ETV Bharat / health

এচিডিটি-বদহজম বুলি অৱহেলা নকৰিব, ডিম্বাশয়ৰ কৰ্কটো হ'ব পাৰে !

আজি বিশ্ব ডিম্বাশয়ৰ কৰ্কট দিৱস । এই ৰোগৰ লক্ষণক অৱহেলা কৰিলে কি হ'ব পাৰে জানিবলৈ পঢ়ক...

World Ovarian Cancer Day 2026
বিশ্ব ডিম্বাশয়ৰ কৰ্কট দিৱস (Getty Images)
author img

By ETV Bharat Assamese Team

Published : May 8, 2026 at 7:04 PM IST

5 Min Read
Choose ETV Bharat

প্ৰায়ভাগ মহিলাই চিষ্টৰ সমস্য়াত ভোগা দেখা যায় । কিছুমানে এয়া তেনেই সাধাৰণ ৰোগ বুলি ভাবি পলমকৈ চিকিৎসৰ ওচৰলৈ যায় । বেছিভাগ ক্ষেত্ৰতে এই চিষ্ট নিৰাপদ বাবে কেতিয়াবা ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি নাভাবে । অৱেশ্য়ে এইক্ষেত্ৰত লক্ষণসমূহ প্ৰায়ে অস্পষ্ট হৈ থাকে বাবে ইয়াক নিৰ্ণয় কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰে ।

আজি বিশ্ব ডিম্বাশয়ৰ কৰ্কট দিৱস । প্ৰতি বছৰে ৮ মে'ত এই দিৱস পালন কৰা হয় । ডিম্বাশয়ৰ কৰ্কট ৰোগ হৈছে বিশ্বৰ ভিতৰতে মহিলাৰ তৃতীয় সৰ্বাধিক কৰ্কট ৰোগ ৷ প্ৰায়ভাগ মহিলাই এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে অজ্ঞানতা বা অৱহেলা কৰা বাবে সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসা লাভ কৰিব পৰা নাই ৷

World Ovarian Cancer Day 2026
বিশ্ব ডিম্বাশয়ৰ কৰ্কট দিৱস (Getty Images)

এই দিৱস উপলক্ষে হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক তথা চিকিৎসা অংক’লজী বিভাগৰ মুৰব্বী ডাঃ সুধা সিনহাই ইটিভি ভাৰতক কয়, “ডিম্বাশয়ৰ কৰ্কট ৰোগ প্ৰায়ে পলমকৈ ধৰা পৰে । কাৰণ বহু মহিলাই লক্ষণসমূহ এচিডিটি, বদহজম বা মানসিক চাপ বুলি ভুল কৰে ।”

সৰল চিষ্ট বনাম জটিল চিষ্ট :

এই সন্দৰ্ভত ডাঃ সিনহাই কয় যে সাধাৰণ চিষ্টবোৰ প্ৰায়ে আল্ট্ৰাছাউণ্ডত পানীৰে ভৰা সৰু বুদবুদৰ দৰে দেখা যায় ; কিন্তু কিছুমান চিষ্ট অধিক জটিল যেন লাগে । এইবোৰক জটিল চিষ্ট বুলি কোৱা হয় ।" এই ক্ষেত্ৰত অধিক পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে বুলি ডাঃ সিনহাই কয় ।

চিকিৎসকসকল অধিক চিন্তিত হয় যদিহে:

  • চিষ্টত কেৱল তৰল পদাৰ্থৰ পৰিৱৰ্তে এটা কঠিন অংশ থাকে
  • চিষ্টৰ ভিতৰত একাধিক বিভাজন বা বেৰ থাকে
  • চিষ্টৰ অস্বাভাৱিক বৃদ্ধি হয়
  • চিষ্টলৈ তেজৰ যোগান বৃদ্ধি পায়
  • বিশেষকৈ চিষ্টটো ৫ চেঃমিৰ বেছি ডাঙৰ হয়

উল্লেখ্য় যে ৰেডিঅ’লজিষ্টসকলে এই বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰি ৰিস্ক স্ক’ৰ গণনা কৰে । সেই স্ক’ৰৰ ওপৰত ভিত্তি কৰি চিকিৎসকে সিদ্ধান্ত গ্ৰহণ কৰে চিষ্টটো কেৱল নিৰীক্ষণ কৰিব পাৰি নেকি বা অস্ত্ৰোপচাৰ আৰু অধিক পৰীক্ষাৰ প্ৰয়োজন আছে নেকি ।

World Ovarian Cancer Day 2026
বিশ্ব ডিম্বাশয়ৰ কৰ্কট দিৱস (Getty Images)

উচ্চ CA-125 পৰীক্ষাৰ অৰ্থ কৰ্কট নেকি ?

