ETV Bharat / international

ভাৰতত মুছলমান থাকিব নালাগে বুলি ভবাসকল হিন্দু হোৱাৰ যোগ্যতা নাই: মোহন ভাগৱত

প্ৰতিজন মানুহৰ মৰ্যাদা আছে, মানুহৰ মাজত কোনো পাৰ্থক্য নাই ৷ এই ধাৰণা বিশ্বাস কৰাৰ প্ৰয়োজন প্ৰতিজন হিন্দুৰ ৷ এই মন্তব্য আৰএছএছৰ মুৰব্বীৰ ৷

RSS CHIEF MOHAN BHAGWAT
ভাৰতত মুছলমান থাকিব নালাগে বুলি ভবাসকল হিন্দু হোৱাৰ যোগ্যতা নাই (ANI)
author img

By ETV Bharat Assamese Team

Published : August 30, 2026 at 8:02 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছ বুলি ক'লে মনলৈ আহে হিন্দুত্ববাদী বুলি ৷ কিন্তু সময়ৰ লগে লগে আৰএছএছৰ চিন্তাধাৰা যেন কিছু সলনি হ'বলৈ ধৰিছে ৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত ‘ইউনিভাৰ্চেল একনেছ চেলিব্ৰেচন’ত ভাষণত হিন্দু-মুছলমানক লৈ আৰএছএছৰ মূৰব্বী মোহন ভাগৱতে এক ডাঙৰ মন্তব্য কৰে ৷

ৰাখীবন্ধন উৎসৱক বিশ্ব ঐক্য আৰু ‘বসুধৈৱ কুটুম্বকম’ৰ প্ৰাচীন ভাৰতীয় মূল্য বুলি উল্লেখ কৰা লগতে যিজন হিন্দুৱে ভাৰতত মুছলমানৰ কোনো স্থান নাথাকে বুলি বিশ্বাস কৰে তেওঁ কেতিয়াও হিন্দু হ'ব নোৱাৰে বুলিও আৰএছএছৰ মূৰব্বীগৰাকীয়ে উল্লেখ কৰে ৷

ভাগৱতে ২০১৮ চনত দিল্লীত এক বক্তৃতাৰ সময়ত মুছলমান ব্যক্তিয়ে সোধা এটা প্ৰশ্নৰ কথা মনত পেলাই তেওঁ কয়, "যিজন হিন্দুৱে ভাৰতত মুছলমানৰ কোনো স্থান নাই বুলি বিশ্বাস কৰে তেওঁ হিন্দু হোৱাৰ যোগ্য নহয় ৷ হিন্দুত্বই প্ৰতিজন মানুহৰ মৰ্যাদাক স্বীকৃতি দিয়ে আৰু একে সত্যৰ ভিন্ন পথ গ্ৰহণ কৰে ৷"

দিল্লীত মোক কেইবাজনো মুছলমান ভাইয়ে মোক সুধিছিল, "আপুনি হিন্দু ৰাষ্ট্ৰৰ কথা কয় । আমাৰ মুছলমানসকলৰ কথা কি ক’ব ? আপুনি আমাক খেদি পঠিয়াবনে ? মই তেওঁলোকক ক’লো, নাই, সেইটো হিন্দু ধৰ্ম নহয় । যদি কোনো হিন্দুৱে ভাবে যে ভাৰতত মুছলমান থাকিব নালেগে, তেন্তে তেওঁ হিন্দু হোৱাৰ যোগ্য নহয় ।"

তেওঁ কয়, "হিন্দু পৰিচয়ৰ বাবে ধৰ্মীয় বৈচিত্ৰ্যক গ্ৰহণ কৰা আৰু প্ৰতিজন ব্যক্তিৰ সমান মূল্যৰ প্ৰয়োজন । নিজকে হিন্দু বুলি ক’ব বিচাৰিলে বিশ্বাস কৰিব লাগিব যে সকলো পথেই একেটা লক্ষ্যলৈ লৈ যায় । প্ৰতিজন মানুহৰ মৰ্যাদা আছে, মানুহৰ মাজত কোনো পাৰ্থক্য নাই । এই সকলোবোৰ পাৰ্থক্যই প্ৰকৃতিক সজাই তোলে, আৰু আমি সেইবোৰ স্বীকাৰ কৰিব লাগিব । কিন্তু যি বাস্তৱতা সদায় উপস্থিত থাকে সেয়া হ’ল আমি এক ।"

লগতে পঢ়ক: অনৈক্যৰ মাজত ঐক্য, ভাৰতৰ ডিএনএত আছে: আৰএছএছৰ মুৰব্বী মোহন ভাগৱত