ETV Bharat / health

৩০-৪০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত কিয় দেখা দিছে ষ্ট্ৰোকৰ আশংকা ? বিশেষজ্ঞই ক’লে ইয়াৰ প্ৰকৃত কাৰণ

বিগত কেইবছৰমানৰ পৰা ৩০-৪০ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোকৰ আশংকা ভয়াৱহ হাৰত বৃদ্ধি পাইছে, যি এক চিন্তাৰ কাৰণ, এই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত কি-

Rising Stroke Cases Among Young Adults
৩০-৪০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত কিয় দেখা দিছে ষ্ট্ৰোকৰ আশংকা ? (CDC)
author img

By ETV Bharat Health Team

Published : October 29, 2025 at 11:46 AM IST

4 Min Read
Choose ETV Bharat

এসময়ত ষ্ট্ৰোক বৃদ্ধৰ সৈতে জড়িত সমস্যা আছিল যদিও এই ধাৰণা দ্ৰুতগতিত সলনি হ’বলৈ ধৰিছে ৷ বিগত কেইবছৰমানৰ পৰা ৩০ৰ পৰা ৪০ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে ৷ যি এক ডাঙৰ চিন্তাৰ কাৰণ ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি বিশেষজ্ঞৰ পৰাই এই বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰো আহক-

এই সন্দৰ্ভত আমি বিশদভাৱে জানিবলৈ এইমছৰ ভেছকুলাৰ নিউৰ’লজিষ্ট ডাঃ নিবেদিতা ছাই চন্দ্ৰৰ সৈতে বাৰ্তালাপত মিলিত হৈছিলো আৰু এই বাৰ্তালাপত চিকিৎসকগৰাকীয়ে কয় যে, এই পৰিৱৰ্তন কেৱল ৰোগ নিৰ্ণয়ৰ সুবিধা উন্নত হোৱাৰ বাবেই নহয়, বৰঞ্চ আমাৰ জীৱনশৈলী, মানসিক চাপ, আৰু স্বাস্থ্য সম্পৰ্কীয় অমনযোগিতাৰ ফল ৷

  • সময়ৰ পূৰ্বে আৰম্ভ হৈছে বিপাকীয় সমস্যা (Metabolic Risks)

আজিকালি পূৰ্বতকৈ কম বয়সৰ লোকৰ মাজত উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আদি সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷ দীঘলীয়া সময় বহি কাম কৰা, জাংক ফুড খোৱা, নিদ্ৰাৰ অভাৱ, ব্যায়াম কৰাত অৱহেলা আদিয়ে এই পৰিস্থিতি আৰু অধিক বেয়া কৰি তুলিছে ৷ বৰ্তমানৰ যুৱক-যুৱতীসকলে প্ৰায়ে এই প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ কৰে যেতিয়ালৈকে ই কোনো ডাঙৰ সমস্যা যেনে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ ৰূপ নলয় ৷

  • মানসিক চাপ আৰু নিদ্ৰাৰ অভাৱ হৈ পৰিছে প্ৰধান কাৰণ

ব্যস্ততাৰে ভৰা জীৱনশৈলী, ৰাতি উজাগৰে থাকি কাম কৰা, অনবৰতে লেপটপ, ম’বাইল ফোনৰ সৈতে ব্যস্ত থকা, মানসিক চাপ আদিয়ে যুৱক-যুৱতীসকলৰ নিদ্ৰা আৰু মানসিক ভাৰসাম্য দুয়োটাতে প্ৰভাৱ পেলাইছে ৷ দীৰ্ঘদিনীয়া মানসিক চাপে শৰীৰত কৰ্টিছলৰ দৰে হৰম’ন বৃদ্ধি কৰে, যাৰ ফলত ৰক্তবাহী নলীৰ ক্ষতি হয় ৷ নিদ্ৰাৰ অভাৱে এই বিপদ আৰু অধিক বৃদ্ধি কৰে, যাৰ ফলত মগজুলৈ ৰক্ত সঞ্চালনৰ প্ৰক্ৰিয়া অসন্তুলিত কৰি তোলে ৷

