উভতি চাও ২০২৫: এইসমূহ গুৰুতৰ ৰোগে প্ৰাণ কাঢ়িলে ধৰ্মেন্দ্ৰ, সঞ্জয় কাপুৰকে ধৰি বহু উজ্জ্বল তাৰকাৰ
২০২৫ বৰ্ষত হৃদৰোগ, কেন্সাৰ আৰু হেপাটাইটিছৰ দৰে ৰোগকে ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ বহুকেইগৰাকী বিখ্যাত ভাৰতীয় দিগ্গজ ব্যক্তিয়ে এই পৃথিৱীৰ পৰা বিদায় মাগে...

Published : December 10, 2025 at 10:56 AM IST
মাত্ৰ কেইদিনমানৰ পিচতে আমি বিদায় দিম ২০২৫ বৰ্ষক আৰু ২০২৬ বৰ্ষক আদৰণি জনাম ৷ কিন্তু ক’বলৈ গ’লে এই বৰ্ষত আমি বহুকেইগৰাকী মহান ব্যক্তিক হেৰুৱালো যিয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই থৈ গৈছে ৷ ভাৰতীয় মনোৰঞ্জন, সংগীত, ৰাজনৈতিক, সাংস্কৃতিক জগতৰ বাবে এই বছৰটো খুবেই কঠিন আছিল ৷ ২০২৫ বৰ্ষত আমি নিজ নিজ ক্ষেত্ৰত চাপ বহুৱাই যোৱা বিশ্বৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ বিদায় দেখিবলৈ পাইছিলোঁ ৷ শিল্প, সংস্কৃতি, আৰু সমাজলৈ তেওঁলোকৰ অৱদান আগন্তুক সময়তো মনত ৰখা হ'ব...
এইবাৰ (২০২৫) প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ আৰু মুকুল দেৱকে ধৰি বহু চেলিব্ৰিটিয়ে ইহলীলা সম্বৰণ কৰে ৷ এই খবৰে এই মহান ব্যক্তিত্বৰ বিষয়ে কিছু তথ্য প্ৰদান কৰে, য'ত তেওঁলোকৰ মৃত্যুৰ কাৰণ হোৱা ৰোগসমূহো অন্তৰ্ভুক্ত...
- প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ (১৯৩৫-২০২৫)
প্ৰখ্যাত অভিনেতা তথা প্ৰযোজক ধৰ্মেন্দ্ৰই ২০২৫ চনৰ ২৪ নৱেম্বৰত, মুম্বাইৰ নিজৰ জুহু বাংলোত, ৮৯ বছৰ বয়সত, শ্বাস-প্ৰশ্বাসজনিত জটিলতাৰ ফলত শেষ নিশ্বাস ত্যাগ কৰে ৷ চিকিৎসকে জনোৱা মতে, কেইবা সপ্তাহ ধৰি তেওঁ শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ সমস্যাত ভুগি আছিল ৷ বয়স বৃদ্ধিৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত সমস্যা সাধাৰণ বুলিও তেওঁলোকে উল্লেখ কৰে ৷
- মুকুল দেৱ (১৯৭০-২০২৫)
টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেতা মুকুল দেৱৰ ২০২৫ চনৰ ২৩ মে’ত নতুন দিল্লীত ৫৪ বছৰ বয়সত হঠাৎ মৃত্যু হয় ৷ দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ ৷
- জাৰিন খান (১৯৪৪-২০২৫)
অভিনেতা-পৰিচালক সঞ্জয় খানৰ পত্নী তথা প্ৰাক্তন মডেল অভিনেত্ৰী জাৰিন খানৰ ২০২৫ চনৰ ৭ নৱেম্বৰত মুম্বাইস্থিত নিজ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ বয়স বৃদ্ধিৰ ফলত হোৱা ৰোগৰ সৈতে যুঁজি আছিল আৰু অৱশেষত তেওঁ হাৰ্ট এটেকত শেষ নিশ্বাস ত্যাগ কৰে ৷
