অপাৰেশ্ব'ন চেকমেট ! আমেৰিকাত ৩০ জন ভাৰতীয়ক গ্ৰেপ্তাৰ, শীঘ্ৰে কৰা হ’ব বিতাড়ন
অপাৰেশ্ব'ন চেকমেটৰ লক্ষ্য হৈছে প্ৰব্ৰজন আইন বলবৎ কৰি জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা ।


Published : June 2, 2026 at 4:45 PM IST
নিউয়ৰ্ক: আমেৰিকাত অবৈধভাৱে বসবাস কৰা প্ৰায় ৩০ জন ভাৰতীয় নাগৰিকক ফেডাৰেল অভিযানৰ অংশ হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে আৰু অতি সোনকালে তেওঁলোকক বিতাড়িত কৰা হ’ব ৷ খবৰ অনুসৰি আটাইকেইজনেই বাণিজ্যিক ট্ৰাক চালক হিচাপে কাম কৰি আছিল ৷
আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাই সোমবাৰে (স্থানীয় সময় অনুসৰি) এক বিবৃতিত কয় যে ১১-১৫ মে’ত এৰিজোনাৰ য়ুমা খণ্ডৰ সীমান্ত টহলদাৰী বিষয়াসকলে অপাৰেশ্ব'ন চেকমেটৰ অধীনত আমেৰিকাত অবৈধভাৱে বাস কৰাৰ অপৰাধত ৫২ জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰে ৩৬ গৰাকীক মিনি ট্ৰাক চলাই থকা সময়ত গ্ৰেপ্তাৰ কৰা হয় ৷

বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা ৩৬ জন অবৈধ মিনি ট্ৰাক চালকৰ ৩০ জন ভাৰতীয় আৰু বাকী ছয়জন মেক্সিকো, এল ছালভাডৰ আৰু ৰাছিয়াৰ ।
তেওঁলোকৰ ওচৰত কেলিফৰ্ণিয়া, নিউয়ৰ্ক, ৱাশ্বিংটন, ভাৰ্জিনিয়া আদি ৰাজ্যৰ বাণিজ্যিক ড্ৰাইভিং লাইচেন্সো আছিল ৷ ইফালে আন কেইবাজনৰ ওচৰত ড্ৰাইভিং লাইচেন্সেই নাছিল ৷ ইয়াৰ উপৰি অধিকাংশৰ ওচৰত প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনৰ সময়ত লাভ কৰা নিয়োগ অনুমোদনৰ নথি আছিল, যিবোৰ বৰ্তমান বৈধ নহয় ৷ সকলো ব্যক্তিকে ফেডাৰেল আইন অনুসৰি প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু তেওঁলোকক বিতাড়িত কৰা হ’ব ৷
অপাৰেশ্ব'ন চেকমেটৰ লক্ষ্য হৈছে অনুপ্ৰৱেশ আইন বলবৎ কৰা, দেশত বাণিজ্যিক বাহন চলোৱা অবৈধ ব্যক্তিক ধৰা পেলোৱা আৰু গ্ৰেপ্তাৰ কৰি জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা ৷ আমেৰিকাৰ সীমান্ত টহলদাৰীৰ য়ুমা খণ্ডৰ ভাৰপ্ৰাপ্ত মুখ্য টহলদাৰী বিষয়া ডাষ্টিন ক’ডেলে কয় যে অপাৰেশ্ব'ন চেকমেটে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অবৈধ চালকৰ পৰা সম্প্ৰদায় আৰু পথসমূহক সুৰক্ষিত কৰাৰ বাবে আমাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে ৷ ফেডাৰেল এজেণ্টসকলে ‘এই ব্যক্তিসকলক বাধা দিবলৈ আৰু সমগ্ৰ দেশৰ পথসমূহত অধিক ভয়াবহ দুৰ্ঘটনা ৰোধ কৰিবলৈ’ প্ৰতিদিনে টহল দি আছে ৷
২০২৫ চনত ৩৮০০ৰো অধিক ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল বুলি চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যসভাক অৱগত কৰিছিল । সংসদত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি ডিচেম্বৰৰ মাজভাগলৈকে ৱাশ্বিংটনৰ মাজেৰে বিতাড়িত হোৱা ৩৪১৪জন ভাৰতীয়ক এই পৰিসংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে পঢ়ক : ইউৰোপীয় সংঘৰ ওপৰত অধিক শুল্ক আৰোপৰ সকীয়নি ট্ৰাম্পৰ

