বিশ্ব মহ দিৱস ২০২৬ :গোলকীয় প্ৰভাৱৰ বাবে মহৰ দ্বাৰা বিয়পা ৰোগ বৃদ্ধি
মধ্য় এছিয়াৰ পৰা আৰম্ভ কৰি আফ্ৰিকালৈ সকললোতেই মহৰ দ্বাৰা বিয়পা ৰোগৰ প্ৰাদুৰ্ভাৱ । সজাগতা বৃদ্ধিৰ বাবে ২০ আগষ্টত পালন কৰা হয় এই দিৱস ।

Published : August 20, 2026 at 7:02 AM IST
নয়ন কুমাৰ শৰ্মা
গুৱাহাটী : মানুহৰ গাত মহটো পৰাৰ লগে লগে খেদি দিয়ে, অথবা মাৰি পেলায় । এই দুয়োটাই নহ'লে তেজ শুহি মহটো উৰি যায় । আমাৰ চাৰিওফলে এই প্ৰক্ৰিয়াটো অনবৰতে চলি থাকে যদিও বিশেষ গুৰুত্ব প্ৰদান নকৰো । অৱশ্যে যেতিয়াই কোনো এটা অঞ্চলত মহৰ দ্বাৰা বিয়পা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াই সকলোৱে সতৰ্ক হয় ।
বিশ্বৰ বিভিন্ন প্ৰান্তত মহৰ দ্বাৰা বিয়পা ৰোগৰ প্ৰাদুৰ্ভাৱে সকলোকে চিন্তিত কৰিছে । কাৰণ এই ৰোগত আক্ৰান্তৰ লগতে মৃত্যু হোৱাৰ সংখ্য়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । মধ্য় এছিয়াৰ পৰা আৰম্ভ কৰি আফ্ৰিকালৈ সকললোতেই এই প্ৰভাৱ দেখা যায় । মহৰ দ্বাৰা বিয়পা ৰোগ সম্পৰ্কে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰিবলৈ প্ৰতি বছৰে ২০ আগষ্টত পালন কৰা হয় 'বিশ্ব মহ দিৱস'।

বিশ্ব মহ দিৱসৰ আঁৰত :
প্ৰতি বছৰে ২০ আগষ্টত পালন কৰা হয় এই দিৱস । ১৮৯৭ চনত ব্ৰিটিছ চিকিৎসক ছাৰ ৰ'ণাল্ড ৰছে মাইকী এনোফেলিন মহে মানুহৰ মাজত মেলেৰিয়া সংক্ৰমিত কৰা বুলি আৱিষ্কাৰ কৰিছিল । সেয়েহে এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ এই দিৱস পালন কৰা হয় । সংক্ৰমণকাৰী মহৰ আৱিষ্কাৰৰ পূৰ্বে এই ৰোগৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ উপায় আছিল তেনেই সীমিত । কুইনাইন আৱিষ্কাৰে চিকিৎসাৰ সমস্যাটো উপশম ঘটায় । এটা সমীক্ষা অনুসৰি ১৯ শতিকাত বিশ্বৰ প্ৰায় আধা জনসংখ্যা মেলেৰিয়াৰ আশংকাত ভুগিছিল । আক্ৰান্তসকলৰ ভিতৰত ১০%ৰ মৃত্যু হৈছিল । সেয়েহে এই দিনটোৰ নামকৰণৰ ক্ষেত্ৰত ৰছে নিজেই ২০ আগষ্টক 'মহ দিৱস' হিচাপে উদযাপন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল । ২০২৬ চনৰ বিশ্ব মেলেৰিয়া দিৱসৰ মূল শ্লোগান হৈছে "মেলেৰিয়া শেষ কৰিবলৈ পৰিচালিত: এতিয়া আমি কৰিব পাৰো । এতিয়া আমি কৰিব লাগিব ।"
মহৰ দ্বাৰা বিয়পা ৰোগ কিয়ৎ বৃদ্ধি পাইছে ?