বহু মহিলাই তেওঁলোকৰ CA-125 ৰ মাত্ৰা বেছি বুলি শুনাৰ লগে লগে আতংকিত হৈ পৰে । এই প্ৰসংগত ডাঃ সিনহাই কয় যে কেৱল এইধৰণৰ তেজৰ পৰীক্ষাৰ দ্বাৰা ডিম্বাশয়ৰ কৰ্কট ৰোগ নিশ্চিত কৰিব নোৱাৰি। CA-125 মূলতঃ ইতিমধ্যে ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু চিকিৎসা বা অনুসৰণমূলক যত্ন লোৱা মহিলাসকলক নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় । CA-125 ৰ মাত্ৰা বেছি হোৱাৰ অৰ্থ স্বয়ংক্ৰিয়ভাৱে কৰ্কট নহয় । চিকিৎসকে ৰোগ নিৰ্ণয় কৰাৰ পূৰ্বে সম্পূৰ্ণ ছবিখন (লক্ষণ, আল্ট্ৰাছাউণ্ডৰ তথ্য, বয়স, ৰজোনিবৃত্তিৰ অৱস্থা আৰু তেজৰ পৰীক্ষা) ভালদৰে জানি লয় ।

প্ৰাৰম্ভিক লক্ষণসমূহ :

  • পেট ফুলা
  • এচিডিটি বা ৰিফ্লেক্স
  • অলপ খোৱাৰ পিছত পেট ভৰা অনুভৱ হয়
  • বদহজম
  • সঘনাই প্ৰস্ৰাৱ কৰা
  • পেলভিক অস্বস্তি
  • পেটত গধুৰ অনুভৱ হোৱা

এই লক্ষণসমূহ সাধাৰণ হোৱাৰ বাবে বহু মহিলাই ইয়াক আওকাণ কৰে । তদুপৰি এয়া খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে হোৱা বুলি ভাবে বুলি উল্লেখ কৰি ডাঃ সিনহাই কয়, “আমি মচলাযুক্ত খাদ্য গ্ৰহণ কৰো । বহু মহিলাই এয়া জীৱনশৈলীজনিত অস্বস্তি বুলি ভাৱে । চিকিৎসকে কয় যে মহিলাসকলে মনত ৰখা উচিত এটা সহজ নিয়ম আছে যে যদি কোনো লক্ষণ দুসপ্তাহতকৈও অধিক সময় থাকে আৰু ভাল হোৱা নাই তেন্তে ইয়াৰ চিকিৎসাৰ মূল্যায়নৰ প্ৰয়োজন । এয়া কৰ্কট নহ’বও পাৰে। ই আন এটা চিকিৎসাযোগ্য অৱস্থা হ’ব পাৰে; কিন্তু ইয়াক আওকাণ কৰা উচিত নহয়।

ৰজোনিবৃত্তিৰ পিছত ডিম্বাশয়ৰ চিষ্ট দেখা দিলে চিকিৎসকসকল বিশেষভাৱে সতৰ্ক হোৱা দেখা যায় । ৰজোনিবৃত্তিৰ পিছত সাধাৰণতে ডিম্বাশয় সংকুচিত হৈ নিষ্ক্ৰিয় হয় । লেইবাবে কোনো ৰজোনিবৃত্তিৰ পিছৰ মহিলাৰ ডিম্বাশয়ৰ ডাঙৰ ডাঙৰ ডিম্বাশয়, জটিল চিষ্ট বা উচ্চ CA-125 থকা ডিম্বাশয়ৰ ক্ষত হয়... তেন্তে কৰ্কটৰ আংকা বেছি হয় আৰু অস্ত্ৰোপচাৰৰে মূল্যায়ন কৰাটো বাঞ্ছনীয়।

ডিম্বাশয়ৰ কৰ্কট ৰোগ সম্পৰ্কে ভ্ৰান্ত ধাৰণা :

ডাঃ সিনহাৰ মতে, বহু মহিলাই বিশ্বাস কৰে যে ডিম্বাশয়ৰ কৰ্কট কেৱল পাৰিবাৰিক ইতিহাস থাকিলেহে হয়। চিকিৎসকগৰাকীয়ে কয়, “অৱশ্যে আমাৰ ৯০%তকৈ অধিক ৰোগীৰ ক্ষেত্ৰত ডিম্বাশয়ৰ কৰ্কটৰ কোনো পাৰিবাৰিক ইতিহাস নাই। আন এটা বিষয় হ’ল মহিলাসকলে প্ৰায়ে নিজৰ স্বাস্থ্যতকৈ আনৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে। তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যোৱাত পলম কৰে ,কাৰণ তেওঁলোকে পৰিয়ালৰ সদস্যক অসুবিধা দিব নিবিচাৰে । তেওঁলোকে সহায় বিচৰাৰ সময়লৈকে হয়তো ইতিমধ্যে ৰোগটোৱে শৰীৰত খোপনি পুতিছে ।

ডিম্বাশয়ৰ চিষ্ট মানেই বিপদজনক নহয় :

২০২৬ চনৰ বিশ্ব ডিম্বাশয়ৰ কৰ্কট ৰোগ দিৱসত চিকিৎসকে গুৰুত্ব প্ৰদান কৰি কয় যে প্ৰতিটো ডিম্বাশয়ৰ চিষ্ট বিপদজনক নহয় । বহুতো নিৰাপদ আৰু নিজাববীয়াকৈ নোহোৱা হৈ যায়; কিন্তু স্থায়ী লক্ষণ, জটিল চিষ্ট আৰু অস্বাভাৱিক পৰিৱৰ্তন সদায় পৰীক্ষা কৰিব লাগে ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:এইচপিভি কি ? কেনেকৈ পৰিত্ৰাণ পাব এইবিধ ভাইৰাছৰ পৰা ?

শৰীৰৰ এই ছটা অংগত কেন্সাৰে পোন প্ৰথমে বাহ লয়; বিশ্ব স্বাস্থ্য় সংস্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন