ETV Bharat / international

সংযুক্ত আৰব আমিৰশ্বাহীৰ ফুজাইৰাত ইৰাণৰ ড্ৰ’ণ আক্ৰমণত আহত তিনিগৰাকী ভাৰতীয়

ফুজাইৰাৰ কৰ্তৃপক্ষৰ উদ্ধৃতিৰে খালিজ টাইমছে প্ৰকাশ কৰা অনুসৰি তেল কেন্দ্ৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে তিনিজন ভাৰতীয় নাগৰিক আঘাতপ্ৰাপ্ত হয় ।

drone attack
সংযুক্ত আৰব আমিৰশ্বাহীৰ ফুজাইৰাত ইৰাণৰ ড্ৰ’ণ আক্ৰমণ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 5, 2026 at 2:14 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: সংযুক্ত আৰব আমিৰশ্বাহীৰ ফুজাইৰা পেট্ৰ’লিয়াম ইণ্ডাষ্ট্ৰীজ জ’নত “ইৰাণৰ ড্ৰ’ন আক্ৰমণ”ৰ পিছত সোমবাৰে সংঘটিত অগ্নিকাণ্ডত তিনিজন ভাৰতীয় নাগৰিক আহত হয় ।

এক্সত এটা পোষ্টত ইউএইত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে যে ফুজাইৰাত সংঘটিত আক্ৰমণত তিনিজন ভাৰতীয় আহত হৈছে । ইয়াত লগতে কোৱা হৈছে যে ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলৰ পৰ্যাপ্ত চিকিৎসা সেৱা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোক স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে ।

ইয়াৰ পূৰ্বে ইউএইৰ চৰকাৰী সংবাদ সংস্থা ডব্লিউ এ এমৰ বাতৰি অনুসৰি পূব এমিৰেট ফুজাইৰাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে ইৰাণৰ পৰা অহা ড্ৰ’ন আক্ৰমণৰ ফলত এফ অ’ আই জেডত অগ্নিকাণ্ড সংঘটিত হৈছে । তৎক্ষণাত সঁহাৰি জনাই ফুজাইৰা অসামৰিক প্ৰতিৰক্ষাৰ দলসমূহে জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে বুলি লগতে কয় ।

ফুজাইৰাৰ কৰ্তৃপক্ষৰ উদ্ধৃতিৰে খালিজ টাইমছে প্ৰকাশ কৰা অনুসৰি পেট্ৰ’লিয়াম কেন্দ্ৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে তিনিজন ভাৰতীয় নাগৰিক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলিও জানিবলৈ দিয়ে ।

ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণে সমগ্ৰ দেশৰ বিভিন্ন অঞ্চলৰ ফালে চাৰিটাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । তেওঁলোকে কয় যে দেশৰ ভূখণ্ডৰ জলসীমাৰ ওপৰেৰে তিনিটা ক্ষেপণাস্ত্ৰই লক্ষ্যত আঘাত কৰাৰ বিপৰীতে এটা ক্ষেপণাস্ত্ৰ সাগৰত পৰে । সতৰ্কবাণী প্ৰেৰণ কৰি জনসাধাৰণক সকলো সুৰক্ষাৰ পদ্ধতি মানি চলিবলৈ আহ্বান জনায় মন্ত্ৰণালয়ে ।

গালফ নিউজে প্ৰকাশ কৰা অনুসৰি কৰ্তৃপক্ষই জনসাধাৰণক উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আৰু তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে ।

ইউএইৰ বৈদেশিক মন্ত্ৰণালয়ে মিছাইল আৰু ড্ৰ’নৰ ব্যৱহাৰ “ইৰাণৰ নবীকৃত অপ্ৰৰোচিত আগ্ৰাসন” বুলি কোৱা কথাটোক তীব্ৰ নিন্দা কৰে । মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে এই “আক্ৰমণবোৰে আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি উলংঘা কৰি বিপদ বৃদ্ধি, গ্ৰহণযোগ্যহীন আগ্ৰাসনৰ কাৰ্য আৰু ইউএইৰ নিৰাপত্তা, স্থিতিশীলতা আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি সৃষ্টি কৰে ।” ইউএইয়ে জোৰ দি কয় যে কোনো কাৰণতে নিজৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি কোনো ভাবুকি তেওঁলোকে সহ্য নকৰে ।

লগতে পঢ়ক: লেবাননত আক্ৰমণ ইজৰাইলৰ; হিজবুল্লাহৰে জড়িত ৫০টা আন্তঃগাঁথনি ধ্বংস