আজিকালি মহৰ দ্বাৰা বিয়পা ৰোগৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে । বিশ্বৰ প্ৰায়ভাগ অঞ্চলতেই এই ছবিখন দেখিবলৈ পোৱা যায় । এই সন্দৰ্ভত প্ৰাগজ্য়োতিষ চিকিৎসা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ তথা জ্যেষ্ঠ শৈল্য় স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্য়ই কয়, "এই ৰোগ বৃদ্ধিৰ ক্ষেত্ৰত বনাঞ্চল ধ্বংসৰ পৰা আৰম্ভ কৰি বিশ্বত জলবায়ুৰ পৰিৱৰ্তন , দ্ৰুত নগৰায়ণ আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ আদিয়ে অন্য়তম কাৰণ হিচাপে চিহ্নিত হৈছে । পৰিৱেশ সলনি হ’লে মহে দ্ৰুতগতিত প্ৰজনন কৰে । লগে লগে নতুন ভৌগোলিক অঞ্চললৈ সম্প্ৰসাৰিত হোৱা দেখা যায় । গোলকীয় উষ্ণতা বৃদ্ধি পালে মহৰ বিপাকীয় ক্ৰিয়া ত্বৰান্বিত হয় । ইয়াৰ ফলত মহে সঘনাই কামোৰা আৰু তেজ দ্ৰুতগতিত হজম কৰিব পাৰে । উষ্ণতাৰ বাবে মহৰ ভিতৰত ভাইৰাছৰ ক্ৰমবিকাশ বা সুপ্ত অৱস্থা (ইনকিউবেচন)সময় হ্ৰাস পায় ।"
এইবোৰৰ উপৰি বৰষুণৰ পৰিৱৰ্তিত ধৰণো আন এক কাৰণ বুলি কোৱা হয় । কিয়নো মুষলধাৰ বৰষুণ, বানে স্থবিৰ পানীৰ সৃষ্টি কৰে । আনহাতে খৰাং হ'লে মানুহ মুকলি পাত্ৰত পানী জমা কৰাৰ ফলত বিকল্প প্ৰজনন স্থানৰ সৃষ্টি হয় । বিশ্বৰ প্ৰতিটো অঞ্চলত অপৰিকল্পিত চহৰ বৃদ্ধিৰ ফলত পানী নিষ্কাশন ব্যৱস্থাত সুচল হোৱা নাই । টায়াৰ আৰু বাল্টিৰ দৰে পাত্ৰত থকা পানী প্ৰজনন কৰা ইডিছ মহৰ বাবে পৰিৱেশ একেবাৰে উপযুক্ত হয় ।
এই ৰোগত আক্ৰান্তসকলে সঘনাই এটা অঞ্চলৰ পৰা আন এক ঠাইলৈ যোৱা বাবেও ঘণ্টাৰ ভিতৰতে ভাইৰাছ কঢ়িয়াই নিব পাৰে । জাহাজৰ সামগ্ৰী বিশেষকৈ ব্যৱহৃত টায়াৰৰ দ্বাৰা সঘনাই মহৰ কণী নতুন মহাদেশলৈ পৰিবহণ কৰা হয় । আন এক কাৰণ হৈছে মহৰ কীটনাশক প্ৰতিৰোধ ক্ষমতা ।

মেলেৰিয়া
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য় অনুসৰি বিশ্বত বছৰি মেলেৰিয়াৰ ফলত ৮০খন দেশত আনুমানিক ২৮২ নিযুত লোক আক্ৰান্ত হয় । আনহাতে ৬১০,০০০ লোকৰ মৃত্যু হয় । আফ্ৰিকান অঞ্চলত এই ৰোগী আৰু মৃত্যুৰ হাৰ ৯৫ শতাংশ । ইয়াৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ মাজত আটাইতকৈ গুৰুতৰ জটিলতা আৰু মৃত্যুৰ হাৰ সৰ্বাধিক ।
