাছুৱা বা অন্যান্য প্ৰভাৱিত অঞ্চলৰ ৰাইজে বুধবাৰে পুৱা হঠাৎ অহা বানৰ মোকাবিলা কেনেদৰে কৰিছিল ?

সংবাদ মাধ্যমৰ আগত সেই ভয়ংকৰ পৰিস্থিতিৰ কথা কেইবাগৰাকী লোকে বৰ্ণনা কৰিছে । সেই ভয়ংকৰ মুহূৰ্তৰ অন্যতম সাক্ষী শুল্ক বিভাগৰ এজেণ্ট ৰাজু বুঢ়াথোকিয়ে বৰ্ণনা কৰিছে কেনেদৰে আন দিনাৰ দৰে বুধবাৰৰ পুৱা আৰম্ভ হৈছিল যদিও বানে অতি কম সময়ৰ ভিতৰতে সকলো তচনচ কৰি থৈ গ'ল । তেওঁৰ চকুৰ সন্মুখতে ঘৰ-দুৱাৰ সকলো নিঃশেষ হৈ গ'ল । কেৱল এৰি গ'ল হতাশা ।

Nepal Floods
নেপালত আকস্মিক বানৰ পিছৰ দৃশ্য (ANI)

'দ্য কাঠমাণ্ডু পোষ্ট'ৰ এক প্ৰতিবেদন অনুসৰি তেতিয়া সময় আছিল প্ৰায় পুৱা ৮:৪৫ । বুঢ়াথোকিয়ে টাইমুৰেৰ নিজৰ কোঠাত জিৰণি লৈ আছিল । হঠাৎ সমীপৰ পাহাৰৰ ঢাল কঁপিবলৈ ধৰিলে ।

ভূমিকম্প বুলি ভাবি তেওঁ বাহিৰলৈ ওলাই আহিল আৰু ওচৰৰে আৰক্ষী চকীৰ ফালে দৌৰিলে । কিন্তু গৈ দেখিলে যে আৰক্ষীয়েও জীৱন ৰক্ষা কৰিবলৈ পলায়ন কৰিছে । দৌৰি গৈ তেওঁ তাঁৰৰ বেৰত খুন্দাও মাৰিলে, হাতত আঘাত পালে । কিন্তু তেওঁৰ পিছত যি বিপদ আছিল হাতৰ আঘাত সেয়া একেবাৰে সামান্য আছিল ।

দৌৰি দৌৰিয়ে এবাৰ পিছলৈ ঘূৰি চাই ৰাজুৱে দেখিলে টাইমুৰে বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰবোৰ এটা এটাকৈ বানত উটি গ'ল । অৱশেষত তেওঁ প্ৰায় ৫০০ মিটাৰ উচ্চতাৰ এটা স্থানত উপস্থিত হ'ল আৰু তাত আশ্ৰয় ল'লে ।

সম্প্ৰতি ত্ৰিশূলী চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰাজুৱে কয়, "ওখ ঠাইৰ পৰা যেতিয়া মই টাইমুৰেৰ সেই স্থানলৈ লক্ষ্য চাইছিলো তেতিয়া মই কেতিয়াও কল্পনা কৰা নাছিলো যে এনেকৈ জীৱনৰ দ্বিতীয়টো সুযোগ পাম । এতিয়া সকলো এটা ভয়ানক সপোন যেন লাগে ।"

নেপাল-তিব্বত সীমান্তত ভোটেকোশীৰ মহাপ্ৰলয়ৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ভিতৰত ৰাজু বুঢ়াথোকিও এজন আছিল । ৰাজু বুঢ়াথোকিৰ দৰে সেই ভয়ংকৰ পৰিস্থিতিৰ কথা শুল্ক এজেণ্ট প্ৰকাশ গৌতমেও বৰ্ণনা কৰিছে ।

গৌতমে 'দ্য কাঠমাণ্ডু পোষ্ট'ক জনোৱা মতে মুহূৰ্তৰ ভিতৰতে এটা বৃহৎ শব্দৰ পিছত বজাৰখনৰ আকাশ অন্ধকাৰ হৈ পৰিছিল । তেওঁ কয়, "মই কি কৰি আছো সেয়া পাহৰি কেৱল মোৰ কোঠাৰ পৰা দৌৰি ওলাই আহিলোঁ । ক'লৈ যাম, কোনফালে দৌৰিম একোৱে ধাৰণা নাছিল । মই কেৱল জীয়াই থাকিব বিচাৰিছিলো । ওপৰৰ হাবিখনৰ পৰা কেৱল পানীত ওপঙি থকা মৃতদেহবোৰ দেখা পালোঁ । চকুৰ সন্মুখতে ধুনীয়া টাইমুৰে ধ্বংসাৱশেষলৈ পৰিণত হ'ল । ঘৰ-বসতি সকলো উটুৱাই লৈ গ'ল । এতিয়া তাত কেৱল বালি-বোকা, তাৰ বাহিৰে একোৱেই নাই ।"