- সঞ্জয় কাপুৰ (১৯৭১-২০২৫)
উদ্যোগপতি তথা কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত লণ্ডনত গ’ল্ফ খেলি থকা অৱস্থাত হাৰ্ট এটেকত আকস্মিকভাৱে মৃত্যু হয় ৷ ২০২৫ চনৰ ১২ জুনত লণ্ডনত তেওঁৰ মৃত্যু হয় ৷ খবৰ অনুসৰি মৌমাখি মুখত প্ৰৱেশ কৰাৰ ফলত তেওঁৰ এলাৰ্জী হয় যাক কৌনিছ চিণ্ড্ৰম বুলিও কোৱা হয় ইয়াৰ ফলত সঞ্জয় কাপুৰৰ হাৰ্ট এটেক হোৱা বুলি কোৱা হৈছে ৷
- শ্বেফালী জাৰিৱালা (১৯৮২-২০২৫)
কাঁটা লাগা গীতৰ দ্বাৰা পৰিচিত অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালাৰ ৪২ বছৰ বয়সত ২০২৫ চনৰ ২৭ জুনত মুম্বাইত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে ৷
- সতীশ শ্বাহ (১৯৫২-২০২৫)
বিখ্যাত অভিনেতা সতীশ শ্বাহ ২০২৫ চনৰ ২৫ অক্টোবৰত মুম্বাইত ৭৪ বছৰ বয়সত বৃক্ক বিকল হোৱাৰ ফলত মৃত্যুবৰণ কৰে ৷
- ধীৰাজ কুমাৰ (১৯৪৪-২০২৫)
বিখ্যাত অভিনেতা তথা টেলিভিছন প্ৰযোজক ধীৰাজ কুমাৰৰ ২০২৫ চনৰ ১৫ জুলাইত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত নিউমোনিয়াৰ সৈতে যুঁজি অৱশেষত মৃত্যু হয় ৷
- আছৰাণী (১৯৪১-২০২৫)
হাওঁফাওঁত পানী জমা হোৱাৰ ফলত ৮৪ বছৰ বয়সত মৃত্যু হয় জনপ্ৰিয় অভিনেতা আছৰাণীৰ ৷ ২০২৫ চনৰ ২০ অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে, তেওঁৰ হাওঁফাওঁত পানী জমা হোৱা এই প্ৰক্ৰিয়াক তৰল পদাৰ্থ জমা হোৱা (Pulmonary edema) বুলিও কোৱা হয় ৷ হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা আৰু অক্সিজেনৰ অভাৱ হ’ব পাৰে ৷ ইয়াৰ প্ৰধান কাৰণ হৃদৰোগ, নিউমোনিয়া, যক্ষ্মা, আৰু বৃক্ক বা যকৃতৰ সমস্যা হ’ব পাৰে ৷
- অচ্যুত পোড্ডাৰ (১৯৩৪-২০২৫)
মাৰাঠী আৰু হিন্দী ছবিৰ সুপৰিচিত অভিনেতা অচ্যুত পোড্ডাৰৰ বয়সৰ সৈতে জড়িত সমস্যাৰ বাবে ২০২৫ চনৰ ১৮ আগষ্টত মুম্বাইত ৯০ বছৰ বয়সত মৃত্যু হয় ৷
- কামিনী কৌশল (১৯২৭ - ২০২৫)
বিখ্যাত অভিনেত্ৰী কামিনী কৌশলে ২০২৫ চনৰ ১৪ নৱেম্বৰত ৯৮ বছৰ বয়সত বয়সৰ লগত জড়িত সমস্যাৰ বাবে মুম্বাইৰ নিজ বাসগৃহত মৃত্যুবৰণ কৰে ৷
- মনোজ কুমাৰ (১৯৩৭-২০২৫)
বিখ্যাত অভিনেতা-পৰিচালক মনোজ কুমাৰ,যি ‘ভাৰত কুমাৰ’ নামেৰেও পৰিচিত মনোজ কুমাৰৰ হৃদযন্ত্ৰৰ জটিলতা (কাৰ্ডিঅ’জেনিক শ্বক)ৰ বাবে ২০২৫ চনৰ ৪ এপ্ৰিলত মুম্বাইৰ কোকিলাবেন ধীৰুবাই আম্বানী হাস্পতালত ৮৭ বছৰ বয়সত মৃত্যু হয় ৷