মেলেৰিয়াত আক্ৰান্ত বহু দেশত ই মৃত্যুৰ প্ৰধান কাৰণ । যোৱা দশকৰ ভিতৰত মেলেৰিয়া নিয়ন্ত্ৰণৰ প্ৰচেষ্টা দ্ৰুতগতিত বৃদ্ধি হৈছে । নতুন মেলেৰিয়া প্ৰতিৰোধ প্ৰযুক্তিৰ বিকাশে বিশ্বজুৰি লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে । ২০১০ চনৰ পৰা ২০২০ চনলৈকে মেলেৰিয়াৰ মৃত্যুৰ হাৰ ৩৬% হ্ৰাস পাইছে ।
আফ্ৰিকাৰ পিচতেই ভাৰতত ইয়াৰ জটিল ছবিখন দেখিবলৈ পোৱা যায় । নেচনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰলে এনে ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ নেতৃত্ব প্ৰদান কৰি আহিছে । ২০১৫ চনৰ পৰা মেলেৰিয়া ৰোগী আৰু মৃত্যুৰ হাৰ ৮০% তকৈ অধিক হ্ৰাস পাইছে । দেশৰ ১২২খনতকৈও অধিক জিলাত শূন্য ৰোগীৰ ৰিপ'ৰ্ট লাভ কৰা হৈছে । ভাৰতে ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয়ভাৱে নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ভাৰতত মেলেৰিয়াৰ উচ্চ আশংকা থকা ৰাজ্য়কেইখন হৈছে অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিম বংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰায় ২০০ খন জিলা ।
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক স্বাস্থ্য প্ৰতিবেদনৰ (২০১৮-২০২২) সংকলিত শেহতীয়া পাঁচ বছৰীয়া বিশ্লেষণত ভাৰতৰ মহৰ বাবে হোৱা ৰোগৰ তথ্য়ত যথেষ্ট পৰিৱৰ্তন পৰিলক্ষিত হৈছে । মেলেৰিয়া ৰোগীৰ সংখ্যা প্ৰায় ৬০% হ্ৰাস পাইছে । ২০১৮ চনত ৪.৩০ লাখৰ পৰা ২০২২ চনত ১.৭৪ লাখলৈ হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ৯৬ৰ পৰা ৬৪লৈ হ্ৰাস পাইছে । আনহাতে ২০২২ চনত সৰ্বাধিক মেলেৰিয়া হোৱা ৰাজ্য়খন হৈছে- পশ্চিম বংগ (৪০,৫৬৩টা), ছত্তীশগড় (৩০,০২৮), ওড়িশা (২৩,৭৭০), ঝাৰখণ্ড (১৯,১২৯), মহাৰাষ্ট্ৰ (১৫,৪৩৭), ত্ৰিপুৰা (১২,৭৭১), মিজোৰাম (১০,২২২), উত্তৰ প্ৰদেশ (৭,০৩৯), গুজৰাট (৪,৭৬৬) আৰু মধ্যপ্ৰদেশ (৩,৭১৯)।
মেলেৰিয়া বিশ্বৰ অন্যতম ভয়াৱহ জনস্বাস্থ্য সমস্যা । বহু উন্নয়নশীল দেশত ই মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰণ । ২০২৩ চনৰ বিশ্ব মেলেৰিয়া প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰায় আধা জনসংখ্যাই ৮৫খন দেশ আৰু ভূখণ্ডত মেলেৰিয়া সংক্ৰমণৰ আশংকা থকা অঞ্চলত বাস কৰে । ২০২৪ চনত ৪৭ দেশসমূহ মেলেৰিয়ামুক্ত বুলি বিশ্ব স্বাস্থ্য় সংস্থাই ঘোষণা কৰিছে ।

এনকেফেলাইটিছ