জানিব পৰা মতে গৌতমক দিনৰ ভাগত উদ্ধাৰ কৰিব পৰা নাছিল । বুধবাৰে নিশা হাবিৰ মাজতে নেপাল সেনাই হেলিকপ্টাৰেৰে পেলাই থৈ যোৱা নুডলছৰ পেকেট খাই জীয়াই আছিল ।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত নেপাল সেনাৰ এখন হেলিকপ্টাৰ আহি তেওঁলোকক উদ্ধাৰ কৰি বিদুৰলৈ লৈ যায় । গৌতমে কয়, "হেলিকপ্টাৰত উঠাৰ পিছতহে মই অনুভৱ কৰিছিলোঁ যে মই সঁচাকৈয়ে বাচিলোঁ ।"

ইফালে দোলাখাৰ তুলসী বাহাদুৰ ভাণ্ডাৰীয়ে একমাত্ৰ বানৰ সোঁতৰ বাবে জীয়াই থাকিল । তীব্ৰ সোঁতে তুলসীক বহু দূৰত পেলাই দিছিল । তেওঁ সেই ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি কয় যে ক'লা বোকা আৰু পানীৰ সোঁতে হঠাতে অঞ্চলটো আৱৰি ধৰিছিল, ইটোৰ পিছত সি ঘৰ ভাঙি পেলাইছিল ।

Nepal Floods
নেপাল-তিব্বত সীমান্তৰ বানে সকলো তচনচ কৰি থৈ গ'ল (ANI)

তেওঁ কয়, "মই দৌৰিছিলোঁ । কিন্তু বানৰ প্ৰবল সোঁতে মোক আঘাত কৰে আৰু দূৰত পেলাই দিয়ে ।" তেওঁ লগতে কয় যে ঢালৰ এটা দিশত তেওঁ পৰি গৈছিল যাৰ বাবে সেই সোঁতে তেওঁক উটুৱাই নিব নোৱাৰিলে । তেওঁ কয়, "সেই সোঁতে যদি মোক ঢালৰ ফালে পেলাই নিদিলেহেঁতেন তেন্তে আজি মই জীয়াই নাথাকিলোহেঁতেন ।"

বিদুৰ, ত্ৰিশূলী আৰু কাঠমাণ্ডুৰ চিকিৎসালয় আৰু আশ্ৰয় শিবিৰত জীৱিতসকল সুস্থ হৈ উঠিছে যদিও পৰিয়ালৰ লোক, আত্মীয়, সহকৰ্মী আৰু বন্ধু-বান্ধৱীক হেৰুৱাই কঠোৰ সংগ্ৰাম কৰিবলগা হৈছে ।

এখন চিকিৎসালয়ত আহত আত্মীয়ক চোৱা-চিতা কৰি থকা ৰাম কুমাৰ ৰাণাই কয় যে বানৰ পৰা পলায়ন কৰিবলৈ যাওঁতে একাংশ লোক বালি আৰু বোকাত পোত গৈছিল । তেওঁ কয়, "দৌৰাৰ সময়তে পানীৰ সোঁতে তেওঁলোকক আঘাত কৰিছিল আৰু পুতি পেলাইছিল । উদ্ধাৰকাৰী দলে হেলিকপ্টাৰৰ সহায়ত পিছত তেওঁলোকক উদ্ধাৰ কৰি তালৈ আনিছে ।"

তেওঁ লগতে কয় যে সেই পৰিস্থিতিৰ মাজত শিশুসকলো আতংকিত হৈ পৰে, কিছুমান পৰি যায় আৰু আঘাতপ্ৰাপ্ত হয় । এই ধ্বংসলীলাৰ ফলত প্ৰভাৱিত জিলাসমূহত লোকবোৰে নিৰুদ্দেশ হোৱা আত্মীয়ৰ সন্ধানত হাহাকাৰ কৰিছে । নুৱাকোট জিলাৰ ত্ৰিশূলীত বৃহস্পতিবাৰে সৈনিক মৈদানত পৰিয়ালসমূহ সমবেত হৈ নিৰুদ্দেশ হোৱা লোকসকলৰ বিষয়ে তথ্য প্ৰদান কৰে ।