- দেৱ মুখাৰ্জী (১৯৪১-২০২৫)
বিখ্যাত অভিনেতা, প্ৰযোজক আৰু পৰিচালক দেৱ মুখাৰ্জীৰ বয়সৰ সৈতে জড়িত ৰোগৰ বাবে ২০২৫ চনৰ ১৪ মাৰ্চত মুম্বাইত ৮৩ বছৰ বয়সত মৃত্যু হয় ৷
- প্ৰিয়া মাৰাথে (১৯৮৭-২০২৫)
মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনৰ প্ৰখ্যাত অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ ২০২৫ চনৰ ৩১ আগষ্টত মুম্বাইত ৩৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৷
- সুলক্ষনা পণ্ডিত (১৯৫৪-২০২৫)
২০২৫ চনৰ ৬ নৱেম্বৰত মুম্বাইৰ নানাৱতী হাস্পতালত হৃদযন্ত্ৰ বন্ধ হৈ ৭১ বছৰ বয়সত বিখ্যাত অভিনেত্ৰী তথা প্লেবেক গায়িকা সুলক্ষনা পণ্ডিতৰ মৃত্যু হয় ৷
- পংকজ ধীৰ (১৯৫৬-২০২৫)
হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা পংকজ ধীৰ, বি.আৰ. চোপ্ৰাৰ টেলিভিছন ধাৰাবাহিক মহাভাৰত, ২০২৫ চনৰ ১৫ অক্টোবৰত, ৬৮ বছৰ বয়সত, কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুদ্ধৰ অন্তত অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে ৷
- কণ্ঠশিল্পী হুমান সাগৰ (১৯৯০-২০২৫)
ওড়িশাৰ জনপ্ৰিয় কণ্ঠশিল্পী হুমান সাগৰৰ ১৭ নৱেম্বৰৰ দিনা সোমবাৰে সন্ধিয়া মাত্ৰ ৩৪ বছৰ বয়সত মৃত্যু হয় ৷ জানিব পৰা মতে, মৃত্যুৰ কাৰণ মাল্টি অৰ্গেন ডিছফংচন চিনড্ৰম (MODS) বুলি জানিব পৰা গৈছে ৷ চিকিৎসকে জনোৱা মতে, ১৪ অক্টোবৰৰ বিয়লি তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ অনা হয় ৷ অৱস্থা বেয়া হোৱাৰ লগে লগে তেওঁক মেডিকেল আই চি ইউত ৰখা হৈছিল যদিও তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁৰ বহু অংগ বিকল হৈ পৰিছিল ৷
- ঋষভ টণ্ডন (১৯৯৫-২০২৫)
২০২৫ চনৰ ২২ অক্টোবৰত দিল্লীত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৩২ বছৰ বয়সত মৃত্যু হোৱা এজন গায়ক, সংগীতজ্ঞ, অভিনেতা ঋষভ টণ্ডন ৷
- পীয়ুষ পাণ্ডে (১৯৫৫-২০২৫)
নিউমোনিয়া আৰু সংক্ৰমণত আক্ৰান্ত হৈ প্ৰখ্যাত বিজ্ঞাপন গুৰু পীয়ুষ পাণ্ডেৰ মৃত্যু হয় ৷ গুৰুতৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ ফলত তেওঁৰ অৱস্থা আৰু অধিক গুৰুতৰ হৈ পৰে আৰু অৱশেষত ২০২৫ চনৰ ২৪ অক্টোবৰত ৭০ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে ৷
লগতে পঢ়ক