বিশ্ব স্বাস্থ্য় সংস্থাৰ তথ্য় মতে, বিশ্বত বছৰি ১৫ লাখ লোক এনকেফেলাইটিছত আক্ৰান্ত হয় । প্ৰতি ২০ ছেকেণ্ডৰ মূৰে মূৰে কোনোবা এজনৰ এই ৰোগ ধৰা পৰে । সজাগতা সৃষ্টিৰ পিচতো বিশ্বৰ ৭৭ শতাংশ লোক এনকেফেলাইটিছৰ বিষয়ে সম্পূৰ্ণ অচিনাকি হৈয়েই আছে । এই ৰোগৰ কিছুমান বিশেষ ধৰণৰ বাবে মৃত্যুৰ হাৰ ৪০% পৰ্যন্ত হোৱাত স্বাস্থ্য সংস্থাসমূহে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ।
জাপানীজ এনকেফেলাইটিছ ভাইৰেলত আক্ৰান্ত প্ৰথমজন ৰোগী ১৮৭১ চনত জাপানত নথিভুক্ত কৰা হৈছিল । জাপানীজ এনকেফেলাইটিছ ভাইৰাছ ডেংগু, হালধীয়া জ্বৰ আৰু পশ্চিম নীল ভাইৰাছৰ সৈতে জড়িত ফ্লেভিভাইৰাছ আৰু ই মহৰ দ্বাৰা বিয়পে । এই ভাইৰাছ ১৫০০ৰ দশকত ইণ্ডোনেছিয়া-মালয়েছিয়াত কোনো ভাইৰাছৰ বিৱৰ্তনৰ ফলত উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয় । পৰৱৰ্তীকালত ই ৫ বিধ ভিন্ন জিন'টাইপলৈ বিৱৰ্তিত হৈ এছিয়া মহাদেশত বিয়পি পৰে ।
ভাৰতত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰম্ভিক প্ৰমাণ ১৯৫২ চনত কৰা অধ্যয়নৰ জৰিয়তে পোৱা গৈছিল । ১৯৭৩ চনত পশ্চিমবংগৰ বাংকুৰা জিলাত প্ৰাদুৰ্ভাৱ ঘটে । তেতিয়াৰ পৰাই ভাৰতৰ প্ৰায় প্ৰতিটো প্ৰান্ততে এই ভাইৰাছ সক্ৰিয় হৈ থকা দেখা গৈছে । ভাৰতৰ অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, তামিলনাডু, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ আদি আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্য ।
চৰকাৰী তথ্য়মতে, ২০২০-২১ চনত অসমত ৬০০ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল । ইয়াৰ বিপৰীতে ২০২২-২৩ চনত ৫৫০ গৰাকী আক্ৰান্ত হৈছে । আনহাতে ২০২৫ চনত এই ৰোগত ৩০০ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৯ গৰাকীৰ মৃত্য়ু হয় । ২০২২-২৩ চনত অসমত জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ আৰম্ভ হোৱা বাবে এই সংখ্যা বিগত দুবছৰত হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে ।
জাপানীজ এনকেফেলাইটিছৰ লক্ষণ -অতিপাত জ্বৰ ,প্ৰচণ্ড মূৰৰ বিষ ,অপ্ৰাসংগিক কথা-বতৰা ,সংজ্ঞাহীন হোৱা,অস্বাভাৱিক কঁপনি ,শুদ্ধকৈ কথা ক'ব নোৱাৰা আদি ।

চিকুণগুনিয়া