এজন স্থানীয় বাসিন্দাই পিটিআই জনাইছে, "মোৰ দেউতা তাত আছিল । তেওঁ ক্ষতিগ্ৰস্ত অঞ্চলটোৰ এটা জলবিদ্যুৎ প্ৰকল্পত কাম কৰিছিল । তেওঁ নিৰুদ্দেশ হৈ আছে । সেইদিনা পুৱা তেওঁ কৰ্মস্থলীত আছিল আৰু তেতিয়াৰ পৰা আমি তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই ।" ৰাছুৱাৰ আন এজন জীৱিত লোকে এই ধ্বংসলীলাৰ বৰ্ণনা কৰে । এক সাক্ষাৎকাৰত তেওঁ কয়, "তাত একোৱেই বাকী নাই । মই সকলো হেৰুৱাইছো ।"

একাংশ জীৱিত লোকে কয় যে তেওঁলোকে নদীৰ ওচৰত বাস কৰা লোকসকলক সেই স্থান খালী কৰিবলৈ কোৱাৰ সতৰ্কবাণী লাভ কৰিছিল যদিও পলাবলৈ সময়ে নাপালে ।

স্থানীয় এজন বাসিন্দাই কৈছে, "আমি তাত প্ৰায় ৯:৩৫ বজাত এটা নিউজ এলাৰ্ট পাইছিলোঁ, য'ত কোৱা হৈছিল যে বান আহিছে আৰু নদীৰ ওচৰত বাস কৰা সকলোৱে সেই ঠাই এৰিব লাগে । কিন্তু আমি ওলাই যাবলৈ পৰ্যাপ্ত সময় নাপালোঁ ।" তেওঁ লগতে কয়, "আগতে ইয়াত দুখন দলং আছিল । এতিয়া মাত্ৰ কেইটামান ঘৰ আছে । চৰকাৰে পৰিস্থিতি কেনেকৈ চম্ভালিব নাজানো ।"

নেপাল সেনা আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ উদ্ধাৰকাৰী দলে ৰাছুৱা, ধাডিং, নুৱাকোট আৰু চিতৱান জিলাত জীৱিত আৰু এতিয়াও নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত ৰাখিছে ।

তাৰ মাজতে উদ্ধাৰকাৰী দলৰ এজন সদস্যই পিটিআইক জনোৱা মতে ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও নিৰ্ণয় কৰা হোৱা নাই । প্ৰাৰম্ভিক প্ৰতিবেদনত বহু লোকে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় ১০০০ লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । তেওঁ লগতে কয় যে ভোটেকোশী আৰু ত্ৰিশূলী নৈত অহা আকস্মিক বানে দলং, ঘৰ-দুৱাৰ সকলো উটুৱাই নিয়াৰ লগতে আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে ।

নেপালৰ সাংসদ খগেন্দ্ৰ সোনাৰে ​​কয় যে জীৱিত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা আৰু ধ্বংসপ্ৰাপ্ত বসতিস্থলসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ।

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সোনাৰে ​​কয়, "বজাৰ আৰু অঞ্চলটো পুনৰুদ্ধাৰ কৰিবলৈ নিশ্চিতভাৱে বহু সময় লাগিব । কিন্তু যিসকল লোকৰ প্ৰাণ ৰক্ষা পৰিছে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰয়োজন আছে ।

তেওঁ কয়, "এয়া এক বৃহৎ দুৰ্যোগ হোৱাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সহায় কৰিছে । এয়া কেৱল চৰকাৰৰ দায়িত্ব নহয়, আমাৰ সকলোৰে দায়িত্ব ।"

ইফালে এই বানে বিদেশী নাগৰিকৰো ক্ষতি কৰিছে । ৩০ খনতকৈও অধিক দেশৰ নাগৰিককে ধৰি হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হৈ আছে । নেপাল আৰু ভাৰতীয় কৰ্তৃপক্ষই জনোৱা মতে তাৰ ভিতৰত ২৮৮ গৰাকী ভাৰতীয় নাগৰিক এতিয়াও নিৰুদ্দেশ হৈ আছে ।

উদ্ধাৰ অভিযান অব্যাহত আছে । কিন্তু যিসকলে কোনোমতে জীৱন ৰক্ষা কৰিলে তেওঁলোক এতিয়া ভয়ংকৰ বাস্তৱৰ সন্মুখীন হৈছে । কাৰণ উভতি আহি তেওঁলোকে নিজৰ ঘৰখন, কৰ্মস্থলী একোৱে বিচাৰি পোৱা নাই । সকলো শেষ হৈ গ'ল !

লগতে পঢ়ক :

NEPAL FLASH FLOOD LIVE UPDATES: নেপালৰ বান পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা; ভাৰতৰ পৰা নেপাললৈ ৩৭.৫ টন মানৱীয় সাহায্য প্ৰেৰণ

Last Updated : August 28, 2026 at 5:38 PM IST