  • বিপজ্জনক নিকোটিন, ড্ৰাগছ, আৰু এনাৰ্জী ড্ৰিংকৰ সেৱন

ধূমপান আৰু ভেপিঙৰ দৰে অভ্যাসে ৰক্তবাহী নলীৰ দেৱালখনক দুৰ্বল কৰি তোলে আৰু তেজ গোট খোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ কোকেইন আৰু এম্ফেটামাইনৰ দৰে নিচাযুক্ত পদাৰ্থৰ ফলত হঠাৎ ৰক্তচাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত মগজুৰ ৰক্তক্ষৰণ হ’ব পাৰে ৷ আনকি এনাৰ্জি ড্ৰিংকছ আৰু অত্যধিক সুৰাপানেও শৰীৰৰ শিৰাত হেঁচা প্ৰয়োগ কৰে ৷

  • হৰম’ন আৰু চিকিৎসা কাৰকো হ’ব পাৰে কাৰণ

যুৱতীসকলৰ হৰম’নৰ পৰিৱৰ্তন, জন্ম নিয়ন্ত্ৰণৰ বড়ি বা আইভিএফ চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰা হৰম’ন আদিয়েও বিশেষকৈ ধূমপান কৰিলে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ তদুপৰি কিছুমান অটোইম্যুন ৰোগ যেনে লুপাছ বা ক্লটিং ডিছঅৰ্ডাৰ এতিয়া কম বয়সীয়া ৰোগীৰ ক্ষেত্ৰত অধিক প্ৰচলিত হৈছে ৷ শেহতীয়া বৰ্ষবোৰত ক’ভিড-১৯ সংক্ৰমণৰ পিছত তেজ জমা হোৱা আৰু প্ৰদাহৰ সৈতে জড়িত ক্ষেত্ৰতো ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷

  • উন্নত নিদান, কিন্তু এক চিন্তনীয় সত্য

এম আৰ আই আৰু চি টি এঞ্জিঅ’গ্ৰাফীৰ দৰে উন্নত প্ৰযুক্তিৰ সহায়ত এতিয়া পূৰ্বৰ তুলনাত দ্ৰুতগতিত ষ্ট্ৰোক ধৰা পেলোৱাটো সহজ হৈ পৰিছে, কেতিয়াবা লক্ষণ দেখা দিয়াৰ ৩০ মিনিটৰ ভিতৰতে ষ্ট্ৰোক ধৰা পেলাব পৰা যায় ৷ কিন্তু চিন্তনীয় বিষয়টো হ’ল প্ৰকৃত ৰোগীৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ ফলত যুৱক-যুৱতীসকলৰ অক্ষমতা আৰু কৰ্ম কৰিবলৈ অসমৰ্থ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হৈছে ৷

  • প্ৰতিৰোধেই হৈছে সুৰক্ষাৰ শ্ৰেষ্ঠ উপায়

ষ্ট্ৰোক প্ৰতিৰোধৰ আৰম্ভণি সময়মতে পৰীক্ষা আৰু আত্ম-যত্নৰ পৰা হয় ৷ ৰক্তচাপ, ব্লাড চুগাৰ, কলেষ্টেৰল পৰীক্ষা কৰাটো এতিয়া কেৱল বৃদ্ধসকলৰ বাবেই নহয়, যুৱক-যুৱতীসকলৰ বাবেও অতিকৈ প্ৰয়োজনীয় ৷ সুষম খাদ্য, নিয়মীয়া ব্যায়াম, ধূমপান আৰু মদ্যপানৰ পৰা বিৰত থকা, পৰ্যাপ্ত টোপনি, মানসিক চাপ নিয়ন্ত্ৰণ এই সকলোবোৰ সৰু সৰু পদক্ষেপ যিয়ে ডাঙৰ ডাঙৰ ৰোগো নোহোৱা কৰিব পাৰে ৷ তদুপৰি ষ্ট্ৰোক কেৱল এতিয়া বৃদ্ধৰ ৰোগেই হৈ থকা নাই বৰঞ্চ যুৱক-যুৱতীসকলৰ বাবেও এক চিন্তাৰ বিষয় এই সন্দৰ্ভত সমাজত এক সজাগতা সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ ৷

উৎস

https://www.cdc.gov/stroke/signs-symptoms/index.html

লগতে পঢ়ক

  1. চেলুনত হেয়াৰ ৱাচ কৰাৰ সময়ত হওক সাৱধান! হ’ব পাৰে বিউটি পাৰ্লাৰ ষ্ট্ৰোক চিণ্ড্ৰম
  2. পুৰুষ নে মহিলা ? কাৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক
  3. হাৰ্ট এটেক তথা ষ্ট্ৰোকৰ লক্ষণসমূহ আজিয়েই জানি লওক...