মহৰ দ্বাৰা বিয়পা আন এবিধ ৰোগ হৈছে চিকুণগুনিয়া । ইউৰোপিয়ান চেণ্টাৰ ফৰ ডিজিজ প্ৰিভেনচন এণ্ড কণ্ট্ৰ’ল (ইচিডিচি)২০২৬ চনত বিশ্বৰ ২৫খন দেশত ২১৯,৫২২ জন চিকুণগুনিয়াত আক্ৰান্ত হৈছে । তদুপৰি ৮১ জন লোকৰ মৃত্যু হৈছে । আমেৰিকাত এই ৰোগৰ যথেষ্ট প্ৰভাৱ পৰিছে । বিশ্বৰ ২৫খন দেশে এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ।
ভাৰতত ক্লিনিকেলভাৱে সন্দেহযুক্ত চিকুণগুনিয়াত আক্ৰান্তৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে । ২০১৮ চনত ৫৭,৮১৩ৰ পৰা ২০২২ চনত ১.৩৮ লাখলৈ বৃদ্ধি পাইছে । ২০২২ চনত শীৰ্ষ চিকুণগুনিয়া ৰাজ্যসমূহ হ’ল কৰ্ণাটক (৬৩,৫৪৯), গুজৰাট (২০,৮৫৪), মেঘালয় (১৪,৫৬৯), পুডুচেৰী (১১,৪৪০), তেলেংগানা (৬,৬০৮), মধ্যপ্ৰদেশ (৪,২৯২), হাৰিয়ানা (২,৪২৫), ঝাৰখণ্ড (২,১১৩), উত্তৰাখণ্ড (২,০০০) আৰু ছিকিম (১,৮৮৩)।
পেন আমেৰিকান হেল্থ অৰ্গেনাইজেশ্যনে (পিএএইচঅ') মহামাৰী বিজ্ঞানে সতৰ্কবাণী জাৰি কৰিছে । কাৰণ শেহতীয়াকৈ ভাইৰাছৰ ইতিহাস নথকা অঞ্চলতো সংক্ৰমণ হ'বলৈ ধৰিছে । আফ্ৰিকাৰ লগতে পূব ভূমধ্যসাগৰীয় আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ কিছু অংশত ইয়াৰ প্ৰভাৱ দেখা যায় ।
নেচনেল চেণ্টাৰ ফৰ ভেক্টৰ-বৰ্ণ ডিজিজ কণ্ট্ৰলৰ মতে , চিকুণগুনিয়াৰ লক্ষণ সাধাৰণতে সংক্ৰমিত মহে কামোৰাৰ তিনিৰ পৰা সাত দিনৰ পিছত দেখা দিয়ে । জ্বৰ আৰু গাঁঠিৰ বিষ হৈছে চিকুণগুনিয়া ভাইৰাছৰ আটাইতকৈ সাধাৰণ লক্ষণ । লক্ষণসমূহৰ তীব্ৰতা ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে । বহুতে গাঁঠিৰ তীব্ৰ বিষ অনুভৱ কৰে । সাধাৰণতে হঠাতে জ্বৰ আৰম্ভ হয় । আন লক্ষণসমূহ হ’ব পাৰে:মূৰৰ বিষ,পেশীৰ বিষ,ফুলা গাঁঠি,ছালৰ ফোহা,ভাগৰ অনুভৱ আদি ।
জিকা ভাইৰাছ
বিশ্ব স্বাস্থ্য় সংস্থাৰ তথ্য় অনুসৰি, ২০২৬ চনৰ মাজভাগলৈকে ৯৭ খন দেশত জিকা ভাইৰাছৰ সংক্ৰমণ নথিভুক্ত কৰা হৈছে । আমেৰিকা, এছিয়া-পেচিফিক আৰু আফ্ৰিকাৰ কিছু অংশত সংক্ৰমণ অব্যাহত আছে । মহামাৰীৰ শীৰ্ষ বছৰৰ তুলনাত বিশ্বব্যাপী ৰোগীৰ সংখ্যা বহু কম প্ৰাদুৰ্ভাৱৰ হাৰত আছে । কিয়নো ৮০%ৰ পৰা ৯০% সংক্ৰমণ লক্ষণবিহীন । ২০২৬ চনৰ মাজভাগলৈকে বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই কোনো সক্ৰিয়, উচ্চ সতৰ্ক, বিশ্ব ভ্ৰমণ স্বাস্থ্য জাননী প্ৰকাশ কৰা নাই ।
