ETV Bharat / health

ছালৰ স্বাস্থ্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান মন্ত্ৰী অশোক সিংহলৰ

প্ৰতিবছৰে ৮ জুলাইত 'বিশ্ব চৰ্ম স্বাস্থ্য দিৱস' পালন কৰা হয় ।

World Skin Health Day
ছালখনৰ স্বাস্থ্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিব লাগিব (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 1:41 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: এগৰাকী ব্য়ক্তিৰ সুস্থতাৰ সৈতে ছালখনৰ স্বাস্থ্যও জড়িত হৈ থাকে । হয়তো বহুতে এয়া গৌণ বিষয় বুলিয়ে গণ্য় কৰে । সেয়েহে নিজৰ ছালখন কেনেদৰে সুস্থ কৰি ৰাখিব পাৰি জনসাধাৰণক সেইবিষয়ে সজাগ কৰিবলৈ প্ৰতিবছৰে ৮ জুলাইত 'বিশ্ব চৰ্ম স্বাস্থ্য দিৱস' পালন কৰি অহা হৈছে ।

নিজৰ ছালখন কেৱল ধুনীয়া কৰি ৰাখিলেই নহ'ব, ছালখনৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব প্ৰদান কৰিব লাগিব । এই আহ্বানেৰে বিশ্ব চৰ্ম স্বাস্থ্য দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্য়মত এটা পোষ্ট কৰি এই বিষয়ে জনসাধাৰণক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

এই দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে সকলোকে ছালৰ স্বাস্থ্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে । আজি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্য়ম এক্স'ত এই সন্দৰ্ভত এটা পোষ্ট কৰি কেইবাটাও পৰামৰ্শ আগবঢ়াইছে । নিতৌ ছালখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী সিংহলে এইদৰে পৰামৰ্শ আগবঢ়াইছে ।

সদায় ছালখন কমেও দুবাৰকৈ পৰিস্কাৰ কৰিব লাগে বুলি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । কেৱল সেয়াই নহয়, সমান্তৰালভাৱে ছালখন মসৃণ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিবলৈও এই পোষ্টটোত উল্লেখ কৰিছে । নিতৌ ছানষ্ক্ৰীণ ব্য়ৱহাৰ কৰিবলৈও কোৱা হৈছে । আনকি ডাৱৰীয়া বতৰতো এনে ছানষ্ক্ৰীণ ব্য়ৱহাৰ কৰিব লাগে । নিজৰ ছালখন সুস্থ কৰি ৰাখিবলৈ নিতৌ সুষম আহাৰৰ লগতে পৰ্যাপ্ত পৰিমাণে পানী সেৱন আৰু ভালদৰে টোপনি যোৱাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব ।

বিশ্ব চৰ্ম স্বাস্থ্য দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে এক্স'ত এইদৰে পোষ্ট কৰিছে, "সুস্থ ছাল মাথোন বহিঃ ৰূপ নহয়, ই সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতিফলন । সুস্থ ছালে কেনেদৰে সুস্থ জীৱনত সহায় কৰে সেই বিষয়ে বিশ্ব চৰ্ম স্বাস্থ্য দিবসত সজাক কৰিবলৈ চেষ্টা কৰা হৈছে । সুস্থ জীৱনৰ বাবে চৰ্মৰোগ কেনেকৈ ৰোধ কৰিব, আগেয়ে চিনাক্ত কৰাত গুৰুত্ব প্ৰদান আৰু সময়মতে চিকিৎসা কৰিব লাগিব ।"

লগতে পঢ়ক:বিশ্ব জুন'টিক দিৱস: ক’ভিড-১৯, জলাতংক, বাৰ্ড ফ্লুৰ মাজত আছে সাদৃশ্য়

গ্ৰীষ্মকালতেই দেখা দিছে শীতত হোৱা ফ্লুৰ লক্ষণ-বৃদ্ধি পাইছে চৰ্দি