ভাৰতত ২০১৬ চনৰ পৰা একাধিক ৰাজ্যত জিকা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে । গুজৰাট, তামিলনাডু, মধ্যপ্ৰদেশ, ৰাজস্থান, কেৰালাম, উত্তৰ প্ৰদেশ, দিল্লী আৰু-বা চুবুৰীয়া অঞ্চলত ৰোগীৰ সংখ্যা লিপিবদ্ধ কৰা হৈছে । জিকা ভাইৰাছত আক্ৰান্ত বেছিভাগ মানুহৰে কোনো লক্ষণ দেখা নাযায় । কামোৰৰ ৩ৰ পৰা ১৪ দিনৰ পিছত আৰম্ভ হোৱা মাত্ৰ মৃদু লক্ষণহে দেখা যায় ৷
ডেংগুৰ আতংক
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য়মতে, ২০২৬ চনৰ জানুৱাৰীৰ পৰা ৮৯খন দেশত প্ৰায় ১৬ লাখ লোক ডেংগুত আক্ৰান্ত হৈছে । তদপৰি ৭০০ৰো অধিক লোকৰ মৃত্যু হৈছে । ২০২৪ আৰু ২০২৫ চনত দেখা অভিলেখ ভংগকাৰী সংখ্যাতকৈ কম হ’লেও আমেৰিকাত এই সংখ্য়া বেছি হৈয়ে আছে । আমেৰিকাত ১৩ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে ।

এতিয়াও ডেংগু ভাৰতৰ আটাইতকৈ মহৰ দ্বাৰা সংক্ৰমিত ৰোগ হৈয়ে আছে । ২০১৮ চনত ৰাষ্ট্ৰীয় ৰোগীৰ সংখ্যা ১.২৪ লাখৰ পৰা ২০১৯ চনত ২.০৫ লাখলৈ বৃদ্ধি পাইছে । আনহাতে ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত ৪৪,৫৮৫ লৈ তীব্ৰভাৱে হ্ৰাস পাইছিল । ইপিনে, ২০২১ চনত ১.৯৩ লাখলৈ বৃদ্ধি পাইছে আৰু ২০২২ চনত ১.৬৭ লাখ হয় ।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য় অনুসৰি ২০২৫ চনৰ জুলাইৰ পৰা ২০২৬ চনৰ জুলাইলৈকে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ডত ডেংগুৰ ৰোগৰ তথ্য পোৱা গৈছে । ২০২৬ চনৰ ৩১ জুলাই পৰ্যন্ত বাংলাদেশত ১৫ ৩১০ জন আক্ৰান্ত হৈছে । ২০২৬ ৰ জুলাইত মুঠ ৰোগীৰ সংখ্যা ৯ ২০৬ হোৱাৰ বিপৰীতে ২০২৬ চনৰ জুনত ২ ৯০৭ জন ধৰা পৰিছে । ২০২৬ চনৰ জুন পৰ্যন্ত ভাৰতত ২২ ৯৩৮ জন আক্ৰান্ত হৈছে । আনহাতে ২০২৬ চনৰ আৰম্ভণিৰ পৰা ফ্ৰান্স হৈছে একমাত্ৰ ইউৰোপীয় দেশ যিয়ে ডেংগু সংক্ৰমণৰ কোনো তথ্য় প্ৰকাশ কৰা নাই ।
২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতত ৬,৩৬,২০৪ জন ডেংগু আক্ৰান্ত আৰু ৮৭৭ জনৰ মৃত্যু হৈছে ৷ দেশত ২০২৩ চনত ২,৮৯,২৩৫ জন আক্ৰান্ত আৰু ৪৮৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২৪ চনত ২,৩৩,৫১৯ জন আক্ৰান্ত আৰু ২৯৭ জনৰ মৃত্যু হয় । ইয়াৰ বিপৰীতে ২০২৫ চনত ১,১৩,৪৫০ জন লোক আক্ৰান্ত হোৱাৰ লগতে ৯৫ জনৰ মৃত্যু হৈছে ।
লগতে পঢ়ক:বাৰিষাৰ স্বাস্থ্য় অভিযান : ডেংগুৰ উত্থান; মেলেৰিয়া- কলাজ্বৰ হ্ৰাস পোৱাৰ বিপৰীতে এনচিডি বৃদ্ধি
নিদ্ৰাহীনতাঃ শৰীৰ-মনৰ পৰা দেশৰ অৰ্থনীতিলৈ প্ৰত্য়াহ্বান
আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

